১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ ফালে চাই মঞ্চৰ পৰা আঁতৰি যোৱা দেখা যায়।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বিজয়ী অধিনায়ক পেট কামিন্সৰ সৈতে অভিনন্দন আৰু ফটো নোতোলাকৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চ এৰি থৈ গৈছে।

ফেচবুকত এনে কেইবাটাও পোষ্ট আমি পালোঁ। পোষ্টত লিখা আছিল এইদৰে,"অতি দূৰ্ভাগ্যজনক !! খেলত হাৰা জিকা থাকেই !! অতিথিৰ লগত মোদী ডাঙৰীয়াই কৰা এই ব্যৱহাৰ একেবাৰে গ্ৰহণযোগ্য নহয়"।

Archived Link

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত, ইয়াত,ইয়াত, ইয়াত, ইয়াত আৰু ইয়াতো চাব পাৰিব।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

সত্যটো জানিবলৈ হটষ্টাৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা গোটেই ফাইনেল মেচখনৰ পুনৰাবৃত্তি আমি পাইছিলোঁ। আমি দেখিলোঁ, পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ সময়ত প্ৰায় ১০.১৪ ঘণ্টাত ৰবি শাস্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নাম ঘোষণা কৰি বিজয়ী অধিনায়ক পেট কামিন্সক বিশ্বকাপৰ ট্ৰফী উপহাৰ দিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছিল। আমি দেখিবলৈ পালোঁ যে প্ৰধানমন্ত্ৰী মোদীয়ে পেট কামিন্সক হাত মিলাই অভিনন্দন জনাইছে।

Hotstar Link

আমাৰ অধিক তদন্তত আমি ১৯ নৱেম্বৰ, ২০২৩ তাৰিখে আন এজন ইউটিউব ব্যৱহাৰকাৰীয়ে আপলোড কৰা আন এটা ভিডিঅ’ পাইছিলোঁ।পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ উল্লেখযোগ্য দিশৰ এই ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চৰ ফালে খোজ কাঢ়িছে। ইয়াৰ পিছতে তেওঁ অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীক অভিনন্দন জনাই হাত মিলাই ট্ৰফী প্ৰদান কৰে। ইয়াৰ পিছত তেওঁ সমগ্ৰ অষ্ট্ৰেলিয়া দলটোক অভিনন্দন জনাবলৈ আগবাঢ়িল।

তলত ভাইৰেল ভিডিঅ'টো আৰু মূল ভিডিঅ'ৰ তুলনা চাব পাৰিব।

আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা টুইট পালোঁ য'ত তেওঁ অষ্ট্ৰেলিয়া দলটোক অভিনন্দন জনাইছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰা নাছিল। ভাইৰেল ভিডিঅ'টো অসম্পূৰ্ণ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

Written By: FactCrescendo Assamese

Result: False