TRAIৰ নামত ভুৱা ফোনকল আৰু চাইবাৰ অপৰাধ। আপোনাৰ কৰণীয় কি? জানক।

শেহতীয়াকৈ অসমৰ বিভিন্ন লোকলৈ বিভিন্ন নম্বৰৰ পৰা একোটা বিশেষ ফোন আহিছে, য’ত কোৱা হয় যে সেই নিৰ্দিষ্ট ব্যৱহাৰকাৰীগৰাকীৰ মোবাইল নম্বৰটো অচিৰেই বন্ধ কৰি দিয়া হ’ব। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা কৰা বুলি দাবী কৰি সেই প্ৰী-ৰেকৰ্ডেড ফোনকলবোৰ আহে। বহুলোকে এনেকুৱা ফোনকল লাভ কৰিছে আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃততে কি […]

Continue Reading

পেজাৰ,লেবাননত পেজাৰ বিস্ফোৰণ আৰু আক্ৰমণ। এক সবিস্তাৰ আলোচনা।

পেজাৰ কি? পেজাৰ হৈছে এনেকুৱা এক যন্ত্ৰ,যাৰ জৰিয়তে মূলতঃ বাৰ্তা প্ৰেৰণ কৰা হয়। সম্প্ৰতি বিশ্বত এই যন্ত্ৰ বা ডিভাইচটোৰ ব্যৱহাৰ তেনেই তাকৰ যদিও কোনো কোনো প্ৰান্তত এতিয়াও পেজাৰ ব্যৱহাৰ কৰা হয়। এক নিৰ্দিষ্ট নম্বৰৰ জৰিয়তে এটাৰ সৈতে আনটো পেজাৰে সংযোগ স্থাপন কৰে আৰু নিৰ্দিষ্ট বাৰ্তা প্ৰেৰণ কৰে।  হিজবুল্লাহৰ পেজাৰ ব্যৱহাৰ বিংশ শতিকাৰ শেষৰ ফালে পেজাৰ […]

Continue Reading

দিপাংকৰ,বিশালৰ হাজাৰ কোটিৰ প্ৰৱঞ্চনা; কিয় জালত পৰে উচ্চ শিক্ষিত লোক আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় কি? জানো আহক। 

প্ৰস্তাৱনা শেহতীয়াভাবে অসমত একাধিক এনেকুৱা ঘটনা পোহৰলৈ আহিছে যে ট্ৰেডিঙৰ নাম লৈ কেইজনমান যুৱকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছে। তাকে লৈ সমাজিক মাধ্যমো উত্তাল হৈ আছে আৰু আৰক্ষী বিভাগো ব্যস্ত হৈ আছে। ৰাইজৰ মাজত ট্ৰেডিঙক লৈ এক ভুল ধাৰণাও বিয়পি কৰা দেখা যে ট্ৰেডিং মানেই ধনৰ প্ৰৱঞ্চনা আৰু অপৰাধ। বিশেষকৈ দিপাংকৰ বৰ্মন নামৰ যুৱকজনে […]

Continue Reading

এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ’ কি? কিদৰে সৃষ্টি কৰা হয় এই ফটো আৰু ভিডিঅ’? কিদৰে ধৰা পেলাব পাৰি এআই সৃষ্ট ফটো আৰু ভিডিঅ? অসমত ইয়াৰ শেহতীয়া প্ৰভাৱ

কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান ঘটাৰ পাছৰে পৰা অসমত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বিভিন্ন ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। তেনেকুৱা একাধিক ভাইৰেল ফটোৰ সত্যতা আমি নিৰূপণ কৰি বিভিন্ন লেখা প্ৰকাশ কৰি আহিছোঁ। অতি শেহতীয়াকৈ পেৰিছ অলিম্পিকত পদকবিজয়ী বক্সাৰ ইমান খেলিফৰ মুখেৰে সৈতে এখন ফটো ভাইৰেল হৈছে। ইমান খেলিফে প্ৰতিপক্ষৰ বক্সাৰ ইটালীৰ এঞ্জেলা ছাৰিনীক পৰাভূত কৰাৰ সময়তে […]

Continue Reading

কি পতংক বা পোক কিমান ভয়ংকৰ? কি পৰিস্থিতিত মানুহৰ মৃত্যু পৰ্যন্ত ঘটে। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে অসমত এনেকুৱা একাধিক ঘটনা পোহৰলৈ আহিছে, য’ত কোনো অজ্ঞাত পোকে কামোৰাৰ ফলত একাধিক লোক বেয়াকৈ আক্ৰান্ত হৈছে তথা আনকি মৃত্যুৰ মুখতো পৰিছে। বিশেষকৈ এজন যুৱ সাংবাদিক এইদৰে এবিধ পোকে কামোৰাৰ ফলত অসুস্থ হৈ দেহৰ সকলো অংগ বিকল হৈ মৃত্যু হোৱাৰ পাছত এই কথাবোৰ সামাজিক মাধ্যমত বাৰুকৈয়ে আলোচিত হৈছে। বহুলোকে পোকৰ আক্ৰমণত শাৰীৰিকভাৱে ক্ষতিগ্ৰস্থ হোৱাৰ […]

