
শেহতীয়াকৈ ৰজাঘৰীয়া সাজ-পোছাক পৰিহিত এগৰাকী ভদ্ৰমহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে তেওঁ শ্বাহজাহানৰ পত্নী মমতাজ মহল যাৰ বাবে সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল।
একেখন ফটো আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ৰয়েল কলেকচন ট্ৰাষ্টৰ ৱেবছাইটত প্ৰকাশিত এখন ফটো পালোঁ। ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে একেই।তথ্য অনুসৰি এয়া ভূপালৰ বেগম চুলতান শ্বাহজাহান বেগমৰ ছবি।

গুগলত প্ৰাসংগিক কীৱৰ্ড চাৰ্চ কৰি আমি ভাৰত চৰকাৰৰ “ইণ্ডিয়ান কালছাৰ” ৱেবছাইটটো পালোঁ য’ত একেখন ছবি প্ৰকাশ পাইছিল। তথ্য অনুসৰি ১৮৩৮ চনৰ ২৯ জুলাইত শ্বাহজাহান বেগমৰ জন্ম হৈছিল।১৮৪৫ চনৰ ১১ এপ্ৰিলত ব্ৰিটিছ চৰকাৰে শ্বাহজাহান বেগমৰ উত্তৰাধিকাৰীত্বক আনুষ্ঠানিকভাৱে স্বীকাৰ আৰু সমৰ্থন কৰিছিল, তেওঁক ৰাজ্যৰ নেত্ৰী হিচাপে ঘোষণা কৰিছিল। ইয়াৰ উপৰিও শ্বাহজাহান বেগমৰ শাসনকালত শাসন ব্যৱস্থা চোৱাচিতা কৰিবলৈ তেওঁৰ মাতৃ চিকন্দৰ বেগমক ৰিজেণ্ট হিচাপে নিযুক্তি দিয়া হৈছিল। ১৮৬১ চনৰ নৱেম্বৰ মাহত এলাহাবাদত বেগমক ষ্টাৰ অব ইণ্ডিয়াৰ সৰ্বোচ্চ অৰ্ডাৰ দিয়া হয়।

মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ ৱেবছাইট অনুসৰি শ্বাহজাহান বেগম দুটা কাৰ্যকালৰ বাবে শাসক আছিল। ভূপালৰ সমীপৰ ইছলামনগৰত জন্মগ্ৰহণ কৰিছিল তেওঁ। ৬ বছৰ বয়সত তেওঁক ভূপালৰ শাসকৰ মৰ্যাদা দিয়া হৈছিল। ১৮৫৫ চনত ৱাকি মহম্মদ খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মাকৰ মৃত্যুৰ পিছত ১৮৬৮ চনত দ্বিতীয়বাৰৰ তেওঁ বাবে শাসক হয়। ১৯০১ চনলৈকে তেওঁৰ ৰাজত্বকাল চলিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। ফটোখনত থকা মহিলাগৰাকী শ্বাহজাহানৰ পত্নী মমতাজ নহয় বৰং ভূপালৰ বেগম চুলতান শ্বাহজাহান বেগমহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই মহিলাগৰাকী সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজ নহয়।
Written By: Debanjana BaishyaResult: False
