
নিৰ্বাচনী বণ্ডৰ গোচৰৰ শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দাখিল কৰি থকা সময়ত স্থগিত নকৰাকৈয়ে মুখ্য ন্যায়াধীশ আৰু আন ন্যায়াধীশসকল আঁতৰি গ’ল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ভিডিঅ’টো বিশ্লেষণ কৰি আমি জানিব পাৰিলোঁ যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এতিয়া নিষিদ্ধ হৈ থকা নিৰ্বাচনী বণ্ড আঁচনিৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদান সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশৰ সন্মুখত যুক্তি দাঙি ধৰিছে। আমি এই তথ্যসমূহ গুগলত কীৱৰ্ড সন্ধান কৰিবলৈ ব্যৱহাৰ কৰিলোঁ।
তাৰ পিছত আমি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ইউটিউব চেনেলত সম্পূৰ্ণ কাৰ্য্যবিধি পালোঁ। এই কাৰ্য্যবিধিসমূহ ২০২৪ চনৰ ১৮ মাৰ্চত হৈছিল।শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ষ্টেট বেংকক নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছে।
ভাইৰেল ভিডিঅ’টো ২৩ মিনিটৰপৰা আৰম্ভ হৈ ২৭:০৬ টাইমষ্টেম্পত শেষ হয়, য’ত দেখা যায় যে মুখ্য ন্যায়াধীশে নিজৰ আসনৰ পৰা থিয় হ’বলৈ ওলাইছে। সহকৰ্মীসকলৰ লগত কথা পাতি চকীখনত অলপ লৰচৰ কৰা তেওঁক দেখা গৈছে । অৱশ্যে সম্পূৰ্ণ ভিডিঅ’টোত দেখা গৈছে যে মুখ্য ন্যায়াধীশে নিজৰ চকীখন ঠিক-ঠাক কৰি তুষাৰ মেহতাৰ যুক্তি শুনি থাকিল। গোটেই দৃশ্যাংশ চাই দেখা যায় যে মুখ্য ন্যায়াধীশ চকীৰ পৰা উঠি যোৱা নাছিল।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শুনানি সম্পূৰ্ণ নোহোৱাকৈয়ে উঠি গুচি যোৱা নাছিল। তেওঁ সম্পূৰ্ণ কাৰ্যবিধিত উপস্থিত আছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ এই ভিডিঅ’টো অসম্পূৰ্ণ।
Fact Check By: Debanjana BaishyaResult: False