Continue Reading

বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত ভুল,ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ জোৱাৰ। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে বাংলাদেশত হৈ যোৱা ৰাজনৈতিক অস্থিৰতা আৰু পট পৰিৱৰ্তনে অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যমক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। বিশেষকৈ বাংলাদেশ সম্পৰ্কত ভাইৰেল হৈ পৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ভুৱা বা বিভ্ৰান্তিকৰ হিচাপে পৰিপন্ন হৈছিল। বিভিন্ন মিছা খবৰ বিয়পি কৰিছিল। আনকি সাম্প্ৰদায়িক দিশ সাঙুৰি মিছা আৰু বিভ্ৰান্তিকৰ খবৰ বিয়পি পৰিছিল। তাৰে বিভিন্ন ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰৰ […]

Continue Reading

মাংকিপ’ক্সৰ বিষয়ে জানিবলগীয়া কথা।

১৪ আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) মাংকিপ’ক্সৰ(Mpox) প্ৰাদুৰ্ভাৱক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ জনস্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা(Public Health Emergency of International Concern (PHEIC)) বুলি ঘোষণা কৰে। ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কংগো ডেম’ক্ৰেটিক ৰিপাব্লিকত (ডি আৰ চি) ২২ হাজাৰতকৈ অধিক সন্দেহযুক্ত এমপ’ক্স ৰোগী আৰু ১২০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ডি আৰ চিৰ উপৰিও চুবুৰীয়া দেশ বুৰুণ্ডি, চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, […]

Continue Reading

আপুনি চাহৰ জুতি ল’বলৈ ব্যৱহাৰ কৰা টী-বেগত আছে নেকি ক্ষতিকাৰক মাইক্ৰ’প্লাষ্টিক? জানক।

শেহতীয়াভাবে টী-বেগ ব্যৱহাৰ কৰি চাহৰ সোৱাদ লোৱা বহু লোকৰ মাজত এই টী-বেগ সম্পৰ্কত বিভিন্ন আলোচনা হোৱা দেখা গৈছে। চাহ খাই ভালপোৱা বহুতো লোকে চাহৰ এই বেগ বাছি লয় ইয়াৰ সুবিধাৰ বাবে। সাধাৰণতে চাহপাত ব্যৱহাৰ কৰি চাহ খোৱাৰ বেলিকা সেই চাহ থ’বৰ বাবে বিশেষ পাত্ৰৰ প্ৰয়োজন হয় আৰু চাহকাপ প্ৰস্তুত কৰোতেও কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ […]

Continue Reading

ৰাছেলছ্ ভাইপাৰঃ ধাৰণা, ভ্ৰান্ত ধাৰণা, আতংক আৰু অসমত ইয়াৰ অৱস্থিতি আৰু সত্যতা।

অতি শেহতীয়াকৈ অসমত ৰাছেলছ্ ভাইপাৰ নামৰ সাপৰ প্ৰজাতিটো সন্দৰ্ভত বিভিন্ন ভ্ৰান্ত ধাৰণা বিয়পি পৰিছে। বিশেষকৈ সামাজিক মাধ্যম যেনে ফেচবুক,হোৱাটছএপত বিভিন্ন পোষ্ট তথা মেছেজ বিয়পিছে। খেনোৰ মতে ই অতিকৈ ভয়ংকৰ আৰু বিষধৰ সৰ্প আৰু খেনোৰ মতে ই অইন সাপৰ দৰেই। খেনোৰ মতে ই অসমৰ স্থানীয় সৰ্প নহয়, খোনোৰ মতে ইয়াৰ অৱস্থিতি অতীজৰে পৰাই আছে অসমত। আন […]

Continue Reading

চাণ্ডিপুৰা ভাইৰছ নো কি? কিদৰে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি? অসমবাসীৰ বাবে সাৱধানতা আৰু কৰণীয় কি?

(Thumbnail image source: https://www.indiatoday.in/health/story/chandipura-virus-outbreak-gujarat-symptoms-causes-prevention-treatment-the-deadly-infection-2567916-2024-07-17 ) অতি শেহতীয়াকৈ অসমৰ সংবাদ মাধ্যমত চাণ্ডিপুৰা ভাইৰছ সম্পৰ্কত বিভিন্ন বা-বাতৰি সম্প্ৰচাৰিত হৈছে। নিৰ্দিষ্ট একোটা দিনত সেইদিনটোৰ শেহতীয়া তথ্য, যেনে আক্ৰান্তৰ সংখ্যা, নিহতৰ সংখ্যা আদিৰে বাতৰি সম্প্ৰচাৰ হৈছিল। স্বাভাৱিকতেই এই বাতৰিয়ে অসমৰ সাধাৰণ জনতাৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে। মূলতঃ ১৫ বছৰ বয়সৰ অনুৰ্ধহে এই ৰোগত আক্ৰান্ত হয় […]

Continue Reading