
যোৱা ২ এপ্ৰিল ২০২৩ত Ritstime নামৰ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিস্থানে ৰাতিপুৱা ৯ বাজি ২৮ মিনিটত নিজৰ ফেচবুক পেজত এটা বাতৰি প্ৰকাশ কৰিছিল এই দাবীৰে যে “মঙল গ্ৰহলৈ যাব অসম সন্তান তথা অভিনেতা আদিল হুচেইন”। আদিল হুচেইনৰ ফটো ব্যৱহাৰ কৰি প্ৰচাৰ কৰা বাতৰিটোত কোৱা হৈছে যে “মঙল গ্ৰহলৈ যোৱাৰ বাবে নাছাৰ পৰা বৰ্ডিং পাছ লাভ কৰিছে অসম সন্তান তথা অভিনেতা আদিল হুচেইনে।”
সংবাদ প্ৰতিস্থানটোৱে প্ৰকাশ কৰা সেই ফটোখন হোৱাটছএপৰ জৰিয়তে ভাইৰেল হৈ পৰা দেখা গৈছে।
কিন্তু এই দাবী কিমান সত্য?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে এই খবৰটোৰ সবিশেষ আৰু অধিক তথ্য লাভ কৰাৰ বাবে প্ৰাসংগিক কেইটামান কী-ৱৰ্ড চাৰ্ছ কৰি চালোঁ। গুগলত সেইদৰে চাৰ্ছ কৰোঁতে আমি দুটাকৈ বাতৰিৰ লিংক পালোঁ। INDIA TODAY NEএ ১ এপ্ৰিলৰ নিশা ৮বাজি ১২মিনিটত প্ৰকাশ কৰা “Adil Hussain on a Mars mission, gets a boarding pass from NASA” শীৰ্ষক বাতৰিটোত উল্লেখ কৰা হৈছে যে মহাকাশ যাত্ৰা এতিয়া হয়তো সহজ হৈ পৰিব। কাৰণ অসম সন্তান আদিল হুচেইনে মঙল গ্ৰহলৈ যাবলৈ স্বয়ং নাছাৰ পৰা বোৰ্ডিং পাছ লাভ কৰিছে। সেই লেখাটোত আদিল হুচেইনে ১ এপ্ৰিল ২০২৩ৰ সন্ধিয়া ৭ বাজি ০৪ মিনিটত কৰা টুইটৰ কথা উল্লেখ কৰা হৈছে। আদিল হুচেইনে টুইট কৰি নিজৰ অনুৰাগীসকলক জনাইছে যে তেওঁ নাছাৰ পৰা মঙল গ্ৰহলৈ বুলি বোৰ্ডিং পাছ লাভ কৰিছে। তাত তেওঁ উল্লেখ কৰিছে যে ২০২৬চন জুলাইত ফ্ল’ৰিডাৰ কেপ কানাভেৰেলৰ পৰা মঙল গ্ৰহৰ জেজেৰো ক্ৰেটাৰলৈ বুলি হ’বলগীয়া মঙল অভিযানৰ বাবে তেওঁৰ নামত বোৰ্ডিং পাছ প্ৰদান কৰা হৈছে। টুইটটোৰ শেষত তেওঁ উল্লেখ কৰিছে যে কিন্তু তেওঁৰ এই যাত্ৰা “শাৰীৰিক ভ্ৰমণ” নহয়। টুইটটোৰ লগত আদিল হুচেইনে তেওঁৰ বোৰ্ডিং পাছখন সংলগ্ন কৰি দিছে।
আমি আদিল হুচেইনৰ ফেচবুক প্ৰোফাইলতো একেধৰণে পোষ্ট কৰা দেখা পালোঁ।

তাৰ মানে কি?
২০২৬চনত ফ্ল’ৰিডাৰ পৰা মঙললৈ বুলি হ’বলগীয়া নাছাৰ মঙল অভিযানলৈ অসম সন্তানগৰাকীয়ে বোৰ্ডিং পাছো লাভ কৰিছে আৰু তেওঁ হেনো শাৰীৰিকভাৱে এই ভ্ৰমণত অংশও নলয় বা ল’ব নোৱাৰে।
ইয়াৰ অৰ্থ কি?
