
শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে।ভিডিঅ”টোত দেখা গৈছে যে কোনো এক সীমান্তত কাইটীয়া তাঁৰৰ দুয়োপাৰে অসংখ্য লোক ভিৰ কৰিছেহি। দাবী কৰা হৈছে যে ভাৰত-বাংলাদেশ সীমান্তৰে এনেকৈ অসংখ্য বাংলাদেশী লোকে অসমত সোমাব খুজিছে।
আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি ২০১৮ চনৰ জুন মাহত Your Friends নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোৰ লগত লিখা শিৰোনামটো চাই গম পালোঁ যে ভিডিঅ’টো ১৫ এপ্ৰিল,২০১৮ তাৰিখে হোৱা ভাৰত বাংলাদেশ মিলন মেলাৰ । আমি দেখিলোঁ যে মিলন মেলা ২০১৮ৰ আৰু বহুকেইটা ভিডিঅ’ একেটা চেনেলতে আপলোড কৰা হৈ আছে। ইয়াৰ পৰা আমি ইতিমধ্যে বুজিব পাৰিলোঁ যে ভিডিঅ’টো শেহতীয়া নহয়।
আমি যেতিয়া এই ভিডিঅ’টোৰ ক্ষেত্ৰত আৰু অধিক অনুসন্ধান কৰিলোঁ, তেতিয়া আমি অসম আৰক্ষীৰ এক্স আৰু ফেচবুক পেজত এই ভিডিঅ’টোৰ সৈতে জড়িত এটা পোষ্ট পালোঁ। ভিডিঅ’টোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ইয়াক ভুৱা বুলি অভিহিত কৰিছে অসম আৰক্ষীয়ে আৰু ভিডিঅ’টো ২০১৮ চনৰ এপ্ৰিল মাহৰ বুলি উল্লেখ কৰা হৈছে।
এই বিষয়ে আমি বিভিন্ন সংবাদ মাধ্যমৰ কিছুমান প্ৰতিবেদন পালোঁ। ২০১৮ চনৰ ১৬ এপ্ৰিলত প্ৰকাশিত দ্য টেলিগ্ৰাফৰ বাতৰি অনুসৰি সীমান্তৰ দুয়োপাৰে বাস কৰা ভাৰত আৰু বাংলাদেশৰ বহু লোকে জলপাইগুৰিৰ ৰাজগঞ্জ ব্লকত আয়োজিত এই মেলাত সীমান্তৰ কাষত এনেদৰে সমবেত হয়। সীমান্ত সুৰক্ষা বাহিনী আৰু বিজিবিৰ তত্বাৱধানত আয়োজন কৰা হয় এই মেলা।
২৪ জুলাই ২০১৯ৰ অমৰ উজালাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বৈশাখীৰ তাৰিখত ভাৰত-বাংলাদেশ সীমান্তত এখন বৈঠকৰ আয়োজন কৰা হৈছিল। দুয়োখন দেশৰ মানুহে বছৰত এবাৰ সীমান্তলৈ আহে নিজৰ আত্মীয়ক চাবলৈ আৰু দুয়োখন দেশৰ ফেন্সিং (কাঁইটীয়া তাঁৰ) স্থাপন কৰা ঠাইত তেওঁলোকৰ লগত কথা পাতিবলৈ সুবিধা লাভ কৰে।
লগতে কোৱা হৈছে যে এই মেলা বি এছ এফে বাংলাদেশ সীমান্তৰক্ষীৰ (বিজিবি) সহযোগত আৰম্ভ কৰিছিল। যিসকলৰ হাতত ভিছা বা পাছপ’ৰ্ট বনোৱাৰ বাবে ধন নাই তেনেকুৱা লোকে চাৰি-পাঁচ মিটাৰ দূৰৈত থিয় হৈ ইজনে আনজনৰ কুশল-মংগলৰ বাৰ্তা বিনিময় কৰে।
ইয়াৰ পাছত ২০২৩ চনৰ ১৩ এপ্ৰিলত প্ৰকাশিত ইটিভিৰ(Archived Link) খবৰটোতো স্পষ্ট হৈ পৰিল যে ২০২০ চনৰ পৰা কৰ’ণাৰ বাবে আৰু তাৰ পাছত নিৰাপত্তাজনিত কাৰণত একেৰাহে চাৰি বছৰ ধৰি এই মেলা আয়োজন কৰা হোৱা নাছিল। ভাৰত আৰু বাংলাদেশ মিলন মেলাৰ আয়োজন কৰা হয় পশ্চিম বংগৰ জলপাইগুৰিত ভাৰত-বাংলাদেশ সীমান্তত প্ৰতিটো নৱবৰ্ষৰ পূৰ্বে। বাংলা নৱবৰ্ষক পইলা বৈশাখ বুলিও জনা যায়। বাংলা পঞ্জিকাৰ প্ৰথম দিনটোত উদযাপন কৰা হয় এই পইলা বৈশাখ। সাধাৰণতে এই দিনটো ইংৰাজী ১৪ বা ১৫ এপ্ৰিলত পৰে। কিন্তু নিৰাপত্তাজনিত কাৰণত এইবাৰ অনুষ্ঠানটো আয়োজন কৰাৰ অনুমতি দিয়া নহ’ল।
এইদৰেই স্পষ্ট হৈ পৰে যে ভাৰত-বাংলাদেশ সীমান্তৰ মিলন মেলাৰ এটি পুৰণি ভিডিঅ’ ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে। বাংলাদেশৰ পৰা অসম সীমান্তৰে হাজাৰ হাজাৰ লোকৰ অনুপ্ৰৱেশৰ ভিডিঅ’ নহয় এইটো।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাৰত-বাংলাদেশ সীমান্তৰ মিলন মেলাৰ এটি পুৰণি ভিডিঅ’ ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে। বাংলাদেশৰ পৰা অসম সীমান্তৰে হাজাৰ হাজাৰ লোকৰ অনুপ্ৰৱেশৰ ভিডিঅ’ নহয় এইটো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশৰ সীমান্তৰে এনেকৈ অসমত সোমাব খুজিছে নেকি অসংখ্য বাংলাদেশীয়ে? সত্যটো কি জানক।
Fact Check By: Pranjal SharmaResult: False
