
দুখন ফটোত দেখা গৈছে যে মেক্সিকোৰ ৰাজনৈতিক নেতা এন্টোনিও গাৰ্ছিয়া কোনেজোই সদনৰ মজিয়াত অন্তৰ্বাস পিন্ধি দেহৰ সকলো বস্ত্ৰ পৰিত্যাগ কৰিছে। ফটোকেইখন এই দাবীৰে ভাইৰেল কৰা হৈছে যে দেশখনৰ একাংশ নেতাই দৰিদ্ৰৰ ধন হৰলুকি কৰি নিজৰ উদৰ পুৰোৱাৰ বাবে সেইসকল নেতাক লাজ দিয়াৰ বাবে ৰাজনৈতিক নেতাজনে এই পন্থা হাতত লৈছে।
অসমতো ছ’চিয়েল মিডিয়াত এই ফটো ভাইৰেল হৈ পৰিছে। তেনেকুৱা এটা পোষ্ট ২০২০ চনৰ ১৫চেপ্তম্বৰত ‘অসমীয়া ভাই’ নামৰ ফেচবুক একাউন্ট এটাৰ পৰা ১১ বাজি ৩২ মিনিটত শ্বেয়াৰ কৰা হৈছিল আৰু লিখা হৈছিল -“মেক্সিকোৰ এজন সাংসদ এণ্টনিও গাৰ্চিয়ে সংসদত তেওঁৰ শৰীৰৰ কাপোৰ খুলি দিয়ে আৰু তেওঁ কয় যে আপোনালোকে মোক উলংগ দেখি লজ্জিত, কিন্তু আপোনালোকৰ মৰমৰ দেশখনৰ হাজাৰ হাজাৰ ল’ৰা ছোৱালীয়ে কাপোৰ পিন্ধিব পৰা নাই, হাজাৰ হাজাৰ ল’ৰা ছোৱালীয়ে খাৱ পৰা নাই , আৰু নিবনুৱা সকলক চাই আপোনালোকৰ লাজ লগা নাই নে। আপোনালোকে তো ৰাইজৰ টকাৰে এই ৰাজকীয় জীৱন নিৰ্বাহ কৰি আছে লগতে আপোনালোকৰ পৰিয়ালে ও এই সুবিধা উপভোগ কৰি আছে।“

Original Link- Facebook | Archived Link
আমি এই তথ্য লাভ কৰা লৈকে পোষ্টটোত ৫৪০টা ৰিয়েকছন, ৫২টা কমেন্ট আৰু ১২৩টা শ্বেয়াৰ হৈছিল।
একেই কেপছন লৈ ১৫চেপ্তেম্বৰতেই ৮বাজি ০২ মিনিটত ফেচবুক পেজ ‘I News’তো ফটোখন শ্বেয়াৰ কৰা হৈছিল। সেই পোষ্টটোত ১০০০ ৰিয়েকছন, ১৫১টা কমেন্ট হৈছে আৰু আমি তথ্য লাভ কৰালৈকে পোষ্টটো ৪৩৩বাৰ শ্বেয়াৰ কৰা হৈছিল।

Original Link- Facebook | Archived Link
কিন্তু এই দাবী সত্য নে?
ফেক্ট ক্ৰেছেণ্ডোৱে লাভ কৰা তথ্য মতে সেই ফটোখনত আছলতে কোনেজোৱে মোক্সিকোৰ কংগ্ৰেছত দেশখনত হবলগীয়া ঐতিহাসিক শক্তি বিধেয়কখন গৃহিত কৰাৰ বিৰোধিতা কৰিছে, যি বিধেয়ক মৰ্মে দেশখনৰ তেল আৰু গেছ খণ্ডত বিদেশী বিনিয়োক আৰু ব্যক্তিগত কোম্পানীৰ দখল আহিব।
সত্যতা নিৰূপন পদ্ধতি
আমি ভাইৰেল হোৱা ফটোদুখনৰ এখন ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চাইছিলো। তাত দেখুৱাইছিল যে সেই ফটোখন ইন্টাৰনেটত ২০১৩ চনৰে পৰা আছে আৰু সেই ঘটনা মেক্সিকোৰ কংগ্ৰেছত সংঘটিত হৈছিল। আমি সেই নাটকীয় ঘটনাৰ বাতৰিৰ বিৱৰণেৰে ২০১৩ চনৰ ডিচেম্বৰতে প্ৰকাশ হোৱা কিছু প্ৰৱন্ধ লাভ কৰিছিলো। Original Link- Search Results
WSJ ই ২০১৩ চনৰ ১২ ডিচেম্বৰত প্ৰকাশ কৰা এটা লেখা মতে মেক্সিকোৰ কংগ্ৰেছত ৰাজ্যৰ অধিনৰ অইল ফাৰ্ম Pemex (Petróleos Mexicanos)ৰ ৭৫ বছৰীয়া আধিপত্যৰ অৱসান ঘটাই শক্তি বিধেয়কত ভোট দিয়াৰ পৰিপ্ৰেক্ষিতত সেই পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

Original Link- Wall Street Journal | Archived Link
১৯৩৮চনৰ পৰা প্ৰথমবাৰৰ বাবে ব্যক্তিগত ফাৰ্মসমুহে পেমেক্সৰ সৈতে লগ লাগি গেছ আৰু তেল খনন আৰু সন্ধানৰ অধিকাৰ লাভ কৰিছিল আৰু লাভ্যাংশৰ সুবিধা পাইছিল।
যদিও কিছুসংখ্যক নেতাই ইয়াৰ বিৰোধ কৰিছিল, কিন্তু সমৰ্থকসকলৰ মতে এই সিদ্ধান্তৰ ফলত মেক্সিকোলৈ বহু বিলিয়ন ডলাৰ বিদেশী বিনিয়োক আনি দিব। বাতৰি অনুসৰি এগৰাকী বাওপন্থী নেতা,যিজন ফটোখনত আছে, তেওঁ সেই বিধেয়কৰ বিৰোধ কৰি এইদেৰ সৰ্ববস্ত্ৰ পৰিহাৰ কৰি অন্তৰ্বাসত থিয় হৈ কৈছিল- “এইধৰণে আপোনালোকে দেশখনক নগ্ন কৰি গৈছে।”
ফলাফল
ফটোকেইখন ২০১৩চনতে মেক্সিকোৰ সংসদত এখন ঐতিহাসিক শক্তি বিধেয়কৰ বিৰোধিতাৰে এজন ৰাজনৈতিক নেতাই গাৰ কাপোৰ খুলি কৰা প্ৰতিবাদৰ আৰু সেইখন দৰিদ্ৰৰ ধন লুন্ঠন কৰি খোৱা ৰাজনৈতিক নেতাক লাজ দিয়াৰ বাবে পৰা প্ৰতিবাদ নহয়।

Title:মেক্সিকোৰ ৰাজনৈতিক নেতাজনে দেশখনৰ ৰাজনীতিকসকলে দুখীয়া দৰিদ্ৰক লুন্ঠন কৰাৰ প্ৰতিবাদত সঁচাকৈ উলংগ হৈছিল নেকি?
Fact Check By: Manjori BorkotokyResult: Partly False