এইখন ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মানুহে নিজৰ দেহত গোবৰ সনা ফটো নহয়!

Coronavirus False Medical
dung.png

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে যিহেতু কেইবাজনো ৰোগী এতিয়ালৈকে চিনাক্ত হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

এনে এক ফটো সম্বলিত ফেচবুক পোষ্ট শেহতীয়াকৈ অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মানুহে এইদৰে নিজৰ দেহত গোবৰ সানিছে । গগন কুমাৰ ডেকা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা ৬ মাৰ্চ তাৰিখে উক্ত ফটোখন আপলোড কৰা হৈছে য’ত তেওঁ লগতে লিখিছে, “গোবৰ লেপি লৈ গোমাতাৰ গোবৰৰ কৰুণা প্ৰাপ্ত হৈ ক’ৰোনা ভাইৰেচৰ পৰা পৰিত্ৰাণ লাভ কৰি থকা ভক্তগণৰ সেই দুৰ্লভ মুহূৰ্ত !” উক্ত পোষ্টটোয়ে এতিয়ালৈকে ৭১ টা লাইক/সঁহাৰি পাইছে আৰু লাহে লাহে ভাইৰেল হব ধৰিছে । 

উল্লেখযোগ্য যে অসমৰ এগৰাকী বিজেপি বিধায়িকায়ে কেইদিনমানৰ আগতে এক দাবী কৰিছিল যে গোবৰ আৰু গো-মূত্ৰ ব্যৱহাৰ কৰিলে ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি । 

সঁচাকৈ ভাইৰেল ফটোখনত ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে এইদৰে দেহত গোবৰ সানিছে নেকি ? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখনলৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু নিউজ ফ্লেআৰৰ ৱেবচাইটত এই সম্পৰ্কে এক বাতৰি দেখা পালোঁ । আমি আৰু দেখিলোঁ যে উক্ত বাতৰিটোত ব্যৱহত এক ভিডিঅ’ৰ পৰা ভাইৰেল হোৱা ফটোখন স্ক্ৰিনশ্বট হিচাবে লোৱা হৈছে । 

dung 1.png

বাতৰিটোত দিয়া বিৱৰণৰ মতে দক্ষিণ ভাৰতৰ গাওঁবোৰত ৩০ অক্টোবৰ দিনাখন এক ব্যতিক্ৰমী অনুষ্ঠান পতা হয়, গ’ৰাইহাব্বা, য’ত গৰুৰ গোবৰ ইজনে আনজনৰ দেহত সানে আৰু ফুৰ্তি কৰে । 

এই বিষয়ে ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি আমি দেখিলোঁ । ইয়াতো একেইখিনি তথ্য দেখা গৈছে । এই বিষয়ে সবিশেষ ইয়াত পঢ়ক । 

WhatsApp Image 2020-03-10 at 18.23.52.jpeg

ফলাফল

এইখন ভাইৰেল ফটোৰ ক’ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । এইখন আচলতে উত্তৰ ভাৰতৰ এক অগতানুগতিক অনুষ্ঠানৰ ফটো ।

Avatar

Title:এইখন ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মানুহে নিজৰ দেহত গোবৰ সনা ফটো নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *