অসমত ৫৫জন ব্যক্তি ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি?

Coronavirus False Medical

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

ৱুহান ক’ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক বাতৰি অসমত ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে অসমত ইতিমধ্যে ক’ৰনা ভাইৰাছত ৫৫জন আক্ৰান্ত হৈছে বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছে । ইনচাইড এনই নামৰ এক ৱেব পৰ্টেলে প্ৰকাশ কৰা উক্ত বাতৰিটোয়ে সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ভাইৰেল হৈ পৰিছে । উক্ত বাতৰিটো মাৰ্চ ৪, ২০২০ তাৰিখে প্ৰকাশ হৈছে আৰু ইয়াৰ পাছত বিভিন্নজনে ফেচবুকত বাতৰিটোৰ ৱেব লিংক শ্বেয়াৰ কৰি ভাইৰেল কৰি তুলিছে । 

WhatsApp Image 2020-03-04 at 18.33.40.jpeg

সঁচাকৈ অসমত ৫৫জন মানুহ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি বাতৰিটোৰ উৎস বিচাৰিলোঁ আৰু পালোঁ যে চলিত অসম বিধানসভাৰ প্ৰশ্নোত্তৰ কালত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰনা ভাইৰাছৰ বিষয়ে এক উত্তৰ দিছিল য’ত স্পষ্টকৈ লিখা আছে যে বৰ্তমানলৈকে অসমত ক’ৰনা ভাইৰাছত কোনো আক্ৰান্ত হোৱাৰ প্ৰমাণ নাই । 

WhatsApp Image 2020-03-04 at 17.44.18.jpeg

আমি মন্ত্ৰীজনৰ উত্তৰটো আৰু বিতংকৈ পঢ়ি গম পালোঁ যে আচলতে এতিয়ালৈকে চীনৰ পৰা ঘূৰি অহা ৫৫জন লোক সন্দেহবশত নিৰীক্ষণ কৰা হৈছে আৰু কিছুমানক পৰ্যবেক্ষণটো ৰখা হৈছে কিন্ত এজনকো এতিয়ালৈকে পজিটিভ পোৱা নাই । 

আমি এই বিষয়ে অসমৰ বিভিন্ন প্ৰধান প্ৰধান নিউজ গোষ্ঠীৰ ৱেবছাইটত এই সম্পৰ্কে কিবা লিখনি প্ৰকাশ হৈছে নেকি চালোঁ কিন্তু ক’তো তেনেধৰণৰ বাতৰি আমাৰ চকুত দৃষ্টিগোচৰ নহল । 

ফলাফল

অসমত এজনো ব্যক্তি ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱা নাই আৰু এতিয়ালৈকে ৫৫জন লোকক সন্দেহবশত নিৰীক্ষণ কৰা হৈছে আৰু কিছুমানক পৰ্যবেক্ষণত ৰখা হৈছে কিন্ত এজনকো এতিয়ালৈকে পজিটিভ পোৱা নাই । ভাইৰেল হোৱা বাতৰিটো মিছা আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে ।

Avatar

Title:অসমত ৫৫জন ব্যক্তি ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *