কুকুৰ হত্যা কৰি মাংস ভক্ষণৰ বাবে কাটি থকা এই ফটোবোৰ অসমৰ নহয়!

False Social
Dog 1.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ কেইখনমান ফটোৱে ফেচবুকত তোলপাৰ লগাইছে । ফটো কেইখনত আমি কুকুৰ মাংস কাটি থকা দেখিবলৈ পাইছোঁ আৰু লগতে কুকুৰৰ মৃতদেহও দেখিবলৈ পাইছোঁ । আমি দেখিলোঁ যে কিছু লোকে দাবী কৰিছে যে এই ফটোবোৰ অসমৰ হয় । এই সম্পৰ্কে কিছু লোকে ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰিলে । 

উল্লেখযোগ্য যে শেহতীয়াকৈ ফেচবুক কিছু ইউজাৰে লিখিছিল যে অসমকে ধৰি উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰ বজাৰবোৰ চীনৰ ৱেট মাৰ্কেটবোৰৰ দৰেই হয় । ইয়াকে লৈ ফেচবুকত যথেষ্ট চিঞৰ বাখৰ হৈছিল । আমি জানোঁ যে চীনৰ ৱুহান নামৰ ঠাইখনৰ এখন ৱেট মাৰ্কেটৰ পৰাই ক’ৰনা ভাইৰাছৰ উৎপত্তি হোৱা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে । এনে সময়তে এই ফটোবোৰ ভাইৰেল হৈ পৰাটো তাৎপৰ্যপূৰ্ণ । 

‘ভয়চ অফ ভয়চলেছ হায়দৰাবাদ’ নামৰ এক ফেচবুক পে’জৰ পৰা ৩০ মে’, ২০২০ তাৰিখে এক পোষ্ট আপলোড কৰা হৈছিল য’ত উক্ত ভাইৰেল ফটো কেইখন সন্নিবিষ্ট আছে আৰু পোষ্টটোত লগতে দাবী কৰা হৈছে যে ফটোবোৰ অসমৰ কুকুৰৰ মাংসৰ বজাৰৰ হয় । পোষ্টটোত আৰু লিখিছে যে অসমত এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে য’ত কুকুৰ হত্যা কৰা হৈছে আৰু কুকুৰৰ মাংস ৰাস্তাৰ কাষৰ হোটেলবোৰত বিক্ৰী কৰা হৈছে । দোষী ব্যক্তিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও পোষ্টটোত উল্লেখ আছে । এই পোষ্টটো ধীৰে ধীৰে ভাইৰেল হব ধৰিছে । 

ইয়াৰ উপৰিয়ো আমি এনে ধৰণৰ আন এক ফেচবুক পোষ্ট দেখিলোঁ য’ত দাবী কৰা হৈছে যে এনে এক ঘটনা অসমৰ যোৰহাটত ঘটিছে । উক্ত পোষ্টটোত অসমীয়া নিউজ চেনেল প্ৰাগ নিউজৰ এক বাতৰিৰ স্ক্ৰিনশ্বট আপলোড কৰা হৈছে আৰু লগতে সকলোকে কুকুৰবোৰ সাৱধানে ৰাখিবলৈ অনুৰোধ কৰা হৈছে আৰু যোৰহাটত কুকুৰৰ মাংস বিক্ৰী কৰা হৈছে বুলি দাবী কৰা হৈছে । উত্তৰ পোষ্টটো কো’মল আগৰৱাল নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ‘অসম ষ্ট্ৰীট ডগছ’ নামৰ এক ফেচবুক গ্ৰুপত ২৯ মে’, ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে । 

Dog 2.png

ফেচবুক লিংকসংৰক্ষিত লিংক

প্ৰাগ নিউজৰ স্ক্ৰিনশ্বটটোত আমি ‘ছাগলীৰ মাংস বুলি কৈ কুকুৰাৰ মাংস বিক্ৰী’ বুলি লিখা দেখা পালোঁ । স্ক্ৰিনশ্বটটো প্ৰাগ নিউজৰ ‘প্ৰাইম এট নাইন ৱিথ দেৱজিত ভূঞা’ নামৰ প্ৰগ্ৰেমটোৰ হয় বুলি আমি দেখিলোঁ আৰু সেইমতে তেওঁলোকৰ ফেচবুক পে’জত আমি উক্ত ভিডিঅ’টো আমি বিচাৰিলোঁ । অৱশেষত আমি ভিডিঅ’টো বিচাৰি পালোঁ আৰু উক্ত ভাইৰেল ফটোবোৰৰ মাজৰ কেইখনমান ফটো আৰু আন কিছুমান ফটো ব্যৱহাৰ কৰি অসমৰ যোৰহাটত জিলাত ছাগলীৰ মাংস বুলি কুকুৰৰ মাংস বিক্ৰী কৰি এজন গ্ৰেপ্তাৰ হোৱা বুলি এক বাতৰি পৰিবেশন কৰা আমি দেখিলোঁ । উক্ত বাতৰিটো তেওঁলোকে নিজৰ অফিচিয়েল ফেচবুক পে’জৰ পৰা ২৯ মে’, ২০২০ তাৰিখে আপলোড কৰিছে আৰু পোষ্টটো ইতিমধ্যে ১৬ হাজাৰবাৰ দৰ্শন কৰা হৈছে ।  ভিডিঅ’টোৰ শেষৰ ফালে ১:১৬:০৪ সময়ত বাতৰিটো সন্নিবিষ্ট আছে । 

dog 3.png

ফেচবুক লিংকসংৰক্ষিত লিংকসংৰক্ষিত লিংক

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ফটোবোৰ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোবোৰ কেইবাবছৰো পুৰণি হয় । আমি দেখিলোঁ যে ওপৰত উল্লেখিত কিছু ভাইৰেল ফটো সুনামগঞ্জ বাৰ্তা নামৰ বাংলাদেশৰ এক নিউজ ৱেবচাইটত এক বাতৰিৰ সৈতে এপ্ৰিল ৭, ২০১৭ তাৰিখে প্ৰকাশ পাইছিল । বাতৰিটোৰ মতে বাংলাদেশৰ ৰাজধানী ঢাকাৰ কিছু হোটেলত পৰিবেশন কৰা বিৰিয়ানিত গোপনে কুকুৰৰ মাংস দিয়া হৈছে । এই বিষয়ে এক ফেচবুক পোষ্ট জনৈক ব্যক্তিয়ে উক্ত ভাইৰেল ফটোবোৰৰ সম্বলিত ২৮ মাৰ্চ, ২০১৭ তাৰিখে আপলোড কৰিছিল বুলি বাতৰিটোত উল্লেখ আছে । 

Dog 4.png

আমি এই বিষয়ে বাংলাদেশৰ আন এক নিউজ ৱেবচাইট ‘এই সময়’ত প্ৰকাশ পোৱা বাতৰি দেখা পালোঁ য’ত একেই ভাইৰেল ফটোবোৰ সন্নিবিষ্ট হোৱা আমি দেখিলোঁ । উক্ত বাতৰিটোত লিখা আছে যে ৰাজধানী চহৰ ঢাকাৰ বিভিন্ন হোটেলত কুকুৰৰ মাংসৰ পৰা বনোৱা বিৰিয়ানি বিক্ৰী কৰা হৈছে আৰু এই বিষয়ে বিভিন্ন ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । 

Dog 5.png

আমি যোৰহাটৰ বাতৰিটোৰ সত্যতা নিৰূপণ কৰিবলৈ যোৰহাট আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ আৰু তেওঁলোকে আমাক জনালে যে ইতিমধ্যে তেওঁলোকৰ ফেচবুক পে’জত এই বিষয়ে এক স্পষ্টীকৰণ দিয়া হৈছে । ফেচবুক পে’জত তেওঁলোকে লিখিছে, “যোৰহাট জিলাত ছাগলীৰ মাংস বুলি কুকুৰৰ মাংস বিক্ৰী কৰা বাতৰি এটা ছচিয়েল মিডিয়াত আজি সৰ্বত্ৰ দেখা গৈছে। ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাও যে কোনোবা দুষ্টচক্ৰই জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ মানসেৰে এইয়া এক উৰাবাতৰি বিয়পাইছে। যোৰহাটত তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই আৰু এই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।”

Dog 6.png

ফেচবুক লিংক 

ফলাফল

উক্ত ভাইৰেল ফটোবোৰ অসমৰ নহয় বৰঞ্চ বাংলাদেশৰ হয় । অসমত এনে ধৰণৰ কোনো ঘটনা বৰ্তমানলৈকে ৰিপৰ্ট হোৱা নাই । অসমত  মাংসৰ বাবে কুকুৰ হত্যা কৰা হৈছে বুলি প্ৰচাৰ কৰি সাধাৰণ জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:কুকুৰ হত্যা কৰি মাংস ভক্ষণৰ বাবে কাটি থকা এই ফটোবোৰ অসমৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *