FACT CHECK: ৰোহিংগীয়া পৰিয়াল এটাৰ ফটো ভাৰতীয় পৰিয়ালৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰি থকা হৈছে!

False Political

যেতিয়াৰে পৰা অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰে দুটি সন্তানেৰে জনসংখ্যা নিয়ন্ত্ৰন বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক দিশত বিভিন্ন ধৰণৰ পোষ্টেৰে জনসংখ্যা বৃদ্ধিৰ বিষয়টোৱে উত্তাল কৰি ৰাখিছে। এই যুক্তি তৰ্কৰ মাজতেই ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে যত এখন হুইলচেয়াৰত বহি থকা এজন লোকৰ তেওঁ চাৰিওফালে কেইবাগৰাকীয়ো শিশু আৰু এগৰকাী মহিলাৰে সৈতে দেখা গৈছে।

এই ফটোখন এইধৰণে প্ৰতিয়মান কৰিব বিচৰা হৈছে যে সেয়া এটা ভাৰতীয় পৰিয়ালহে আৰু ফটোখনত দেখা শিশুকেইটি সেই হুইলচেয়াৰত বহি থকা লোকজনৰ সন্তান বুলি কোৱা হৈছে। তাৰ মাজতে কিছুমান পোষ্টে ফটোখন শ্বেয়াৰ কৰি উল্লেখ কৰিছে যে দুটি সন্তানৰ পিছতে বন্ধ্যাকৰণ বাধ্যতামূলক কৰিব লাগে যাতে জনসংখ্যা বৃদ্ধি নহয় আৰু চৰকাৰৰ ওপৰত বিনামূলীয়া সুবিধা বিতৰণৰ হেঁচাটো বৃদ্ধি নহয় আৰু কিছুমানে ইয়াক কেৱল ব্যংগাত্মক ভাবেই বিভিন্ন মন্তব্য কৰি শ্বেয়াৰ কৰিছে। 

Original Link- Facebook | Archived Link

একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 3770লৈয়ো সত্যাসত্য নিৰূপনৰ বাবে আহিল। Archived Link

আমি জানিব পাৰিলো যে পৰিয়ালটো ভাৰতীয় নহয়, এইটো এটা বাংলাদেশৰ শৰনাৰ্থী শিবিৰৰ ফটোহে। 

সত্যতা নিৰূপন পদ্ধতি 

প্ৰথমে আমি সেই ফটোখন য়েণ্ডেক্স ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱাৰ পিছত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনী ‘ডোধো’ত প্ৰকাসিত এটা বাতৰিত পালো। বাতৰিটো আছিল ম্যানমাৰৰ পৰা সামৰিক কাৰ্যৰ বাবে বাংলাদেশৰ পৰা পলাই অহা ৰোহিংগীয়াসকল বিষয়ক। 

বাতৰিটো মতে, হুইলচেয়াৰত বহি থকা লোকজনৰ নাম মহম্মদ আলমগীৰ আৰু তেওঁ প’লিঅ’ৰ বাবে দিব্যংগ। ম্যানমাৰ সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপে মহম্মদক নিজৰ পৰিয়ালৰ সহিতে বাংলাদেশৰ কক্স বজাৰত থকা শৰনাৰ্থী শিৱিৰলৈ আহি আশ্ৰয় গ্ৰহন কৰিবলৈ বাধ্য কৰিছিল। 

Screenshot, article, Dodho

Dodho

আমি এই একেখন ফটোকে ফটোগ্ৰাফাৰ প্ৰবাল ৰশ্বিদৰ ৱেবচাইটতো “Rohingya refugees in Bangladesh” শীৰ্ষক শিতানতো দেখা পালো। Probal Rashid website

একেখন ফটোৱেই গেট্টি ইমেজেছৰ “The Rohingyas: A People Without A Home” ভাগটোতে আছে। বৰ্ণনাত উল্লেখ কৰা হৈছে ফটোখন ২০১৭চনত প্ৰৱল ৰশ্বিদৰ দ্বাৰা এটা শৰনাৰ্থী শিবিৰত তোলা হৈছিল। Getty Images

ফলাফল

এই ফটোখন বাংলাদেশৰ এটা শৰনাৰ্থী শিবিৰত থকা এটা ৰোহিংগীয়া মুছলমান পৰিয়ালৰ। তেওঁলোক ভাৰতীয় নহয় আৰু ভাৰতত নাথাকেও। গতিকে ভাইৰেল দাবীটো মিছা।

Avatar

Title:ৰোহিংগীয়া পৰিয়াল এটাৰ ফটো ভাৰতীয় পৰিয়ালৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰি থকা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *