অসমৰ নামৰূপত স্থাপন হ’বলগীয়া ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স সম্পৰ্কে সবিশেষ।

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXcNNg6uceeoBz9PflHXBBNpnaMCfXoxn3ztXxsMrY0pxjFLfBud1lidJr9gi9M4JYZ45_eFAKjaHOxaaecSr1x1OZXzuoVGoyhdjiAduiqYqQyOjVZ_Gazkw0I54DLPdnGIccru7Q?key=ZGNIyYO-FDFDhsex5MZMoDtM

পাতনি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমৰ নামৰূপত থকা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (BVCL)ত নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ বাবে অনুমোদন জনাইছে। এই সুবিধাৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া আৰু এয়া বিভিএফচিএলৰ বৰ্তমানৰ চৌহদৰ ভিতৰতে সম্পন্ন কৰা হ’ব।

প্ৰকল্প ব্যয়

ইয়াৰ আনুমানিক প্ৰকল্প ব্যয় হৈছে ১০,৬০১.৪০ কোটি টকা অৰ্থাত ১.২৩ বিলিয়ন ডলাৰ। এই কমপ্লেক্সটো ৭০:৩০ ঋণ-ইকুইটি অনুপাতৰ সৈতে যৌথ উদ্যোগ (Joint Venture)ৰ জৰিয়তে স্থাপন কৰা হ’ব। এই পদক্ষেপ ৭ অক্টোবৰ, ২০১৪ তাৰিখৰ সংশোধনীৰ লগতে নতুন বিনিয়োগ নীতি, ২০১২ৰ অধীনত পৰে।নামৰূপ-চতুৰ্থ প্ৰকল্প আৰম্ভ কৰাৰ আংশিক সময়সীমা ৪৮ মাহ।

ৰাজহুৱা উদ্যোগ বিভাগৰ নিৰ্দেশনাত নিৰ্ধাৰিত সীমা শিথিল কৰি নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডৰ ১৮ শতাংশ ইকুইটি অংশগ্ৰহণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। ইয়াৰ উপৰিও নামৰূপ-চতুৰ্থ সাৰ উদ্যোগ স্থাপনৰ তদাৰক কৰিবলৈ আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰা হ’ব।

শ্বেয়াৰৰ অংশীদাৰিত্ব

প্ৰস্তাৱিত এই যৌথ উদ্যোগ (JV)ত অসম চৰকাৰৰ হাতত ৪০ শতাংশ শ্বেয়াৰ থাকিব। আনহাতে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ (BVCL) ১১ শতাংশ শ্বেয়াৰ থাকিব। হিন্দুস্তান উৰ্ভাৰক এণ্ড ৰসায়ন লিমিটেডৰ (HURL) ১৩ শতাংশ আৰু বাকী ৩৬ শতাংশ নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড (NFL) আৰু অইল ইণ্ডিয়া লিমিটেডে (অইল) সমানে ভাগ কৰিব। প্ৰত্যেকৰে ১৮ শতাংশ শ্বেয়াৰ থাকিব।

ইয়াৰ উপৰিও কেবিনেটে ৰাজহুৱা উদ্যোগ বিভাগৰ (DPE) নিৰ্দেশনাত নিৰ্ধাৰিত সীমা শিথিল কৰি নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড (NFL)ৰ ১৮% ইকুইটি অংশগ্ৰহণৰ অনুমোদন জনায়; আৰু নামৰূপ-চতুৰ্থ সাৰ উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ আন্তঃমন্ত্ৰালয় সমিতি (IMC) গঠন কৰা।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdK2FzEOEtGMCTIUdkv6WonuRCpOTKTH9g9BMOxB9zdkh9XA3QvpC8YjqwH7lqYgMWUrz4QYcgYDxG89Q_uu8ksn8AGOG8vUE351OuOvI1hh9LVCyOaNxN00m59SLTtdODPiJJ-aA?key=ZGNIyYO-FDFDhsex5MZMoDtM

এই প্ৰকল্পৰ উপকাৰিতা

এই প্ৰকল্পৰ জৰিয়তে বিশেষকৈ উত্তৰ-পূব অঞ্চলত ঘৰুৱা ইউৰিয়া উৎপাদন ক্ষমতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে উত্তৰ-পূব, বিহাৰ, পশ্চিম বংগ, পূব উত্তৰ প্ৰদেশ, আৰু ঝাৰখণ্ডৰ ইউৰিয়া সাৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব। নামৰূপত চতুৰ্থ ইউনিট স্থাপনৰ ফলত অধিক শক্তি সঞ্চয় হ’ব আৰু স্থানীয় জনসাধাৰণৰ বাবেও নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব। ই দেশত ইউৰিয়া উৎপাদনত আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী লাভ কৰাত অৰিহণা যোগাব। ইয়াৰ উপৰিও অঞ্চলটোৰ জনসাধাৰণৰ বাবে অতিৰিক্ত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব। ই দেশত ইউৰিয়াত আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী লাভ কৰাত সহায় কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এই প্ৰকল্পৰ প্ৰতি ইতিবাচক মন্তব্য প্ৰকাশ কৰি কয় যে ই কেৱল অসম তথা উত্তৰ পূৰ্বাঞ্চলেই নহয়, বিহাৰ, পশ্চিম বংগ, পূব উত্তৰ প্ৰদেশ, আৰু ঝাৰখণ্ড আদি ৰাজ্যকো উপকৃত কৰিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলক অভিনন্দন জনাই ই গ্ৰামীন অৰ্থনীতি তনকিয়াল কৰিব বুলিও মত পোষণ কৰে। 

উপসংহাৰ

ই এক অভিলাসী প্ৰকল্প হিচাপে বিবেচিত হোৱাৰ লগতে ই সামগ্ৰিকভাৱে ইউৰিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধি কৰাৰ সম্ভাৱনা ইতিমধ্যেই প্ৰকত হৈ পৰিছে। তদুপৰি কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই শাসকীয় পক্ষৰ প্ৰতি এই অঞ্চলৰ লোকসকলৰ আদৰ বৃদ্ধি কৰিব বুলিও একাংশ লোকে মত পোষণ কৰিছে। সেয়া যি কি নহওক অসমৰ নামৰূপত স্থাপন হ’বলগীয়া এই প্ৰকল্পটো অনাগত সময়তো অসমৰ এটা গুৰুত্বপূৰ্ণ সম্পদ হৈ ৰ’ব বুলি আশা কৰিব পাৰি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসমৰ নামৰূপত স্থাপন হ’বলগীয়া ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স সম্পৰ্কে সবিশেষ।

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *