মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি? 

Altered Political

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰি থকা যেন দেখা এখন ফটো অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ আছে। এজন হোৱাটচ‌এপ ব্যৱহাৰকাৰীয়ে আমাৰ Factline নম্বৰত উক্ত ফটো থকা এক ফেচবুক লিংক আমাৰ লগত শ্বেয়াৰ কৰিছিল। Archived Link

পোষ্টটোৰ কেপচনত লিখা আছে:

“ফটো এখন পালোঁ।  চাওক চোন সকলোৱে।

মই বহু দিনৰ পূৰ্বে #কৈছিলোঁ,,, যে  মমতা দিদি আজিকালি #বিৰোধীৰ শাৰীৰ পৰা #আঁতৰিবলৈ চেষ্টা চলাইছে,,,”

এই পোষ্টটো ১৪ অক্টোবৰ, ২০২২ তাৰিখে নিশা ১২.২৩ বজাত উক্ত ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰফাইলত প্ৰকাশ কৰা হৈছিল। Facebook Link | Archived Link

অনুসন্ধানৰ পাছত ফেক্ট ক্ৰেছেণ্ড অসমীয়াই জানিব পাৰিলে যে পোষ্টটোত শ্বেয়াৰ কৰা ফটোখন মৰ্ফড বা এডিট কৰা হয় । তদন্তৰ সবিশেষ ইয়াত উল্লেখ কৰা হ’ল।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি গুগলত কীৱৰ্ড চাৰ্চ চলাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰা সম্পৰ্কে কোনো বাতৰি প্ৰকাশ পাইছে নে নাই বিচাৰি চালোঁ । কিন্তু আমি এনে কোনো বাতৰি বিচাৰি উলিয়াব পৰা নাছিলো।

ইয়াৰ পিছত আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ চলালোঁ। ফলাফলত আমি এটা ৱেবচাইট পিপা নিউজত উক্ত ভাইৰেল ফটোখন প্ৰকাশ হোৱা দেখিলোঁ । ২০২২ চনৰ ২৬ ছেপ্টেম্বৰত প্ৰকাশিত “বল্লিগুঞ্জত দুৰ্গা পূজা উদ্বোধন কৰাৰ সময়ত মমতা বেনাৰ্জীয়ে পেইন্টিং কৰিছিল” শীৰ্ষক এক বাতৰি প্ৰতিবেদনত মূল ছবিখন প্ৰকাশ কৰা হৈছে। পিপা নিউজৰ পৰা লোৱা মূল ছবিখন ইয়াত দিয়া হ’ল:

ইয়াৰ উপৰিও আমি একেইখন ফটো ইণ্ডিয়ান এক্সপ্ৰেছৰ বেংগলী ৱেবছাইটতও প্ৰকাশ হোৱা দেখা পালোঁ ।

উল্লেখযোগ্য যে আমি একেইখন ফটো পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ অফিচিয়েল ফেচবুক পেজৰ পৰাও আপলোড কৰা দেখা পালোঁ । ফটোখন স্পষ্টকৈ দেখা পাই যে তেওঁ আচলতে ফুলদানি এটাত ৰং কৰি আছিল, মোদীৰ ফটো অংকন কৰি থকা নাছিল ।

আমি মূল ছবিখন ভালদৰে লক্ষ্য কৰি দেখিবলৈ পাওঁ যে বেনাৰ্জীয়ে প্ৰকৃততে এটা ফুলদানি হে আঁকিছিল, মোদীৰ ফটো অঁকা নাছিল। কলকাতাৰ এটা পূজা পেণ্ডেল ভ্ৰমণৰ সময়ত ফুলৰ ৰং কৰা বুলি উল্লেখ কৰা বাতৰিটোতো একেই কথা উল্লেখ কৰা হৈছে।

আপুনি নিম্নলিখিত তুলনাত মূল আৰু মৰ্ফ কৰা ছবিখনৰ মাজৰ স্পষ্ট পাৰ্থক্যসমূহ চাব পাৰে:

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিছে যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোখন প্ৰকৃততে মৰ্ফ কৰা হৈছে। মূল ছবিখনত স্পষ্ট যে শেহতীয়াকৈ দুৰ্গা পূজা উদযাপনৰ সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে কলকাতাৰ এটা পূজা পেণ্ডেলত ফুলদানি এটাহে আঁকিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি?

Fact Check By: Manjori Borkotoky 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *