বহু পুৰণি ফটোৰে দাবী কৰা হৈছে যে এয়া শেহতীয়াকৈ ঢাকাত ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা দৃশ্য।  

Missing Context Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি লিখা হৈছে- ‘ঢাকাৰ ট্ৰেফিক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষীক সহায় কৰিবলৈ পথত নামিছে ছাত্ৰ ছাত্ৰীৰ দল।’ এই খবৰে শিৰোনামা দখল কৰিলে বিশ্বৰ মূল সুঁতিৰ বাতৰি কাগজত। এইদৰে ফটোখন ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে সেয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ শেহতীয়া দৃশ্য আৰু এইদৰে ঢাকাৰ ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণত ব্যস্ত হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcqsnynjiFWJoHB5qLpsMzRi5FoG2sKSE7766qvlmavflS6-3Ue0VpYdJVKqmeUYqtfYOR9JWdm8gSbYqVfSpmmOIf5bDi87D9_Rz-NEEiaQ8eJPrUJRgW-2YjNd0g8qHSKIHNa8g?key=8EY1B6jJlxkWJ8v5fPDulNd8

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইণ্টাৰনেটত সেই ফটোখন ব্যৱহাৰ কৰি লিখা বহুতো লেখা আৰু বাতৰি লাভ কৰিলোঁ। বাংলাদেশৰ পৰা প্ৰচাৰিত সংবাদ প্ৰতিস্থান দ্য ফিনাঞ্চিয়েল পোষ্টৰ এটা পুৰণি লেখাত সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখা পালোঁ। ২০২১ চনৰ অক্টোবৰৰ ৩১ তাৰিখে প্ৰকাশ কৰা Infrastructure not ready for Bus Route Rationalisation শীৰ্ষক বাতৰিটোত সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdguHpBazZ3_iP6ZPs9TAlJGmPCKtpcwWHEH-_Yu-XNraOiVPonwfVodzsogUS2uzz4rMnfYlTAsFVDggk1zay4hQiqPlxoxTsGowDbEW2Ub7zw9hRD0WykoJrKzXk8Q2UDbe98?key=8EY1B6jJlxkWJ8v5fPDulNd8

ইয়াৰ পাছত আমি বাংলাদেশৰ পৰা প্ৰচাৰিত সমকাল নামৰ সংবাদ প্ৰতিস্থানৰ ২০২১ চনৰ ৪ নৱেম্বৰত  প্ৰকাশিত বাস-ট্রাক চালু রাখার আহ্বান ৩ সংগঠনের শীৰ্ষক বাতৰিটোত ফাইল ফটো হিচাপে এই ফটোখন ব্যৱহাৰ কৰা দেখা পালোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfo1xJZBH4pcABpwddp8M4wy9GkAE_WrYI4wUtiDl1K2NBZllNg8BKM6piu28XlGRS6bGFygL4YXjTR2hgyeK6Ogfb69MhSGOdKMJs5IAxy4gF6Q0byk_fwVD_Xon-AwH5vJTQKRQ?key=8EY1B6jJlxkWJ8v5fPDulNd8

আনহাতে ২০২৩ চনৰ ১৭ অক্টোবৰত ৰেডিঅ’টুডেত প্ৰকাশিত সড়কে মেয়াদোত্তীর্ণ যানবাহন পাঁচ লাখের বেশি: বিআরটিএ শীৰ্ষক বাতৰিটোতো এই একেখন ফটোকে ব্যৱহাৰ কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc6UGLBH--YAd84b0DYVQB7K_5jLFF4oAGhmTfDMGY5s4IeyGSDdbwFH0XtIdnep7-TYJTb_1u_qK2hBjJ18jXVodwh5RzfuqB11c0FGYfr6jEZP00D4SmD7Hpr4hS6Jnl7zEFj?key=8EY1B6jJlxkWJ8v5fPDulNd8

ইয়াৰ উপৰিও ২০২২ চনৰ ৪ জুনত ইট্টেফাকত প্ৰকাশিত যানজটে ক্ষতির আর্থিক মূল্য শীৰ্ষক বাতৰিটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf2ITmlhY2dKTxwiMcF0EEgu5Y8xYF0VuQ5724ZjhHnmkexlOtERnuXZmr0L1OfOl973YRWjMdI2Yz7WwsGcKGJ-DwyGyUXhT8_Pdb54QRY5iWPEdeO9YdgFy1hOEIeHwid8Ogs7g?key=8EY1B6jJlxkWJ8v5fPDulNd8

কেৱল ইমানেই নহয় ২০১৮ চনত ঢাকাৰ ৰাজপথত ব্যক্তিগত উদ্যোগত চলাচল কৰা বাছ সম্পৰ্কত ইটালীৰ এক সংবাদ প্ৰতিস্থানে কৰা এক বাতৰিটো সেই ফটোখন আমি পালোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcQvGWK5pLyH5bbGjm7NpPH_caQUzOgLN-0OoP5scV2Xu05sZ1g7jrZe423YqGnW5TL_YH6v0yBiYFiIl0YkR3jOWYo-e38XUjy06Zgpk64pxlOQd6kXM7rNSPcDATieRLyqMBH?key=8EY1B6jJlxkWJ8v5fPDulNd8

আনকি গুজৰাটী সংবাদ প্ৰতিস্থান পিওৰ কাথিয়াৱাড়ীয়ে যানজট সম্পৰ্কত পৰিবেশন কৰা এক বাতৰিত ২০১৭ চনতেই সেই ফটোখন ব্যৱহাৰ কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd8z2Bvy32DZtJQMihL7ey3qa26TQmCRtUGQc2TvyOHpxNRzySYoWkSGwi7_PZ0XXYddHib_UqOhNELnjCk7ECMslGoAhrvy4wWjv4wMmr0Ukeb0lZ06G2Dv4rZwSO2bCGbkzdogA?key=8EY1B6jJlxkWJ8v5fPDulNd8

একেখন ফটো ব্যৱহাৰ কৰি লেখা অন্য পুৰণি লেখা ইয়াত চাব পৰিব। 

এইসমুহ তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে অসমৰ ফেচবুক পেজটোৱে দাবী কৰা ধৰণে সেই ফটোখন যদিও ঢাকাৰ, কিন্তু শেহতীয়া নহয় (যিহেতু পোষ্টটো ২০২৪ চনৰ ৪ নৱেম্বৰত কৰা হৈছে)। সেই ফটোখন প্ৰায় ২০১৭ চনৰ পৰায়ে ইণ্টাৰনেটত উপলব্ধ। সেই ফটোখনৰ ঢাকাৰ অতি শেহতীয়া ট্ৰেফিক নিয়ন্ত্ৰণৰ বিষয়টোৰ সৈতে কোনো সম্পৰ্ক নাই।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো প্ৰসংগ সংগতিহীন। সেই ফটোখন যদিও ঢাকাৰ, কিন্তু প্ৰায় ২০১৭ চনৰ পৰায়ে ইণ্টাৰনেটত উপলব্ধ। সেই ফটোখনৰ ঢাকাৰ অতি শেহতীয়া ট্ৰেফিক নিয়ন্ত্ৰণৰ বিষয়টোৰ সৈতে কোনো সম্পৰ্ক নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বহু পুৰণি ফটোৰে দাবী কৰা হৈছে যে এয়া শেহতীয়াকৈ ঢাকাত ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা দৃশ্য।

Fact Check By: Pranjal Sharma 

Result: Missing Context

Leave a Reply

Your email address will not be published. Required fields are marked *