
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত হোৱা ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে ভিডিঅ’ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ সংগীতশিল্পী অৰিজিৎ সিঙৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁ কোৱ শুনা গৈছে যে তেওঁৰ ইভেণ্ট কম্পেনীয়ে এক এণ্টি ৰেপ ল’গ’ উদ্বোধন কৰিছে। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে কলকাতাৰ শেহতীয়া ধৰ্ষণৰ ঘটনাৰ এইদৰে প্ৰতিবাদ কৰিছে অৰিজিৎ সিঙে।
কিন্তু সঁচাকৈয়ে অৰিজিৎ সিঙৰ এই ভিডিঅ’টো শেহতীয়া হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া The Arijitians নামৰ ফেচবুক পেজ এটাত এই ভিডিঅ’টো ২০২৪ চনৰ ২৪ জুনত আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বনত অনুসৰি এই ভিডিঅ’টো ২০১৪ চনৰ বৰহমপুৰৰ এক অনুষ্ঠানৰ।
কিন্তু কলকাতাৰ ধৰ্ষণৰ ঘটনাটো ঘটিছিল ২০২৪ চনৰ ৯ আগষ্টত। যিহেতু ভাইৰেল ভিডিঅ’টো যোৱা ২৪ জুনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, গতিকে এই ভিডিঅ’টোৰ কলকাতাৰ শেহতীয়া ঘটনাটোৰ সৈতে সম্পৰ্ক নাই বুলি বুজিব পাৰি।
কলকাতাৰ ধৰ্ষণৰ ঘটনা সম্পৰ্কে অৰিজিৎ সিঙে শেহতীয়াকৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি সেয়া জানিবলৈ আমি অৰিজিৎ সিঙৰ অফিচিয়েল ফেচবুক আৰু ইনষ্টাগ্ৰাম হেণ্ডলত ছাৰ্চ কৰিলোঁ কিন্তু তেনে কোনো পোষ্ট আমাৰ দৃষ্টিগোচৰ নহ’ল।
এই সম্পৰ্কে অধিক তথ্যৰ বাবে আমি অৰিজিৎ সিঙৰ ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ। তেওঁলোকৰ পৰা উত্তৰ পালেই আমি ইয়াত আপডেট কৰিম।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। অৰিজিৎ সিঙৰ এই ভিডিঅ’টো পুৰণি আৰু কলকাতাৰ শেহতীয়া ধৰ্ষণৰ ঘটনা সম্পৰ্কে তেওঁ এই ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টোত অৰিজিৎ সিঙে কলকাতাৰ শেহতীয়া ধৰ্ষণৰ ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নেকি?
Fact Check By: Debanjana BaishyaResult: False
