কেপচিকামৰ ভিতৰত এয়া বিশ্বৰ ক্ষুদ্ৰতম বিষাক্ত সাপ হয়নে? সত্যটো কি?

শেহতীয়াভাৱে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে এটা সেউজীয়া কেপচিকামৰ ভিতৰত এটা বিশেষ পোক। কোৱা হৈছে যে ই বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ বিষাক্ত সাপ। ২ মিনিটৰ এই ভিডিঅ’টোত দেখা গৈছে যে এজন ব্যক্তিয়ে কেপচিকামৰ ভিতৰৰ পৰা সূতাৰ দৰে বগা ৰঙৰ পোকটো খুচৰি উলিয়াইছে। ভিডিঅ’টোৰ কেপচনত কোৱা হৈছে যে “অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিষয়। ইয়াক […]

Continue Reading

এই ভিডিঅ’টোত অক্ষয় কুমাৰে মণিপুৰৰ ঘটনাৰ বিষয়ে কোৱা নাই।

মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাৰ ওপৰত হোৱা জঘন্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে। মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল আছিল মেইটেই। ইয়াৰ পিছতে পি এম মোদীয়ে অভিযুক্তক ৰেহাই দিয়া নহ’ব […]

Continue Reading

এটা ২৫০ টকীয়া যন্ত্ৰই বিদ্যুতৰ বিল আধাতকৈয়ো কম কৰি দিব পাৰে নেকি? সঁচানে?

  অসমত স্মাৰ্ট মিটাৰৰ প্ৰচলন আৰম্ভ হোৱাৰ পাছৰে পৰা অধিক হাৰৰ বিজুলী মাচুলে সাধাৰণ জনতাক আহুকালত পেলোৱা দেখা গৈছে। তাকে লৈ চ’ছিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সম্পৰ্কত বিভিন্ন বাতৰি দেখা গৈছে।  তেনেকুৱা সময়তে ASSAMPRIME24 নামৰ এটা ৱেবচাইটত প্ৰকাশিত এক প্ৰতিবেদনে একাংশ লোকৰ দৃষ্টি আকৰ্শন কৰিছে। তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন মতে […]

Continue Reading

ইউনিফৰ্ম চিভিল কোডৰ সমৰ্থনত মিছ্ড কলৰ বাবে ভাইৰেল হোৱা নম্বৰটোৰ সত্যতা কি?

শেহতীয়াকৈ ইউনিফৰ্ম চিভিল কোড(UCC)ৰ সমৰ্থনত মিছ্ড কল দিবলৈ এটা বিশেষ নম্বৰ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। নম্বৰটো হ’ল 09090902024। এই দাবীৰে শ্বেয়াৰ হোৱা এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত লিখা আছিল এইদৰে,”ইউনিফৰ্ম চিভিল কোড আইন টোক সমৰ্থন দিয়াৰ বাবে তলত উল্লেখ কৰা ওয়েভ চাইটত প্ৰৱেশ কৰি নিজৰ নাম, মোবাইল নম্বৰ, ঠিকনা আৰু জিলা, ৰাজ্যৰ […]

Continue Reading

ছুইডেনত যৌনতাক খেল হিচাপে স্বীকৃতি দি SEX CHAMPIONSHIP আয়োজন কৰা কথাটো কিমান সঁচা? প্ৰকৃত সত্য কি?

বিশ্বৰ কিছুমান ঠাইত বিশেষকৈ এছিয়াৰ কিছুমান দেশত এতিয়াও যৌনতা নিষিদ্ধ। এনে পৰিস্থিতিত যেতিয়া ভাৰত,,শ্ৰীলংকা আদিৰ কিছুমান আগশাৰীৰ সংবাদ প্ৰতিস্থানে “ছুইডেনে যৌনতাক আনুষ্ঠানিকভাৱে খেল হিচাপে স্বীকৃতি দি প্ৰথমটো ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে” বুলি বাতৰি প্ৰকাশ কৰিছিল, তেতিয়া স্বাভাৱিকতে বহুতে এই খবৰটোক লৈ কৌতুহলী হৈছিল, যিটো বনজুইৰ দৰে বিয়পি পৰিছিল। তাৰ প্ৰভাৱ অসমতো পৰা […]

Continue Reading

এতিয়াৰে পৰা আমাৰ দেশত ৭৫টকাৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হ’ব নেকি? সত্যটো কি?

দেশৰ নতুন সংসদ ভৱন মুকলি কৰা দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি বিশেষ স্মৃতিচাৰণ মুদ্ৰাও মুকলি কৰে। এই সন্দৰ্ভত বিভিন্ন বা-বাতৰি প্ৰকাশ আৰু প্ৰচাৰ হোৱা দেখা গৈছে। অসমতো একাংশ সংবাদ প্ৰতিস্থান তথা ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট দিয়া পৰিলক্ষিত হৈছে। তেনেকুৱা কিছুমান পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। DA News Plus নামৰ এটা সংবাদ প্ৰতিস্থানে তেনেকুৱা এটা বাতৰিত উল্লেখ […]

Continue Reading

যৌতুকত বাইক দাবী কৰা দৰাক কইনাৰ দেউতাকে চেণ্ডেলেৰে কোবালে ?

শেহতীয়াভাবে বিয়া এখনত এজন লোকে দৰাজনক চেণ্ডেলেৰে প্ৰহাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যৌতুকৰ নামত দুচকীয়া বাহন বিচৰাক লৈ অতিথিৰ সমুখতে কইনাৰ দেউতাকে চেণ্ডেলেৰে দৰাক প্ৰহাৰ কৰা এক মিনিট মানৰ ভিডিঅ’ ক্লিপটো বিভিন্ন চ’ছিয়েল মিডিয়াত বিয়পি পৰিছে। অসমৰো বহু লোকে সেই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে।  তেনেকুৱা এটা টুইটত  লিখা হৈছে যে, […]

Continue Reading

উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধাটো বাধ্যতামূলক নেকি ?

শেহতীয়াভাৱে উত্তৰাখণ্ডৰ উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে সমাৱৰ্তন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ড্ৰেছ কোড প্ৰৱৰ্তন কৰি ক’লা গাউন আৰু টুপিৰ সলনি বাধ্যতামূলকভাৱে গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধিব লাগিব বুলি দাবী কৰা এদল ছাত্ৰ-ছাত্ৰীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। আমাৰ WhatsApp Tipline নম্বৰ 9049053770 ত ইয়াৰ সত্যতা নিৰূপণৰ অনুৰোধৰ সৈতে সেই ফটোখন এগৰাকী ব্যৱহাৰকাৰীয়ে আমালৈ প্ৰেৰণ কৰিছিল।  Archived Link আমি […]

Continue Reading