এইটো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ নেকি?

False Social

ইউটিউব লিংক | সংৰক্ষিত লিংক 

ছচিয়েল মিডিয়াত (ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত আমি মাইকী মানুহ এগৰাকী আকৃতি এটাক অস্বাভাৱিক ক্ষিপ্ৰতাৰে ৱাল আৰু খুটাৰে ওপৰ মহলা এটালৈ বগুৱাই যোৱা দেখিছোঁ । আকৃতিটো ওপৰ মহলা গৈ পোৱাৰ পাছত জঁপিয়াই নামি পৰে আৰু দুই ভৰি আৰু হাতেৰে আগুৱাই গৈ ক্ৰমে নাইকিয়া হৈ পৰে । 

২৭ মে’, ২০১৮ তাৰিখে ইউটিউবত গুৱাহাটী লাইভ নামৰ এটা চেনেলে ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ বুলি দাবী কৰি উপৰোক্ত ভিডিঅ’টো আপলোড কৰিছিল । ইয়াৰ পাছতেই ভিডিঅ’টো সমগ্ৰ অসমতে হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিল । 

এই ভিডিঅ’টো সঁচাকৈয়ে ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ নেকি? তাত সঁচাকৈয়ে ভূত উলাইছিল নেকি? 

প্ৰণালী

আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ চাৰ্চ কৰিলোঁ ফলত আমি পালোঁ যে উক্ত ভিডিঅ’টো আচলতে বিভিন্ন ধৰণে বিভিন্ন সময়ত ভাইৰেল হৈছে । 

reverse ghost.png

বিশেষকৈ ভাৰতৰ বিভিন্ন হস্পিটেলৰ চিচি টিভিৰ ফুটেজ বুলি বহু আগতেই এই ভিডিঅ’টো ইউটিউবত এক ডজনতকৈও অধিকবাৰ আপলোড হৈছে । আনকি ভাৰতৰ বাহিৰৰ ঘটনা বুলিয়ো তাতকৈয়ো আগত এই ভিডিঅ’টো বহুত বাৰ শ্বেয়াৰ কৰা হৈছে । বিভিন্ন আপলোডবোৰ ইয়াত, ইয়াত আৰু ইয়াত চাওক ।  

ভিডিঅ’টো ভালকৈ পৰীক্ষা কৰি আমি আৰু দেখিলোঁ যে কেমেৰাটো লৰি আছে যি চিচি টিভি কেমেৰা হ’লে কেতিয়াও সম্ভৱ নহয় । আৰু ভালকৈ নিৰীক্ষণ কৰিলে ধৰিব পাৰি যে ভিডিঅ’টোত এডিটিং কৰা হৈছে । ইয়াৰ উপৰিয়ো আকৃতিটোৰ স্বাভাবিক ছাঁ দেখিবলৈ পোৱা যোৱা নাই । 

আমি এই বিষয়ে আৰু চাৰ্চ কৰি পালোঁ যে ভিডিঅ’টো আচলতে এপ্ৰিল ২০১৮ চনতে দেনাইহাটী নেটৱৰ্ক নামৰ এটা ফেচবুক পেজত আপলোড কৰা হৈছিল আৰু ভিডিঅ’টো আচলতে এখন টেলি মুভিৰ অংশ আছিল । ভিডিঅ’টোৰ ক্ৰেডিট নিডাল হাইকাল নামৰ এজন মানুহক দিয়া হৈছে যি মালায়চিয়াৰ মুভি এনিমেছন পার্ক ষ্টুডিয়জত এজন ষ্টান্ত পাৰ্ফৰ্মাৰ হিচাবে কাম কৰে । সবিশেষ ইয়াত পঢ়ক । 

 ফলাফল

ভিডিঅ’টো অসমৰ নহয় আৰু ভূতৰ দৰে অলৌকিক শক্তিৰ লগতো কোনো সম্পৰ্ক নাই । যিমানদূৰ সম্ভৱ এইটো মালায়চিয়াৰ টেলি মুভি এখনৰ অংশহে হয় । ভাইৰেল ভিডিঅ’টো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলত ওলোৱা ভূতৰ চিচি টিভি ভিডিঅ’ বুলি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:এইটো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *