
শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পদুম ফুলৰ ছবি থকা বগা চোলা পিন্ধি বিপুল জনসমাগমক সম্বোধন কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। সেই ফটোখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই সম্পৰ্কে সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

অনুৰূপ দাবী কৰি এক্সত পোষ্ট দিয়াও আমি দেখিলোঁ।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ভাইৰেল ফটোখন পৰীক্ষা কৰিলোঁ। ফলত আমি কেইবাটাও এক্স পোষ্ট পালোঁ। একেই ছবিৰ সৈতে তেনে এটা পোষ্ট, কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া এণ্ড ডিজিটেল প্লেটফৰ্মৰ অধ্যক্ষ তথা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্যা সুপ্ৰিয়া শ্ৰীনাতেৰ এক্স হেণ্ডেলত আমি লাভ কৰিলোঁ। লিখা হৈছিল- “When there was talk of a journey from East to West – I said that this journey can start only from Manipur.” (“যেতিয়া পূৱৰ পৰা পশ্চিমলৈ যাত্ৰা কৰাৰ কথা কৈছিল – মই কৈছিলোঁ যে এই যাত্ৰা কেৱল মণিপুৰৰ পৰাই আৰম্ভ হ’ব পাৰে।”) সেই ফটোখনত কিন্তু ৰাহুল গান্ধীৰ চোলাত পদুম ফুলৰ ছবি নাছিল।
যোৱা ১৫ জানুৱাৰীত ভাৰত জোডো ন্যায় যাত্ৰাৰ বাবে ৰাহুল গান্ধীয়ে মণিপুৰত উপস্থিত হোৱাৰ সময়তে এই ভাইৰেল ফটোখন পোষ্ট কৰা হৈছিল।

কেৰালাৰ থ্ৰিছুৰৰ সংসদ তথা শিক্ষা, মহিলা, শিশু, ক্ৰীড়া সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সদস্য টি এন প্ৰথাপনেও একেখন ছবি পোষ্ট কৰে, ৰাহুল গান্ধীৰ চোলাত পদুমৰ ছাপ নোহোৱাকৈ।
মূল ফটো আৰু ভাইৰেল ফটোৰ এক তুলনা তলত দিয়া হৈছে।

ভাইৰেল ফটোখন পোষ্ট কৰাৰ দিনা (১৫ জানুৱাৰী, ২০২৪) মণিপুৰত আছিল ৰাহুল গান্ধী। মণিপুৰৰ পৰা তেওঁৰ অফিচিয়েল ফেচবুক পেজত লাইভ সম্প্ৰচাৰত ৰাহুল গান্ধীয়ে পদুম ছবি থকা চোলা পিন্ধা নাছিল।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে যিখন ফটো ভাইৰেল কৰা হৈছে, সেইখন সম্পাদনা কৰা। প্ৰকৃততে ৰাহুল গান্ধীয়ে সেই দিনা পদুমৰ ছবি থকা চোলা পিন্ধা নাছিল। তেওঁ এটা উকা শুধবগা চোলা হে পিন্ধি আছিল। দাবীটো মিছা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। যিখন ফটো ভাইৰেল কৰা হৈছে, সেইখন সম্পাদনা কৰা। প্ৰকৃততে ৰাহুল গান্ধীয়ে সেই দিনা পদুমৰ ছবি থকা চোলা পিন্ধা নাছিল। তেওঁ এটা উকা শুধবগা চোলা হে পিন্ধি আছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাহুল গান্ধীৰ চোলাত পদুম ফুলৰ ছবি কিয়? প্ৰকৃত কথাটো কি জানক।
Written By: Pranjal SharmaResult: False
