
যোৱা ৮ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পাছত চ’ছিয়েল মিডিয়াত সূৰ্যগ্ৰহণ সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এয়া দক্ষিণ আমেৰিকাত দেখা যোৱা সূৰ্যগ্ৰহণৰ দৃশ্য।
ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে,
” চাউথ আমেৰিকাত লাইভ দেখিবলৈ পোৱা গ’ল এই বিৰল সূৰ্য গ্ৰহণৰ দৃশ্য।
অৱশেষত দেখিবলৈ পোৱা গ’ল সূৰ্য আৰু চন্দ্ৰৰ মিলন।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
আমি ATLANTICAEVOLUTIN নামৰ ইউটিউব চেনেল এটাত ভাইৰেল ভিডিঅ’টো পালোঁ যিটো আপলোড কৰা হৈছিল ২০২০ চনৰ ২১ জুনত। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে,”SOLAR ECLIPSE 21 JUNE 2020 from Thailand (Grita Radio)
যিহেতু এই ভিডিঅ’টো ২০২০ চনতে আপলোড কৰা হৈছিল, গতিকে আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।
আমি এইবাৰ প্ৰাসংগিক কী-ৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া ইউটিউবত ২০২০ চনৰ ২১ জুনত আপলোড হোৱা আন এটা ভিডিঅ’ পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই। এই ভিডিঅ’টো সেই সময়ত লাইভ ষ্ট্ৰীম কৰা হৈছিল।
ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল যে সেয়া ২০২০ চনৰ ২১ জুনত হোৱা এনুলাৰ সূৰ্যগ্ৰহণৰ দৃশ্য আৰু সেই ভিডিঅ’টো লাইভ ষ্ট্ৰীম কৰা হৈছিল থাইলেণ্ডৰ পৰা।

একেটা ভিডিঅ’ ২০২১ চনৰ ২১ জুনত এটা ফেচবুক পেজতো আপলোড কৰা হৈছিল।
২০২০ চনৰ ২১ জুনত হোৱা এই সূৰ্যগ্ৰহণ আছিল এনুলাৰ সূৰ্যগ্ৰহণ অথবা ইয়াক “ৰিং অৱ ফায়াৰ” বুলিও কোৱা হয়। এই সূৰ্যগ্ৰহণৰ সম্পৰ্কে ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
উল্লেখযোগ্য যে যোৱা ৮ এপ্ৰিলত হোৱা সূৰ্যগ্ৰহণ আছিল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। কিন্তু ভাইৰেল ভিডিঅ’টোত দেখা যোৱা সূৰ্যগ্ৰহণ হৈছে এনুলাৰ সূৰ্যগ্ৰহণ। যেতিয়া সূৰ্য্য পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে আৰু চন্দ্ৰ সৰ্বাধিক দূৰত্বত থাকে তেতিয়া চন্দ্ৰৰ আপাত ডিস্ক সূৰ্য্যতকৈ সৰু হয়। যদি এই সময়ত সূৰ্য্যৰ গ্ৰহণ হয়, তেন্তে সূৰ্য্যৰ ডিস্কৰ ওপৰেৰে পাৰ হৈ যোৱা চন্দ্ৰৰ ডিস্কে ইয়াক সম্পূৰ্ণৰূপে আবৰি ৰাখিব নোৱাৰে কিন্তু ইয়াৰ চাৰিওফালে সূৰ্য্যৰ ৰিম দৃশ্যমান কৰি ৰাখিব। এনে সূৰ্যগ্ৰহণক এনুলাৰ বুলি কোৱা হয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত দক্ষিণ আমেৰিকাত দৃশ্যমান শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্য দেখুওৱা হোৱা নাই। এই ভিডিঅ’টো ২০২০ চনৰ জুন মাহত হোৱা এনুলাৰ সূৰ্যগ্ৰহণৰ, যিটো থাইলেণ্ডৰ পৰা দৃশ্যমান হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২০ চনৰ ভিডিঅ’ শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
