মহিন্দ্ৰা থাৰ চন্দ্ৰপৃষ্ঠত নমা নাই।

শেহতীয়াকৈ এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। “মহিন্দ্ৰা থাৰ চলাব পাৰিব চন্দ্ৰত” এই কেপশ্বনেৰে ভিডিঅ’টোত কোৱা হৈছে যে চন্দ্ৰপৃষ্ঠত থাৰ চলাব পাৰিব বুলি আনন্দ মহিন্দ্ৰাই টুইট কৰিছে। লগতে এক দৃশ্যাংশ সংলগ্ন কৰি দাবী কৰা হৈছে যে চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান নামি অহাৰ নিচিনাকৈ নামি আহিছে থাৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

এই ফটোখন ২০২৩ চনৰ ২৮ আগষ্টৰ নহয়।

শেহতীয়াকৈ জুবিন গাৰ্গে যোৱা ২৮ তাৰিখে কটন বিশ্ববিদ্যালয়ত অসম জাতীয় পৰিষদৰ বিষয়ে কৰা এটা মন্তব্যৰ বাবে চ’চিয়েল মেডিয়াত বিভিন্নজনে সমালোচনা কৰা দেখা গৈছে। ইয়াৰ মাজতে এখন ফটো শ্বেয়াৰ হৈছে য’ত জুবিন গাৰ্গক দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা প্ৰমুখ্যে বিজেপিৰ অন্যান্য কৰ্মকৰ্তাসকলৰ সৈতে। দাবী কৰা হৈছে […]

Continue Reading

ভিডিঅ’টোত সঁচাকৈয়ে ৰবটে নৃত্য প্ৰদৰ্শন কৰিছে নেকি?

দুগৰাকী মহিলাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে আৰু এই দাবী কৰা হৈছে যে তেওঁলোক প্ৰকৃততে চীনৰ চাংহাইত অনুষ্ঠান পৰিৱেশন কৰা ৰবট। ভিডিঅ’টোৰ কেপচনত লিখা আছে “এই নৃত্যটো ভালদৰে চাওক। চাংহাইৰ ডিজনীলেণ্ডত নাচি থকা এই দুগৰাকী মানুহ নৃত্যশিল্পী নহয়, চীনত নিৰ্মিত দুটা ৰবটহে। নৃত্যৰ দৈৰ্ঘ্য মাত্ৰ পাঁচ মিনিট। কিন্তু এই […]

Continue Reading

চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ.সোমনাথে নৃত্য কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ।

চন্দ্ৰযান ৩এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই বিভিন্ন ধৰণৰ ভুৱা তথ্য, মিছা ভিডিঅ’, ফটো আদি চ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত বিয়পি পৰা আমি দেখিছোঁ আৰু সেইসমূহৰ সত্যতা নিৰূপনো আমি কৰিছোঁ। তেনেকুৱা এটা ভিডিঅ’ ফেচবুকৰ ৰীলছৰ ৰূপত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ. সোমনাথে তেওঁৰ সহকৰ্মীসকলৰ সৈতে আনন্দতে নৃত্য কৰা […]

Continue Reading

এই ভিডিঅ’টোত পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ীৰ দৃশ্য দেখুওৱা হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বহুসংখ্যক যাত্ৰীৰে ভাপচালিত এখন ৰেলগাড়ী চলি থকা দেখা গৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে – “পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ী”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। […]

Continue Reading

দুৰ্গা পূজা, দীপাৱলী, ৰাখী বন্ধন, ষঠ পূজা আদিৰ বন্ধ সঁচাকৈয়ে কৰ্তন কৰিলে নেকি শিক্ষা বিভাগে? 

যোৱা ৩০ আগষ্ট ২০২৩ বুধবাৰে অসমৰ ডিজিটেল সংবাদ প্ৰতিস্থান TIME8 এ কৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোৰ শিৰোনাম লিখা হৈছে- “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।” তদুপৰি বৰ্ণনাত লিখা হৈছে – “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ, ষঠ পূজাতো খোলা ৰাখিব লাগিব স্কুল, গৰজি […]

Continue Reading

নাছাই এলিচা কাৰচনক মঙল গ্ৰহলৈ ৱান ৱে যাত্ৰাৰ বাবে নিৰ্বাচিত কৰা নাই।

শেহতীয়াকৈ এটা বিশেষ পোষ্ট ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে এলিচা নামৰ ওঠৰ বছৰীয়া ছোৱালী এগৰাকী মঙল গ্ৰহলৈ যাব আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে। পোষ্টটোত উল্লেখ কৰা হৈছে যে নাছাৰ তৰফৰ পৰা মঙল গ্ৰহলৈ পঠিওৱা এলিচা হ’ব প্ৰথমগৰাকী মানৱ। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো দেখা গ’ল। Archived Link  […]

Continue Reading

এমাজনে সঁচাকৈ বিনামূলীয়া উপহাৰ দিছে নেকি? 

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান এমাজনে ফ্ৰী গিফ্ট অৰ্থাত বিনামূলীয়া উপহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।  Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

এই ফটোকেইখন বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰপৰা লোৱা পৃথিৱীৰ দৃশ্যৰ নহয়।

চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে যোৱা ২৩আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰ পিছত সকলো উৎসুক হৈ পৰিছে এই কথা জানিবলৈ যে পৃথিৱীখন চন্দ্ৰৰপৰা দেখিবলৈ কেনে হ’ব। ইয়াৰ লগে লগে কিছুমান ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে চন্দ্ৰৰপৰা পৃথিৱীৰ দৃশ্য বুলি দাবী কৰি। এনে পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা ঘোষণা প্ৰসংগ সংগতিহীন কেপশ্বনেৰে ভাইৰেল হৈছে।

অলপতে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা বাতৰি এই কেপশ্বনেৰে- “৪৫০ টকাতে এতিয়াৰে পৰা উপলব্ধ হ’ব ৰন্ধন গেছ। ৰাখী পূৰ্ণিমা উপলক্ষে ১ কোটি মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ ধন”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো ভালদৰে চালোঁ, […]

Continue Reading