শেহতীয়াকৈ গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনৰ কথা ঘোষণা কৰিছে। ছাবমেৰিনেৰে সাগৰ তলীৰ দ্বাৰকা নগৰ দৰ্শন কৰাৰ সুবিধা কৰিবলৈ মাজাগন ডক শ্বিপয়াৰ্ডৰ সৈতে গুজৰাট চৰকাৰৰ চুক্তি হৈছে। এই সম্পৰ্কে বাতৰি বিভিন্ন কাকতত প্ৰকাশ পোৱাৰ লগতে চ'চিয়েল মেডিয়াতো শ্বেয়াৰ কৰা হৈছে।

এই বাতৰিটো শ্বেয়াৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টত এখন বাতৰি কাকতৰ পৃষ্ঠাৰ এটা অংশ সংলগ্ন কৰিছে য'ত গুজৰাট চৰকাৰৰ পৰ্যটন সম্পৰ্কীয় বাতৰিটো আছিল। বাতৰি কাকতৰ সেই পৃষ্ঠাত বাতৰিটোৰ শিৰোনাম আছিল,"মাজাগন ডক শ্বিপয়াৰ্ডৰে গুজৰাট চৰকাৰৰ চুক্তি - ছাবমেৰিনেৰে দৰ্শন কৰিব পাৰিব সাগৰৰ তলৰ শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ "। বাতৰিটোত এটা মূৰ্তিৰ ফটো সংলগ্ন কৰা হৈছিল।

Facebook Link | Archived Link

কিন্তু এই মূৰ্তিটো সাগৰৰ তলৰ দ্বাৰকা নগৰৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত সাগৰৰ তলৰ দ্বাৰকা নগৰৰ সম্পৰ্কে আৰু গুজৰাট চৰকাৰৰ পৰ্যটন সম্পৰ্কীয় নতুন পদক্ষেপ সন্দৰ্ভত কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ।

আমি হিন্দুস্তান টাইমছে ২০২৩ চনৰ ২৯ ডিচেম্বৰত প্ৰকাশ কৰা এক প্ৰতিবেদন পালোঁ য'ত গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত ছাবমেৰিনৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ২০২৪চনৰ দীপাৱলীৰ আগেয়ে এই সুবিধা কাৰ্যক্ষম হ'ব।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

ইয়াৰ পিছত আমি ভাইৰেল বাতৰিটোত সংলগ্ন ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া "ফ্লিকাৰ"ত বাতৰিটোত সংলগ্ন ফটোখনৰ সৈতে একেই ষ্টক ইমেজ পালোঁ। বিৱৰণত লিখা আছিল যে সেয়া ইন্দোনেছিয়াৰ বালিৰ সাগৰীয় অঞ্চলৰ এক বুদ্ধ মূৰ্তি।

Archived Link

এইবাৰ আমি সাগৰৰ তলিত থকা বুদ্ধ মূৰ্তিৰ সম্ভেদ পাবলৈ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ।

আমি “Scuba Diving” নামৰ এটা ৱেবছাইটত ২০১৬ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে প্ৰকাশ পোৱা এটা প্ৰবন্ধ পালোঁ। তাত সংলগ্ন ফটোখন আছিল আমালৈ অহা মূৰ্তিৰ ফটোখনৰ সৈতে প্ৰায় একেই। প্ৰবন্ধটোত উল্লেখ কৰা হৈছিল যে এই বুদ্ধ মূৰ্তিৰ ইন্দোনেছিয়াৰ বালিৰ “মাতাহৰি তুলাম্বেন ৰিজ’ৰ্ট” (Mataharu Tulamben Resort)ৰ ওচৰত অৱস্থিত। এই মূৰ্তিৰ নাম হ’ল “শ্লিপিং বুদ্ধ”(Sleeping Buddha) আৰু ২০১২ চনৰ পৰা এই মূৰ্তিসমূহ “লিবাৰ্টি ৰেক” (Liberty Wreck) অঞ্চলৰ ওচৰত স্থাপন কৰা হৈছে। বুদ্ধৰ মাতৃ “তাৰা”ৰ মূৰ্তিও তাত স্থাপন কৰা হৈছে।

এই একেখন ফটো পূৰ্বেও ভিন্ন দাবীৰে ভাইৰেল হৈছিল। এই সম্পৰ্কে আমি কৰা এটা ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল বাতৰিটোত সংলগ্ন ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয় বৰং ইন্দোনেছিয়াৰ বালিৰ তুলাম্বেনৰ সাগৰৰ তলত ২০১২ চনত স্থাপিত বুদ্ধ মূৰ্তিৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয়।

Written By: Debanjana Baishya

Result: Partly False