ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলোঁ হোটেল, ৰেস্তোৰাঁ আৰু ৰিজৰ্ট ১৫ অক্টোবৰ লৈকে বন্ধ থাকিব নেকি?

Coronavirus False Social

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৮৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু ১৫ লাখ মান মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে পাঁচহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১৬৬ জনৰ মৃত্যু হৈছে । অসমতো ২৮জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে । 

ভাৰতত ইতিমধ্যে ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছে আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলোকে এই লক ডাউন মানি চলিবলৈ কঠোৰ ভাবে নিৰ্দেশ চৰকাৰে দিছে । এই লক ডাউন ১৪ এপ্ৰিল তাৰিখে অন্ত পৰিব । এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত লক ডাউন সম্পৰ্কীয় বিভিন্ন মেছেজ/ফটো আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । 

এনে এখন ফটো হোৱাটচ এপ্পৰ যোগেদি অসমত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে এইখন ভাৰতৰ পৰ্য্যটন মন্ত্ৰালয়ৰ এক জাননী বা নিৰ্দেশ হয় আৰু ইয়াৰ দ্বাৰা ঘোষণা কৰা হৈছে যে ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলোঁ হোটেল, ৰেস্তোৰাঁ আৰু ৰিজৰ্ট অক্টোবৰ ১৫, ২০২০ তাৰিখলৈকে বন্ধ ৰাখিবলৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে । যদি কোনোবাই এই নিৰ্দেশ নামানে তেন্তে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হব বুলিও ইয়াত উল্লেখ আছে । 

WhatsApp Image 2020-04-09 at 10.56.07.jpeg

সঁচাকৈ ভাৰত চৰকাৰে এনে নিৰ্দেশ বা জাননী প্ৰকাশ কৰিছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে ভাৰতৰ প্ৰেছ ইনফৰ্মেশ্বন ব্যুৰো চমুকৈ পিআইবি’ৰ ‘ফেক্ট চেক’ টুইটাৰ হেণ্ডেলটোৰ পৰা এক স্পষ্টীকৰণ টুইট প্ৰকাশ হোৱা আমাৰ দৃষ্টিগোচৰ হ’ল । তেওঁলোকে লিখিছে যে হোটেল/ৰেস্তোৰাঁ ১৫ অক্টোবৰ, ২০২০ তাৰিখলৈকে বন্ধ থাকিব বুলি ভাইৰেল হোৱা মিছা জাননীখনৰ পৰা সাৱধান হওঁক । উক্ত জাননীখন ভুৱা হয় আৰু পৰ্য্যটন মন্ত্ৰালয়ে এই নিৰ্দেশ দিয়া নাই বুলি তেওঁলোকে লগতে লিখিছে । 

tour 1.png

ইয়াৰ বাদেও আমি যেতিয়া উক্ত জাননীখন ভালদৰে লক্ষ্য কৰিলোঁ আমি দেখিলোঁ যে জাননীখনৰ লিখনিত বহুতো ভুল আছে আৰু প্ৰকৃত চৰকাৰী জাননীত কেতিয়াও ইমানবোৰ ভুল থাকিব নোৱাৰে । 

আমি গুগল চাৰ্ছ কৰি এই বিষয়ে কোনো মূলসুঁতিৰ নিউজ গোষ্ঠীৰ ৱেবচাইটত হোটেল/ৰেস্তোৰাঁ ১৫ অক্টোবৰ, ২০২০ তাৰিখলৈকে বন্ধ থাকিব বুলি বাতৰি নেদেখিলোঁ । আমি বৰঞ্চ উক্ত ভুৱা জাননীখনৰ বিষয়েহে বাতৰি দেখা পালোঁ । 

ফলাফল

উক্ত ভাইৰেল জাননীখন ভুৱা হয় আৰু চৰকাৰে এনে কোনো নিৰ্দেশনা প্ৰকাশ কৰা নাই । হোটেল/ৰেস্তোৰাঁ ১৫ অক্টোবৰ, ২০২০ তাৰিখলৈকে বন্ধ থাকিব বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিশেষকৈ এই উদ্যোগটোৰ লগত জড়িত থকা ব্যক্তি আৰু পৰিয়ালৰ মাজত অনাহকত আতংক বিয়পোৱা হৈছে । 

Avatar

Title:ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলোঁ হোটেল, ৰেস্তোৰাঁ আৰু ৰিজৰ্ট ১৫ অক্টোবৰ লৈকে বন্ধ থাকিব নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *