এই ভিডিঅ’টো ইম্ফলৰ ফালে গৈ থকা এখন গেছ ভৰ্তি ট্ৰাক আৰু এখন অসমৰ তেলৰ টেংকাৰৰ মাজত হোৱা সংঘৰ্ষৰ নহয়

False Social

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

সম্প্ৰতি ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ধাৰাবাহিক বিস্ফোৰণ শুনা-দেখা গৈছে আৰু লগতে জুইৰ লেলিহান শিখা দেখা গৈছে । আতংকিত কিছু লোকে ভিডিঅ’টোত এই বিস্ফোৰণ প্ৰত্যক্ষ কৰাও দেখা গৈছে । মি ৰাইটাৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা জানুৱাৰী ২৩, ২০২০ তাৰিখে দিনৰ ৯:৫৬ বজাত উক্ত ভিডিঅ’টো আপলোড কৰা হৈছে আৰু ইয়াৰ পাছত ভিডিঅ’টো অসমত ভাইৰেল হৈ পৰিছে । আপলোড কৰা ফেচবুক পোষ্টটোত শিৰোনামা দিয়া হৈছে: “আজি ২২ জানুৱাৰী, ২০২০ তাৰিখে, আবেলি ৫:০৩ বজাত, ইম্ফল চহৰৰ ফালে গৈ থকা ট্ৰাক এখন অসমৰ তেলৰ টেংকাৰ এখনৰ লগত মুখামুখি সংঘৰ্ষ হ’ল আৰু এই ভয়ানক ঘটনাটো ঘটিল । ট্ৰাকখনে গেছ ভৰ্তি চিলিণ্ডাৰ কঢ়িয়াই আছিল ।”

সঁচাকৈ এই দুৰ্ঘটনাটো ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে ঘটিছিল নেকি? সত্য কি?জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে ভিডিঅ’টো আচলতে শেহতীয়াকৈ চুৰাত, গুজৰাটত হোৱা এক দুৰ্ঘটনাৰ হয় । গুজৰাট সমাচাৰ নামে এক নিউজ গোষ্ঠীৰ ৱেবছাইটত এই বিষয়ে এক বাতৰি যোৱা জানুৱাৰী ৯ তাৰিখে “চুৰাত: ১৫০টা মান চিলিণ্ডাৰৰ অলপেদ পেট্ৰল পাম্পৰ ওচৰত বিস্ফোৰণ হয়” বুলি শিৰোনামা দি প্ৰকাশ পাইছে । 

tanker 2.png

নিউজ ৰিপৰ্টটোত দিয়া মতে দুৰ্ঘটনাটোত জড়িত থকা তিনিওখন বাহন, ট্ৰাকখন, এখন স্কুল বাছ আৰু এখন ৰিক্সা, জ্বলি উঠে । 

উক্ত ৰিভাৰ্ছ ইমেজ চাৰ্ছটোৱে আমাক নিউজ ১৮ গুজৰাটীৰ দ্বাৰা জানুৱাৰী ৮, ২০২০ তাৰিখে প্ৰকাশিত এক নিউজ ৰিপৰ্টৰ ইউটিউব লিংক দিয়ে য’ত আমি ভাইৰেল পোষ্টটোত থকা একেই ভিজুৱেল দেখা পাওঁ । বাতৰিটোৰ শিৰোনামা আছিল “চুৰাতৰ অলপেদ’ত ট্ৰাকত গেছ চিলিণ্ডাৰ বিস্ফোৰণ”

tanker 3.png

নৱ গুজৰাট সময় নামৰ আন এক নিউজ গোষ্ঠীৰ এক নিউজ ৰিপৰ্টৰ শিৰোনামা আছিল “চুৰাত: গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত জুই লাগে আৰু ২৫টা চিলিণ্ডাৰৰ অলপেদ ৰাস্তাত বিস্ফোৰণ হয়”

tanker 4.png

ফলাফল

উপৰোক্ত নিউজ ৰিপৰ্টবোৰে স্পষ্ট কৰিছে যে দুৰ্ঘটনাটো উত্তৰঃ পূবৰ নহয় বৰঞ্চ এইটো গুজৰাটৰ চুৰাতৰ এক দুৰ্ঘটনা হয় । আমি নিশ্চিত হলোঁ যে এই ভিডিঅ’টো ইম্ফল চহৰৰ ফালে গৈ থকা এখন গেছ ভৰ্তি ট্ৰাক আৰু এখন অসমৰ তেলৰ টেংকাৰ মাজৰ মুখামুখি সংঘৰ্ষৰ নহয় ।

Avatar

Title:এই ভিডিঅ’টো ইম্ফলৰ ফালে গৈ থকা এখন গেছ ভৰ্তি ট্ৰাক আৰু এখন অসমৰ তেলৰ টেংকাৰৰ মাজত হোৱা সংঘৰ্ষৰ নহয়

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *