WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব?

False Health

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ’ৰৱাৰ্ড কৰা হৈছিল। সেই স্ক্ৰীনশ্বটটো আছিল “দ্য ইকনমিক টাইমছ”ৰ। 

দ্য ইকনমিক টাইমছৰ স্ক্ৰীণশ্বটৰ সৈতে ভাইৰেল বাৰ্তাটোত তলত দিয়া ধৰণে লিখা আছে-

“শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক এক পৰামৰ্শ জাৰি কৰি কয় যে যদিহে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ মিশ্ৰণ তৎক্ষণাত পৰীক্ষা কৰা নহয় তেন্তে ২০২৫ চনৰ ভিতৰত ৮৭% নাগৰিক কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব।“

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

যিহেতু ডাঙৰ দাবীটো বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা পৰামৰ্শৰ বিষয়ে, গতিকে আমি বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰিলোঁ। আমি তাত এনে কোনো পৰামৰ্শ বিচাৰি নাপালোঁ। বৰঞ্চ আমি গাখীৰৰ অপমিশ্ৰণৰ এই তথাকথিত পৰামৰ্শৰ সন্দৰ্ভত এটা স্পষ্টীকৰণ পাইছিলোঁ। ডব্লিউ এইচ অ’ই ভাইৰেল দাবীক তীব্ৰভাৱে অস্বীকাৰ কৰি স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰক গাখীৰৰ অপমিশ্ৰণৰ বিষয়ে সকীয়াই দিয়া নাই। 

ডব্লিউ এইচ অ’ৰ বিবৃতিত কোৱা হৈছে, “সংবাদ মাধ্যমৰ এটা অংশত প্ৰকাশ পোৱা বাতৰিৰ বিপৰীতে ডব্লিউ এইচ অ’ই ক’ব বিচাৰিছে যে গাখীৰ বা গাখীৰৰ সামগ্ৰীৰ অপমিশ্ৰণৰ বিষয়টোৰ ওপৰত ভাৰত চৰকাৰক কোনো পৰামৰ্শ জাৰি কৰা নাই।”

WHO Link | Archived Link

আমি দেখিলোঁ যে গাখীৰৰ অপমিশ্ৰণৰ ওপৰত তথাকথিত ডব্লিউ এইচ অ’ৰ পৰামৰ্শৰ ভাইৰেল দাবী নতুন নহয়।

ইয়াৰ পূৰ্বে ২০১৯ চনতো একেধৰণৰ দাবী ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছিল আৰু বাতৰিত প্ৰকাশ পাইছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ সঞ্জয় মাণ্ডলিকে ২০১৯ চনৰ ২২ নৱেম্বৰত সংসদত এই বিষয়টো উত্থাপন কৰে। তেওঁ তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনক প্ৰশ্ন কৰিছিল যে বিশ্ব স্বাস্থ্য সংস্থাই গাখীৰৰ অপমিশ্ৰণ সন্দৰ্ভত ভাৰত চৰকাৰক পৰামৰ্শ জাৰি কৰিছে নেকি?

উত্তৰত ডাঃ হৰ্ষ বৰ্ধনে স্পষ্ট কৰি দিয়ে যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক এনে কোনো পৰামৰ্শ জাৰি কৰা নাই। তেওঁ লগতে পুনৰ কয় যে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষইও ভাৰতত থকা বিশ্ব স্বাস্থ্য সংস্থাৰ দেশীয় কাৰ্যালয়ৰ পৰাও একেই কথা নিশ্চিত কৰিছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

আমি আৰু পৰীক্ষা কৰিলোঁ দ্য ইকনমিক টাইমছৰ স্ক্ৰীণশ্বট। ET য়ে ২০১৮ চনত ৰিপ’ৰ্ট কৰিছিল যে দেশত বিক্ৰী হোৱা গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ প্ৰায় ৬৮.৭ শতাংশই এফএছএছএআইয়ে নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰি নহয়।

সাংসদ মাণ্ডলিকে লোকসভাতো এই বিষয়ত স্পষ্টীকৰণ বিচাৰিছিল।

ডাঃ হৰ্ষ বৰ্ধনে উত্তৰ দিলে যে প্ৰতিবেদন শুদ্ধ নহয়।

তেওঁ কয় যে ২০১৮ চনত এফ এছ এছ এ আইয়ে কৰা দেশজোৰা গাখীৰ সুৰক্ষা আৰু গুণগত মান সমীক্ষাত দেখা গৈছে যে মাত্ৰ ৭% নমুনাহে দূষিত হৈছে। 

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱেও টুইটাৰযোগে এই ভাইৰেল দাবীক বাতিল কৰে।

ইয়াত টুইটাৰযোগে কোৱা হৈছে যে ভাৰতত গাখীৰৰ সামগ্ৰীৰ অপমিশ্ৰণ সম্পৰ্কীয় কোনো পৰামৰ্শ WHO-এ ভাৰত চৰকাৰক দিয়া নাই যাৰ ফলত কৰ্কট ৰোগ হ’ব।

‘এই দাবী মিছা। ডব্লিউ এইচ অ’ই এনে কোনো পৰামৰ্শ জাৰি কৰা নাই।’-পিআইবি ফেক্ট চেকৰ টুইটত এইদৰে লিখা আছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিছে যে WHOৰ নামত এটা ভুৱা বাৰ্তা ভাইৰেল হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক কোনো পৰামৰ্শ জাৰি কৰা নাছিল যে গাখীৰৰ অপমিশ্ৰণৰ ফলত ৮৭ শতাংশ নাগৰিক কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *