
অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে কোনো এক অঞ্চলত বিশাল অট্টালিকা ৰকেটেৰে বিস্ফোৰণ কৰি ধ্বংস কৰা হৈছিল। ভিডিঅ’টোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য দেখুওৱা হোৱা বুলি দাবী কৰা হৈছিল। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইজৰাইলৰ ওপৰত হেজবুল্লাহৰ আক্ৰমণ।। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৰ বাসভৱনলৈ ড্ৰোন নিক্ষেপ।।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিবিচি হিন্দীত ২০২৩ চনৰ ১৪ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো আমি পালোঁ। ফটোখন গাজাৰ বুলি উল্লেখ কৰা হৈছিল।
প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে গাজাৰ ওপৰত ইজৰাইলে বগা ফছফ’ৰাছ (White Phosphorus)ৰ আক্ৰমণ কৰা বুলি পেলেষ্টাইনে অভিযোগ উত্থাপন কৰিছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Getty Images ত আপলোড কৰা এটা ভিডিঅ’ পালোঁ যিটোৰ কিছু অংশ ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশৰ সৈতে একেই আছিল। ভিডিঅ’টোৰ বিৱৰণত উল্লেখ কৰা হৈছিল যে সেয়া ইজৰাইলে গাজাৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য।
Archived Link
আমি পুনৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰি আল জাজিৰাৰ ইউটিউব চেনেলত ২০২৩ চনৰ ৭ অক্টোবৰত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। সাংবাদিক ইউমনা আল ছায়েদে আল জাজিৰাৰ বাবে লাইভ ৰিপ’ৰ্ট দিয়াৰ সময়তে মধ্য গাজা চহৰৰ এটা ওখ অট্টালিকাত (পেলেষ্টাইন টাৱাৰ) ইজৰাইলৰ ৰকেট আক্ৰমণ সংঘটিত হয়।
ভিডিঅ’টোত দেখুওৱা দৃশ্যাংশ ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই আছিল।
বিবিচি তেলুগুৰ ২০২৩ চনৰ ৮ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদনতো আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা দৃশ্যাংশ পালোঁ।
আন এটা ইউটিউব চেনেলত ২০২৩ চনৰ ৭ অক্টোবৰত আপলোড হোৱা এটা ভিডিঅ’ আমি পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা দৃশ্যাংশ আছিল আৰু সেয়া গাজাৰ দৃশ্য বুলি উল্লেখ কৰা হৈছিল।
গতিকে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইজৰাইলৰ নহয় বৰং গাজাৰহে বুলি আমি নিশ্চিত হ’লোঁ।
উল্লেখযোগ্য যে হিজবুল্লাহে ২০২৪ চনৰ ১৯ অক্টোবৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এটা ঘৰত ড্ৰোণ আক্ৰমণ কৰা বুলি ২০২৪ চনৰ ২২ অক্টোবৰত দায়িত্ব স্বীকাৰ কৰিছিল। কিন্তু নেতান্যাহু আৰু তেওঁৰ পত্নী সুৰক্ষিত থকা বুলি বাতৰিত প্ৰকাশ পাইছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টোৰ বেঞ্জামিন নেতান্যাহুৰ ঘৰত হোৱা ড্ৰোণ আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টো এবছৰ পুৰণি। ২০২৪ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ এয়াৰষ্ট্ৰাইকত গাজাৰ অট্টালিকাহে ধ্বংস হোৱা দেখা গৈছে ভাইৰেল ভিডিঅ’টোত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:গাজাৰ এবছৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: Misleading
