৫০০ টকীয়া নোট সম্পৰ্কে এটা খবৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। তাত মানুহক সকীয়াই দিয়া হৈছে যে ষ্টাৰ চিন থকা ৫০০ টকীয়া নোটখন ভুৱা। সেই নোটখন আজিকালি বজাৰত বহুত ব্যৱহাৰ কৰা হৈছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে মানুহক এই নোটসমূহৰ পৰা সাৱধান হ’বলৈ কৈছে।

পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে ইউজাৰে লিখিছে এইদৰে - पिछले कुछ दिनों से ये * चिह्न वाले ये 500 के नोट बाजार में चलन शुरू हो गए हैं। ध्यान रखना बाजार में नकली नोट ले जाने वाले फेरीवालों की संख्या में बढ़ोतरी हुई है। अपील – कृपया एक जागरूक नागरिक बनें, इसलिए इस संदेश को अपने अधिक से अधिक भाइयों तक फैलाएं ताकि वे नुकसान से बच सकें और बेकार चोरों से बच सकें। धन्यवाद।” ("যোৱা কেইদিনমানৰ পৰা এই * চিনযুক্ত ৫০০ টকাৰ নোট বজাৰত প্ৰচলন হ'বলৈ আৰম্ভ কৰিছে। মনত ৰাখিব যে বজাৰত ভুৱা নোট কঢ়িয়াই অনা ফেৰীৱালাৰ সংখ্যা বৃদ্ধি পাইছে। আবেদন – অনুগ্ৰহ কৰি সচেতন নাগৰিক হওক, গতিকে যিমান পাৰে অধিক ভাই-ভনীৰ মাজত এই বাৰ্তা বিয়পাই দিয়ক যাতে তেওঁলোকে ক্ষতিৰ পৰা হাত সাৰিব পাৰে আৰু বদমাছ চোৰৰ পৰা হাত সাৰিব পাৰে। ধন্যবাদ"।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত কীৱৰ্ড চাৰ্চ কৰি এই দাবী পৰীক্ষা কৰিলোঁ। তেতিয়া আমি ২০২২ চনৰ ১১ অক্টোবৰত জি নিউজৰ এক প্ৰতিবেদন পালোঁ। তাত কোৱা হৈছে যে আৰ বি আইয়ে ২০০৬ চনত ষ্টাৰ চিন থকা নোট জাৰি কৰিছিল। ষ্টাৰ চিহ্ন থকা নোটবোৰ হ’ল সেইবোৰ নোট যিবোৰ ছপা কৰাৰ সময়ত নষ্ট হোৱা নোটৰ ঠাইত ছপা কৰা হয়। উদাহৰণস্বৰূপে, কেতিয়াবা ছপা কৰাৰ সময়ত নোটবোৰত ছপা ভুল হয়, গতিকে সেই নোটবোৰ আঁতৰাই তাৰ ঠাইত আন এখন নোট ছপা কৰা হয়। দ্বিতীয় যিখন নোট ছপা কৰা হয়, তাত ষ্টাৰ চিহ্ন থাকে। ষ্টাৰ চিহ্নৰ নোটৰ মান আন নোটৰ সমান। সেইবাবেই এনে নোট ভুৱা নহয়।

অধিক অনুসন্ধান কৰি আমি ২০০৬ চনৰ ৩১ আগষ্টত আৰ বি আইয়ে জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তি পাইছিলোঁ। তাতো কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ষ্টাৰ চিন থকা নোট জাৰি কৰিছে। সেই নোটবোৰ বৰ্তমানৰ বেংক নোটৰ দৰে দেখা যাব, কিন্তু উপসৰ্গ আৰু ক্ৰমিক নম্বৰৰ মাজত এটা ষ্টাৰ চিহ্ন (*) চিহ্ন থাকিব। সেইবাবেই ৰিজাৰ্ভ বেংকে জাৰি কৰা কিছুমান নোটৰ পেকেটত সাধাৰণ নোটৰ লগতে ষ্টাৰ চিন থকা নোট থাকে। এনে পেকেটত ইয়াক স্পষ্টকৈ লিখা থাকে যে ইয়াত এটা ষ্টাৰ থকা নোট আছে। ১০০ খন নোটৰ পেকেটত ষ্টাৰ নোটখন একেবাৰে তলত থাকে। ৰিজাৰ্ভ বেংকে স্পষ্টকৈ লিখিছে যে ষ্টাৰ ছিৰিজৰ নোটৰ আইনী মূল্য সাধাৰণ নোটৰ দৰেই। এই বেংক নোটসমূহ জনসাধাৰণে গ্ৰহণ আৰু ব্যৱহাৰ কৰিব পাৰে।

Archived Link

ষ্টাৰ চিন থকা নোটবোৰৰ কথা আৰ বি আইৰ "FAQ" ত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত কোৱা হৈছে যে ষ্টাৰ ছিৰিজৰ বেংকনোটসমূহ আন বেংকনোটৰ সৈতে হুবহু একে, কিন্তু ইয়াৰ এটা অতিৰিক্ত আখৰ থাকে, যেনে উপসৰ্গৰ মাজৰ ঠাইখিনিত সংখ্যা পেনেলত * (ষ্টাৰ)।

ইয়াৰ পিছত আমি আৰ বি আইৰ মুখপাত্ৰ যোগেশ দয়ালৰ সৈতেও কথা পাতিলোঁ। তেওঁ আমাক ক’লে, “ষ্টাৰ চিন থকা ৫০০ টকীয়া নোটখন ভুৱা বুলি কৰা দাবী মিছা। ষ্টাৰ চিহ্ন থকা নোটৰ মান আন নোটৰ দৰে একে। ছপা কৰাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা নোটসমূহৰ সলনি ৰিজাৰ্ভ বেংকে ষ্টাৰ চিন নোট জাৰি কৰিছে। দুয়োখন নোটৰ সংখ্যা একে। পাৰ্থক্য মাথোঁ এইটোৱেই যে প্ৰথম তিনিটা আখৰৰ পিছত ষ্টাৰ চিহ্ন থাকে আৰু তাৰ পিছত তাৰ পিছত ক্ৰমিক নম্বৰ লিখা হয়। ষ্টাৰ থকা নোট এখনো লিগেল টেণ্ডাৰ হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী মিছা। ষ্টাৰ চিন থকা ৫০০ টকীয়া নোট ভুৱা নহয়। এই কথা স্বয়ং ৰিজাৰ্ভ বেংকৰ মুখপাত্ৰ‌ই জনাইছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ষ্টাৰ চিন থকা ৫০০ টকীয়া নোট ভুৱা নেকি?

Written By: Debanjana Baishya

Result: False