
দেশত কোভিড ১৯ৰ দ্বিতীয় পৰ্যায়ৰ আতংক বিয়পি পৰাৰ লগে লগেই ছোচিয়েল মিডিয়া ভৰি পৰিছে অসত্য আৰু অবৈজ্ঞানীক ঘৰুৱা দিহাৰে।
তেনেকুৱা এটা ভাইৰেল মেছেজত দাবী কৰা হৈছে যে কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছ তেল নাকেৰে শুঙি ভিতৰলৈ ল’লে অক্সিজেনৰ পৰিমান বাঢ়ে।
ভাইৰেল মেছেজটোত লিখা হৈছিল: কৰ্পূৰ,লংৱগ,আজৱাইন,কেইটোপালমান ইউকেলিপটাছৰ তেল। সংমিশ্ৰন কৰক আৰু দিনে ৰাতি ইয়াত শুঙি থাকক। ই অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাত আৰু স্বাস-প্ৰস্বাসৰ বাধা দুৰ কৰাত সহায় কৰে। এই সংমিশ্ৰনটো লাডাখত কাছক দিয়া হয়,যেতিয়া অক্সিজেনৰ পৰিমান কমি যায়। বহুতে এম্বুলেন্সে ইয়াক ৰখা আৰম্ভ কৰিছে। ই এক ঘৰুৱা উপচাৰ।
ফেক্ট ক্ৰেছেণ্ডোৱে ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত কেইবাটাও সত্যতা নিৰূপনৰ অনুৰোধ লাভ কৰিলো। Archived Link
বহুতো সংবাদ প্ৰতিস্থান আৰু বিশেষজ্ঞই ইয়াক অবৈজ্ঞানীক আৰু প্ৰচলিত ধাৰণাহে বুলি কৈ ইয়াক নস্যাৎ কৰিছে।
সত্যতা নিৰূপন পদ্ধতি:
দাবীটোৰ সত্যতা জানিবলৈ আমি আমি চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰেল দাবীটোৰ দৰে তেনেকুৱা কোনো নিয়ম ঘোষণা কৰিছে নেকি চালো। আমি এই সম্পৰ্কত তেনেকুৱা একো তথ্য নাপালো।
Ministry of Health and Family Welfare | World Health Organisation
তাৰ পিছত নিতৌ কোভিড ৰোগীৰ চিকিৎসা কৰি থকা খ্যাতিমান চিকিৎসক তথা গৱেষক ডা হিম্মতৰাে বাৱাস্কৰৰ সৈতে ভাইৰেল মেছেজটোৰ সত্যতা জানিবলৈ যোগাযোগ কৰিলো। তেওঁ স্পষ্ট কৰি দিলে যে মেছেজটো সম্পূৰ্ণৰূপে ভিত্তিহীন।”যেতিয়া আমি কোভিড ১৯ৰ দৰে বিশ্বব্যাপী মহামাৰীৰ সৈতে যুঁজ কৰি থাকো,তেতিয়া মানুহে তেনেকুৱা মেছেজত বিশ্বাস কৰিব নালাগে। তথাকথিত সেই ঘৰুৱা উপচাৰসমুহ কৰ’ণাভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰভাৱী নহয়।” ফেনত তেখেতে তেনেকৈ ক’লে।
কৰ্পূৰ হৈছে এবিধ টাৰপিন,যিটো সাধাৰণতে ক্ৰিম,মলম আৰু লোচনত ব্যৱহাৰ কৰা হয়।যদিও ইয়াক বিষ,খজুৱতী আৰু সুৰসুৰণিত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ কোনো ভাল বৈজ্ঞানীক প্ৰমান নাই যে কৰ্পূৰ তেনেকুৱা আন কামত ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি ইয়াৰ মাত্ৰাধিক ব্যৱহাৰ কৰে,তেনেহ’লে ই পাৰ্শ্বক্ৰিয়া কৰিব পাৰে। Healthline
লং যদিও স্বাস্থ্যৰ বাবে ভাল,তথাপি ই কোভিড১৯ ৰোগত চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱাৰ কোনো বৈজ্ঞানীক গৱেষণালব্ধ প্ৰমান নাই। একেধৰণে আজৱাইন হৈছে আজৱাইন নাম উদ্ভিদৰ গুটি। ইয়াত ভাৰতীয় খাদ্যত ব্যৱহাৰ কৰা হয়। সীমিত পৰিমানৰ কিছু গৱেষণাই কয় যে ই কাঁহ নিবাৰক হিচাপে বা হাওঁ-ফাওঁলৈ উশাহৰ পৰিমান বৃদ্ধিত সহায় কৰে। মানুহৰ স্বাস-প্ৰস্বাসজনিত ৰোগ বা কাঁহৰ ক্ষেত্ৰত আজৱাইনে কেনেধৰণৰ প্ৰতিৰোধ গঢ়ে তাৰ বাবে বিস্তাৰিত গৱেষণাৰ প্ৰয়োজন আছে। Healthline
আইএএনএছৰ তৰফৰ পৰা ড: নৰোত্তম কুমাৰৰ উদ্ধৃতিত কোৱা হৈছে,” মই এই মিশ্ৰনবোৰ সম্পৰ্কত সচেতনভাৱে নজৰ ৰাখিছো আৰু সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈছো। হোম আইছ’লেছনত থকা ৰোগীৰ বাবে তেনেকুৱা এটা উপচাৰ হৈছে এচামুচ ডালচিনিৰ গুড়ি গৰম পানীৰ সৈতে গ্ৰহন কৰা। ডালচিনিয়ে পেটৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমান বঢ়াই দিয়ে আৰু যাৰ ফলত ৰক্ত পৰিবাহী নলী বন্ধ হৈ ৰক্তপ্ৰৱাহ ৰৈ যাব পাৰে। ই গ্ৰীষ্মকালত হিতে বিপৰীত হ”ব পাৰে।” News Report
পালমোনোলোজিষ্ট ড: সূৰ্য কান্তে ৰাইজক হোৱাটছএপৰ দিহা পালন নকৰি চিকিৎসকৰ সহায় ল’বলৈ আহ্বান জনায়। Fact Crescendo English’s Fact Check
ফলাফল
গতিকে ভাইৰেল মেছেজটো বৈজ্ঞানীক গৱেষণালব্ধ নহয়। আমি আমাৰ পাঠকসকল তেনেকুৱা সত্যাসত্য নিৰূপিত নোহোৱা কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাও। অসত্য বা অস্বাভাৱিক যেন লগা যিকোনো কথা পালেই আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ প্ৰেৰণ কৰক।

Title:কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।
Fact Check By: Manjori BorkotokyResult: False
