
শেহতীয়াকৈ চ’চিয়েল মেডিয়াত অভিনেতা ছানী দেউলৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ হোৱাটচএপতো বহুলভাৱে শ্বেয়াৰ হোৱা এই ভিডিঅ’টো আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে অভিনেতা ছানী দেউলে নিচাসক্ত অৱস্থাত পথত খোজকাঢ়ি আছে আৰু তেনে সময়তে এজন অটোচালকে তেওঁক অটোত উঠাই লৈ গৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে -“মদৰ নিচাত ৰাজপথত ঢলং পলং খোজেৰে ছানী দেউল”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
আমি প্ৰথমে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা প্ৰতিবেদন পালোঁ য’ত লিখা হৈছিল যে অভিনেতা ছানী দেউলে নিচাসক্ত অৱস্থাত পথত খোজকাঢ়ি থকা এই ভিডিঅ’টো প্ৰকৃততে এখন চিনেমাৰ দৃশ্যগ্ৰহণৰহে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
তাৰ পিছত আমি ছানী দেউলৰ অফিচিয়েল টুইটাৰত(বৰ্তমানৰ এক্স) একেটা ভিডিঅ’ পালোঁ য’ত অভিনেতাজনে এই ভিডিঅ’টো আন এটা এংগলৰ পৰা লোৱা অৱস্থাত শ্বেয়াৰ কৰি কেপশ্বনত লিখিছে এইদৰে, “Afwaahon ka ‘Safar’ bas yahi Tak🙏🙏”।
লগতে হেশ্বটেগ ব্যৱহাৰ কৰিছে এইদৰে – #Shooting #BTS
ভিডিঅ’টোত অভিনেতাজনে ভাইৰেল ভিডিঅ’টোত দেখা ধৰণেই খোজকাঢ়ি থকা দেখা গৈছিল আৰু কেমেৰাৰে দৃশ্যগ্ৰহণ কৰি থকা দেখা গৈছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ছানী দেউলে নিচাসক্ত অৱস্থাত পথত খোজকাঢ়ি থকা দৃশ্যটো প্ৰকৃততে এখন চিনেমাৰ দৃশ্যগ্ৰহণৰহে আছিল ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
