
শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈছে য’ত কোৱা হৈছে যে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে।
তেনে এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টো প্ৰথমে ভালদৰে চালোঁ। ভিডিঅ’টোৰ ১:০১ টাইমষ্টেম্পত আমি কোৱা শুনিলোঁ যে নেল্লুৰ জিলাত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এইবাৰ আমি প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
আমি যোৱা ১৭ ফেব্ৰুৱাৰীত প্ৰকাশিত টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত যোৱা ৭ ফেব্ৰুৱাৰীৰপৰা হোৱা বাৰ্ড ফ্লুৰ ফলত প্ৰায় ১০,০০০ মুৰ্গীৰ মৃত্যু হৈছে। ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মৰ(যিবোৰৰপৰা বেমাৰ বিয়পাৰ সম্ভাৱনা আছে)১ কিলোমিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত এলেকাত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত ৩ মাহলৈকে নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
টাইমছ অফ ইণ্ডিয়াৰ ১৮ ফেব্ৰুৱাৰীত প্ৰকাশিত প্ৰতিবেদন অনুসৰি নেল্লোৰ জিলাৰ দুখন গাঁৱত বাৰ্ড ফ্লুয়ে দেখা দিছিল। আৰক্ষীয়ে ইয়াৰ আশে-পাশে ৩ কিলোমিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দোকান বন্ধ কৰি দিছিল।
এই সম্পৰ্কে দ্য হিন্দুৰ এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
গতিকে আমি নিশ্চিত হ’লোঁ যে অন্ধ্ৰপ্ৰদেশত বাৰ্ড ফ্লুৰ ফলত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা কথাটো সত্য।
কিন্তু বাতৰিটোৰ কেপশ্বনত লিখা হৈছিল যে অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে। সেয়ে এইবাৰ আমি হাঁহ-কুকুৰা আৰু পশুধন নিগম, পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসমৰ ৱেবছাইটত আৰু চ’চিয়েল মিডিয়াত এই সম্পৰ্কে তথ্য বিচাৰিলোঁ কিন্তু তাত অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা বুলি কোনো তথ্য আমি নাপালোঁ।
এই সম্পৰ্কে সঠিক তথ্য পাবলৈ আমি হাঁহ-কুকুৰা আৰু পশুধন নিগমৰ মহা প্ৰবন্ধক ড° পূৰ্ণানন্দ কোঁৱৰৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আমাক কয় যে অসমত বাৰ্ড ফ্লুৰ কোনো ঘটনা শেহতীয়াকৈ হোৱা নাই। ভাইৰেল বাতৰিটো মিছা বুলি তেওঁ আমাক নিশ্চিত কৰে।
গতিকে ভিডিঅ’ৰ কেপশ্বনত লিখা ধৰণে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই বৰং নিষেধাজ্ঞা আৰোপ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ কিছু অঞ্চলতহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নেকি?
Fact Check By: Debanjana BaishyaResult: Partly False
