পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “জুবিন ক্ষেত্ৰ”ত অনুষ্ঠিত অনুষ্ঠানৰ বুলি ভাইৰেল।

যোৱা ১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ “জুবিন ক্ষেত্ৰত” শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে বোকাত লুতুৰি-পুতুৰি হৈ নাম পৰিবেশন কৰিছে। দাবী‌ কৰা হৈছে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই “জুবিন ক্ষেত্ৰ”ত এই নাম পৰিবেশন কৰা হৈছিল। Facebook Link | […]

Continue Reading

এইজন শ্যামকানু মহন্ত নহয়। গণপ্ৰহাৰৰ বলি হোৱা লোকজন তুফানগঞ্জৰ বিজেপি সদস্য নিখিল গাবুয়া।

শেহতীয়াকৈ যোৱা ১৭ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে হালধীয়া বৰণৰ চোলা পিন্ধা মানুহ এজনক আন কেইজনমান মানুহে প্ৰহাৰ কৰিছে। উপৰ্যুপৰি প্ৰহাৰ কৰি তেওঁক মাটিত বগৰাই দিছে। ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেই হালধীয়া পোচাক পিন্ধা লোকজন জুবিন গাৰ্গৰ মৃত্যুৰ হৈতে সাঙোৰ খোৱা, অভিযুক্ত শ্যামকানু […]

Continue Reading

এইসকল জুবিন অনুৰাগী নহয়। এয়া উত্তৰ প্ৰদেশৰ বৰেইলীত হোৱা এক ধৰ্মীয় প্ৰতিবাদী সংঘাতৰ দৃশ্য।   

যোৱা ১৫ অক্টোবৰ ২০২৫ত অসমৰ বাক্সা জিলাৰ নিকাচিত থকা জিলা কাৰাগাৰলৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা ৫ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। তেওঁলোকক আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে নি কাৰাগাৰ চৌহদৰ ভিতৰত প্ৰবেশ পৰোৱাৰ সময়তেই তাত উপস্থিত থকা শ শ লোকে এক উত্তাল […]

Continue Reading

এইগৰাকী জুবিন গাৰ্গ নহয়। এওঁৰ নাম চানী নানাচাহেব ৱাঘচৌৰে ওৰফে গোল্ডেন বয় অৱ ইণ্ডিয়া।    

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম, ইউটিউৱ আৰু ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী সদ্য ধৰাত্যাগী শিল্পী জুবিন গাৰ্গ। ভিডিঅ’টোত দেখা গৈছে যে এখন হোটেলৰ এটা কোঠাৰ সমুখত দুজন বাউঞ্চাৰ আছে আৰু তেওঁলোকে দুৱাৰ খুলি দিয়াৰ পাছত ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যোৱা কেমেৰাত বন্দী হৈছে বিচনাত শুই থকা এগৰাকী ব্যক্তি। তেওঁ দেহৰ […]

Continue Reading

বাংলা চিনেতাৰকা দেৱ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱা নাছিল। মিছা দাবী এয়া।  

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ২৭ চেপ্তেম্বৰ,২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখাৰ ধৰণে বাংলা চিনেমা জগতৰ তাৰকা অভিনেতা দেৱ আহি উপস্থিত হৈছিলহি সদ্য দেৱংগত জুবিন গাৰ্গৰ গুৱাহাটীস্থিত বাসগৃহত। জুবিন গাৰ্গৰ দেহাৱসানৰ ৭টা দিন পাছত দেৱ আহি উপস্থিত হোৱা বুলি টেক্সট ওভাৰলে(Text Overlay) কৰি উল্লেখ কৰাৰ উপৰিও ভিডিঅ’ত থকা পাৰ্শ্বকণ্ঠতো উল্লেখ […]

Continue Reading

এয়া ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ দৃশ্য নহয়। এয়া ‘চিকাৰ’ চিনেমাখনৰহে দৃশ্য।

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ৬ অক্টোবৰ ২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ অভিনীত মুক্তি আসন্ন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। সেইটো আচলতে LUCAS3 নামৰ এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ প্ৰদৰ্শনমূলক ভিডিঅ’হে।

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ জৰিয়তে এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে। ভিডিঅ’টোৰ পাৰ্শ্বপটত জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি শুনা হৈছে আৰু জুবিন গাৰ্গৰ কণ্ঠ […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। নেপালৰ গণঅভ্যুথানৰ সময়ৰ এখন হাস্পতালৰ দৃশ্য এয়া। 

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে কোনো এগৰাকী ৰোগীক এখন হাস্পতালত চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিপিআৰ আছে আৰু প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে। সামাজিক মাধ্য়মৰ পোষ্টেৰে সেই ব্যক্তিগৰাকী জুবিন গাৰ্গ বুলি […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। এয়া কেৰালাৰ ফাডাৰ জলী  থাপালোদথৰ নশ্বৰদেহৰ ভিডিঅ’।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কাঁচৰ কফিনৰ ভিতৰত এটা নশ্বৰদেহ থৈ দিয়া হৈছে আৰু বহুলোকে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। বিভিন্নজনে কান্দিছে আৰু ফুলৰ থোৰা দি শেষ শ্ৰদ্ধা নিবেদন কৰিছে। কাঁচৰ কফিনটোত থকা […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। ভিডিঅ’টো দুমাহ পুৰণি আৰু এয়া কেৰালাৰ দৃশ্য।

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বুলি দাবী কৰা দেখা গৈছিল। হাস্পতালৰ পৰা এগৰাকী ৰোগীত এম্বুলেঞ্চেৰে আন এখন হাস্পতাললৈ স্থানান্তৰ কৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা দেখা গৈছে। সেই দাবীৰে আপলোড কৰা ইনষ্টাগ্ৰাম পোষ্টটোৰ স্ক্ৰীণশ্বট তলত দিয়া হৈছে।   Instagram Link […]

Continue Reading