‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই

শেহতীয়াকৈ মধ্য প্ৰাচ্য আৰু পূব ইউৰোপৰ অঞ্চলসমূহত বেঙুনীয়া ৰেখাৰে বিয়পি থকা এখন মেপ ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে সেয়া এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ। দাবী কৰা হৈছে যে ৰাছিয়াত এটা ঈগলৰ দেহত ট্ৰেকাৰ সংস্থাপিত কৰা হৈছিল আৰু ঈগলটোৱে যাত্ৰা কৰা বিভিন্ন অঞ্চলত সেই মেপখনত দেখুওৱা হৈছে। এনে এটা পোষ্ট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। […]

Continue Reading

ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

শেহতীয়াকৈ এটা পুৰণি হোৱাটচ‌এপ মেচেজ পুনৰ ফ’ৰৱাৰ্ড হোৱা দেখা গৈছে। মেচেজটোত কোৱা হৈছে যে মেচেজ প্ৰাপকজনে “কে বি চি”(Kaun Banega Crorepati, KBC)য়ে আয়োজন কৰা লটাৰীত ২৫লাখ টকা লাভ কৰিছে। উক্ত মেচেজটোত অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৌন বনেগা কৰোড়পতিৰ ল’গ’ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে। মেচেজটোত কোৱা হৈছে যে পোষ্টাৰখনত থকা নম্বৰটোত হোৱাটচ‌এপ ফোন কৰি লটাৰী […]

Continue Reading

ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয় 

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত আছিল এক পুৰণি ভাস্কৰ্য আৰু এজন স্কুবা ডাইভাৰৰ এখন ক’লাজ। পোষ্টটোত লিখা আছিল এইদৰে – “৫০০০ বছৰ পুৰণি সনাতনী সভ্যতাই শিলত খোদিত কৰা ভাস্কৰ্যত আধুনিক চিন্তা। কিমান চহকী আমাৰ সনাতনী (হিন্দু) সভ্যতা এবাৰ ভাবক…!!” Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই

অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে উদ্ধাৰ হোৱা বহুতো তৰোৱালৰ সৈতে কেইগৰাকীমান আৰক্ষীক। “অসমীয়া পেজ” নামৰ ফেচবুক পেজ এটাৰ পৰা এই ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে এই তৰোৱাল সমূহ জনিয়াৰ এখন মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

এইখন এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয়

যোৱা ২৭ জুলাইত আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট বিজ্ঞানী এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ২০১৫ চনৰ জুলাই মাহৰ ২৭ তাৰিখে আই আই এম শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত হাৰ্ট এটেকৰ ফলত তেখেতৰ দেহাৱসান হৈছিল। সেই সময়ত এখন বিশেষ ফটো এ পি জে আব্দুল কালামৰ অন্তিম ফটো বুলি ভাইৰেল হৈছিল। সেই একেখন ফটো […]

Continue Reading

ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে “কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ’ব।। হৰ হৰ মহাদেৱ।।” Archived Link একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা […]

Continue Reading

Explainer: খোলাকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীত কোনো জিএচটি আৰোপ কৰা হোৱা নাই

শেহতীয়াকৈ জি এচ টি সন্দৰ্ভত কেইবাটাও বাতৰি ভাইৰেল হোৱা দেখা গৈছে। দেশত যোৱা ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা নতুন জি এচ টি নিৰিখ অনুসৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীতো আৰোপ কৰা হৈছে জি এচ টি। বিভিন্ন খাদ্য সামগ্ৰীত জি এচ টি আৰোপ কৰাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বিভিন্ন বাতৰিত কোৱা হৈছে যে […]

Continue Reading

বিজয় মালিয়াক ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড বিহা হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত লিখা আছিল এইদৰে, “উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ যায় ৪ মাহৰ কাৰাবাস বিজয় মালিয়াক ৪০ মিলিয়ন মাৰ্কিন ডলাৰ আদায়ৰ আদেশ  ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত এই কাৰাদণ্ড উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়” | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]

Continue Reading