
ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিস্ফোৰণ আৰু আক্ৰমণৰ ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে । ইয়াৰ পটভূমিত, ছ’চিয়েল মিডিয়াত এখন ছবি প্ৰচাৰ হৈছে য’ত দাবী কৰা হৈছে যে ইউক্ৰেইনৰ আটাইতকৈ ধুনীয়া মহিলা আৰু প্ৰাক্তন মিছ গ্ৰেণ্ড ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই নিজৰ দেশৰ সুৰক্ষাৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইন সেনাত যোগদান কৰিছে। প্ৰচলিত ছবিখনত দেখা গৈছে যে লেন্না হাতত বন্দুক লৈ যুঁজৰ সাজত আছে ।
পোষ্টসমূহৰ শিৰোনামত কোৱা হৈছে “ইউক্ৰেইনৰ আটাইতকৈ ধুনীয়া মহিলা আৰু প্ৰাক্তন মিছ গ্ৰেণ্ড ইউক্ৰেইন আনাস্তাচিয়াইও যুদ্ধক্ষেত্ৰত নামিছে । ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে নিজৰ দেশক ৰক্ষা কৰিবলৈ আনাস্তাচিয়াই ইউক্ৰেইনৰ সেনা বাহিনীত যোগদান কৰে।

Facebook Link | Facebook Link | Archived Link
এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই ছবিখন লাভ কৰিছে।
আনাস্তাছিয়া লেনাই ২০১৫ চনত মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল বিউটি প্ৰতিযোগিতাত ইউক্ৰেইনক প্ৰতিনিধিত্ব কৰিছিল। লেনাই তাইৰ ইনষ্টাগ্ৰাম একাউণ্টত কৈছিল যে তেওঁ তেওঁৰ ‘ঘৰ’ৰ সুৰক্ষাৰ বাবে অস্ত্ৰ তুলি লৈছিল।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ছবিখন ব্যৱহাৰ কৰি য়াণ্ডেক্স ৰিভাৰ্চ ইমেজ চাৰ্চ চলাই আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলো, যাৰ ফলাফলে আমাক আনাস্তাছিয়া লেন্নাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টলৈ লৈ গৈছিল যিয়ে ২২ ফেব্ৰুৱাৰী ২০২২ তাৰিখে ছবিখন “#standwithukraine #handsoffukraine” শিৰোনামৰ সৈতে পোষ্ট কৰিছিল।
আগবাঢ়ি গৈ, আমি ২৮ ফেব্ৰুৱাৰীত লেন্নাৰ দ্বাৰা পোষ্ট কৰা এটা ভিডিঅ’ পাইছিলো য’ত তেওঁ স্পষ্ট কৰিছিল যে তেওঁ এগৰাকী সাধাৰণ অসামৰিক লোক আৰু সামৰিক বাহিনীৰ অংশ নহয় । লগতে, তাই লিখিছিল যে তাই এয়াৰছফ্ট খেলিবলৈ ভাল পায় আৰু বন্দুক আৰু আৰ্টিলাৰীৰ সৈতে তাইৰ প্ৰ’ফাইলৰ সকলো ছবিত তাই এয়াৰছফ্ট খেলি থকা দেখা গৈছে। পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে কেনেকৈ হঠাতে ৰাছিয়ানসকলে ইউক্ৰেইন আক্ৰমণ কৰিছে আৰু তেওঁ নিজৰ দেশক ৰাছিয়াৰ পৰা মুক্ত কৰিবলৈ প্ৰাৰ্থনা কৰিছে।
তেওঁৰ প্ৰ’ফাইলৰ মাজেৰে স্ক্ৰল কৰি, আমি তেওঁ এয়াৰছফ্ট খেলি থকা আৰু সামৰিক বাহিনীৰ দৰে কাপোৰ পিন্ধা আৰু বন্দুক কঢ়িয়াই নিয়াৰ কেইবাখনও ছবি পাইছিলো যিবোৰ আপুনি ইয়াত আৰু ইয়াত চাব পাৰিব ।
এয়াৰছফ্ট কি?
এয়াৰছফ্ট হৈছে এক দলীয় খেল য’ত অংশগ্ৰহণকাৰীসকলে বিৰোধী খেলুৱৈসকলক এয়াৰছফ্ট গান নামৰ নকল বায়ু অস্ত্ৰৰে শ্বুট কৰা গোলাকাৰ প্লাষ্টিক প্ৰক্ষেপণৰ সৈতে টেগ কৰি খেলৰ পৰা আঁতৰ কৰে। এইটো ধাৰণাত পেইণ্টবলৰ সৈতে একে ।
আনাস্তাছিয়া লেন্না কোন?
আনাস্তাছিয়া লেন্না হৈছে প্ৰাক্তন মিছ ইউক্ৰেইন আৰু যিয়ে ২০১৫ চনত মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত তেওঁৰ দেশক প্ৰতিনিধিত্ব কৰিছিল ।
ফলাফল
ফেক্ট ক্ৰেচেণ্ডোৱে সামাজিক মাধ্যমত ভাইৰেল ছবিৰ সৈতে কৰা দাবীটো মিছা বুলি জানিব পাৰিছে । প্ৰাক্তন মিছ ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই ৰাছিয়াৰ বিৰুদ্ধে নিজৰ দেশক ৰক্ষা কৰিবলৈ ইউক্ৰেইন সেনাত যোগদান কৰা নাই । ছবিবোৰ তাই এয়াৰছফ্ট খেলি থাকোতে লোৱা হৈছিল আৰু বিভ্ৰান্তিকৰ প্ৰসংগৰ সৈতে শ্বেয়াৰ কৰা হৈছিল।
(যদি আপোনাৰ ওচৰত কোনো সন্দেহজনক বাৰ্তা, পোষ্ট, ফটো, ভিডিঅ’ বা বাতৰি আছে, সেইবোৰ তথ্য পৰীক্ষাৰ বাবে আমাৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ (৯০৪৯০৫৩৭৭০)লৈ প্ৰেৰণ কৰক। শেহতীয়া তথ্য পৰীক্ষা পঢ়িবলৈ ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰত ফেক্ট ক্ৰেচেণ্ডো অসম অনুসৰণ কৰক।)

Title:প্ৰাক্তন মিছ ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই ইউক্ৰেইন সেনাত যোগদান কৰা নাই!
Fact Check By: Manjori BorkotokyResult: False
