ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।

চীনৰ প্ৰধান মন্ত্ৰীয়ে ক'ৰনা ভাইৰাছৰ পৰা নিৰাপত্তা বিচাৰি এক মছজিদত প্ৰাৰ্থনা কৰিছে বুলি এক ভিডিঅ'

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত কেইবাজনো মানুহক একেলগে এটা মছজিদত প্ৰাৰ্থনা কৰি থকা দেখা গৈছে ।

উক্ত ভিডিঅ'টো জে এল আবেদিন নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ফেব্ৰুৱাৰী ৫, ২০২০ তাৰিখে ফেচবুকত আপলোড হৈছে আৰু ৬.১ হাজাৰতকৈ অধিকবাৰ শ্বেয়াৰ হৈছে । পোষ্টটোৰ শিৰোনামা "চীনৰ প্ৰধানমন্ত্ৰী কৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ মছজিদত গৈ নামাজ পঢ়ি আছে! কৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ উপায় হল সিজদা কৰা আৰু নামাজ পঢ়া—চীনৰ প্ৰধানমন্ত্ৰী" হয় ।

সঁচাকৈ চীনৰ প্ৰধান মন্ত্ৰীয়ে ক'ৰনা ভাইৰাছৰ পৰা নিৰাপত্তা বিচাৰি এক মছজিদত প্ৰাৰ্থনা কৰিছিল নেকি? সঁচা কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ'টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । নিউজ এজেঞ্চি এছোচিয়েতেদ প্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত যোৱা জুলাই ২০১৫ তাৰিখে আপলোড হোৱা এক ভিডিঅ' দেখা পালোঁ । ভিডিঅ'টোৰ শিৰোনামা "মালাইছিয়াৰ প্ৰধান মন্ত্ৰী আব্দুল্লা আহমেদ বাদাৱি এটা মছজিদৰ ভিতৰলৈ খোজ কাঢ়িছে" বুলি দিয়া আছে ।

Corona PM AP.png

ইউটিউব ভিডিঅ | সংৰক্ষিত ভিডিঅ

উক্ত ভিডিঅ'টোৰ লগত আমি এক বিৱৰণ দেখা পালোঁ । "মালাইছিয়ান প্ৰধান মন্ত্ৰী আব্দুল্লা আহমেদ বাদাৱিৰ পাঁচ দিনীয়া ভ্ৰমণৰ দ্বিতীয় দিনা বেইজিংৰ নান জীয়া প' মছজিদলৈ গ'ল আৰু শুকুৰবৰীয়া নামাজত অংশ লয় । এইটো চীনৰ বহু পুৰণা মছজিদ আৰু প্ৰায় তিনিশ বছৰ আগতেই কিং সাম্ৰাজ্যৰ সময়ত বনোৱা হয় ।" বুলি উক্ত বিৱৰণত লিখা আছে ।

ইয়াৰ উপৰিয়ো আমি জেত্তি ইমেজেছৰ ৱেবচাইটত এই ভ্ৰমণ সম্পৰ্কীয় কিছু ফটো বিচাৰি পালোঁ আৰু নিশ্চিত হলোঁ যে ভিডিঅ'টো মালাইছিয়াৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰীৰ হয়, চাইনীজ প্ৰধান মন্ত্ৰীৰ নহয় ।

Corona PM getty.png

ফলাফল

ভিডিঅ'টো মালাইছিয়াৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰীৰ হয়, চাইনীজ প্ৰধান মন্ত্ৰীৰ নহয় । চীনৰ প্ৰধান মন্ত্ৰীয়ে ক'ৰনা ভাইৰাছৰ পৰা নিৰাপত্তা বিচাৰি এক মছজিদত প্ৰাৰ্থনা কৰিছে বুলি প্ৰচাৰ হোৱা পোষ্টটো সম্পূৰ্ণভাৱে মিছা ।

Avatar

Title:এইটো চীনৰ প্ৰধান মন্ত্ৰীয়ে এক মছজিদত ক'ৰনা ভাইৰাছৰ পৰা নিৰাপত্তা বিচাৰি প্ৰাৰ্থনা কৰি থকা ভিডিঅ' নহয়!

Fact Check By: Manjori Borkotoky

Result: False