
শেহতীয়াকৈ এখন বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । উক্ত জাননীখন চেণ্ট্ৰেল ব’ৰ্ড অফ চেকেণ্ডেৰী এডুকেচন (চিবিএছই)য়ে জাৰি কৰা বুলি দাবী কৰা হৈছে । জাননীখনত দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি লিখা আছে । লগতে ৰিজাল্টবোৰ চাবলৈ তিনিটা ৱেবচাইটৰ নামও জাননীখনত উল্লেখ কৰা আছে ।

উল্লেখযোগ্য যে কিছুদিনৰ আগতে কৰা আন এক ঘোষণাৰ মতে উক্ত ৰিজাল্টবোৰ ১৫ জুলাই, ২০২০ আগতে ঘোষণা কৰা হব বুলি প্ৰকাশ পাইছিল ।
সঁচাকৈ চিবিএছই’ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে টুইটাৰত কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে ‘পিআইবি ফেক্ট চেক’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে ইতিমধ্যে এক স্পষ্টীকৰণ দিয়া হৈছে । তেওঁলোকে স্পষ্ট কৰিছে যে চিবিএছই’য়ে কোনো তাৰিখ বৰ্তমানলৈকে ঘোষণা কৰা নাই আৰু এনে ধৰণৰ কোনো ঘোষণা থাকিলে তেওঁলোকৰ অফিচিয়েল ৱেবচাইট বা ছচিয়েল মিডিয়া একাউন্টৰ পৰাহে কৰা হব ।

কীৱৰ্ডছ চাৰ্ছৰ ফলত আমি আৰু দেখিলোঁ যে চিবিএছই’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰা হৈছে আৰু উক্ত জাননীখন ভুৱা বুলি স্পষ্ট কৰা হৈছে ।

ফলাফল
উক্ত জাননীখন ভুৱা হয় । চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই ।

Title:চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই!
Fact Check By: Manjori BorkotokyResult: False