এই কথাৰ প্ৰকৃত সত্যও সেই লেখাটোতেই দিয়া আছে।প্ৰকৃততে নাছাই “send your name to Mars” শীৰ্ষক এক ব্যৱস্থা পূৰ্বতেও গ্ৰহন কৰিছিল। বিগত সময়ত পাৰ্চেভেৰেন্স ৰ’ভাৰখনে ইলেক্ট্ৰন ৰশ্মিৰ জৰিয়তে প্লেকাৰ্ডত “আঙুলিৰ নখৰ আকাৰৰ চিপ”ত খোদিত কৰা ১০,৯৩২,২৯৫ জন লোকৰ নাম কঢ়িয়াই লৈ গৈছিল। এই পদক্ষেপৰ সফলতাৰ পাছত নাছাই ইয়াৰ পুনৰাবৃত্তি ঘটাই ২০২০ চনৰ মাজভাগত নাছাৰ ভৱিষ্যতৰ মংগল গ্ৰহলৈ যোৱা অভিযানত পৃথিৱীবাসীক নিজৰ নাম অন্তৰ্ভুক্ত কৰোৱাৰ অনুমতি প্ৰদান কৰে যদিও বোৰ্ডিং পাছখনত ২০২৬ চনৰ জুলাইৰ ভ্ৰমণৰ তাৰিখ ধাৰ্য কৰা হৈছে। অৰ্থাত সেই পদক্ষেপৰ অংশ হিচাপেই আগন্তুক মঙল অভিযানত অসম সন্তান, অভিনেতা আদিল হুচেইনৰ নামটোও মাৰ্চ কিউৰিয়চিটী ৰ’ভাৰৰ সেই ‘চিপ’খনত খোদিত হৈ মঙললৈ যাব। INDIA TODAY NEৰ সেই লেখাটো ইয়াতে পঢ়িব পাৰিব।
নাছাই জাৰি কৰা বৰ্ডিং পাছখনত লিখা আছে “BOARDING PASS: FUTURE MARS MISSION”। পাছখনত থকা উৎক্ষেপণৰ স্থানটো ফ্ল’ৰিডাৰ কেপ কানাভেৰেল বায়ুসেনা ষ্টেচন বুলি উল্লেখ কৰা হৈছে আৰু মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত অৱতৰণ স্থান নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰিও পাছটোৱে নিৰ্দিষ্ট ব্যক্তিগৰাকীক ১.১ বিলিয়ন মাইল/ ১.৭ বিলিয়ন কিলোমিটাৰ ‘স্পেচক্ৰাফ্ট মাইল’ ৰিৱাৰ্ড পইণ্ট দিব বুলিও উল্লেখ কৰা হৈছে!
ইতিমধ্যে এই পৰ্যন্ত ২২,৯৯,৯১৭৭ জন লোকে নিজৰ নাম ৰঙা গ্ৰহটোলৈ প্ৰেৰণ কৰিবলৈ পঞ্জীয়ন
কৰিছে।
নাছাৰ এই নাছাই “send your name to Mars” ব্যৱস্থাটো সম্পৰ্কে সবিস্তাৰে উল্লেখ কৰা হৈছে তেওঁলোকৰ ৱেবচাইটত।

সেই মৰ্মে পৃথিৱীৰ যিকোনো মানুহে নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰে। নাছাই কিউৰিয়চিটী ৰোভাৰৰ এই পদক্ষেপ সম্পৰ্কে নিজৰ ৱেবচাইটত সবিস্তাৰে ফটোসহ প্ৰকাশ কৰিছে। কিদৰে লোকসকলৰ নাম কিউৰিয়চিটীৰ সেই চিপত থাকিব, চিপটো কেনেকুৱা আদি সকলো ফটো তাত দিয়া হৈছে। সেই সকলো কথা ফটোসহ ইয়াতে পঢ়ক।
অনুৰূপভাৱে NORTHEAST NOW নামৰ ৱেবচাইটটোৱেও ১ এপ্ৰিল ২০২৩ৰ নিশা ১১বাজি ২৪ মিনিটত Assam: Adil Hussain to visit Mars, gets boarding pass from NASA শীৰ্ষক বাতৰি এটা প্ৰকাশ কৰিছিল। সেই বাতৰিটোতো আদিল হুচেইনৰ টুইটটোৰ উদ্ধৃতি দি ইতিমধ্যে আমি উল্লেখ কৰা তথ্যখিনি প্ৰকাশ কৰিছে। তেওঁলোকৰ সেই বাতৰিটো ইয়াতে পঢ়িবলৈ পাৰিব।
আমি আদিল হুচেইনৰ টুইটটোত বিভিন্নজনে কমেণ্ট কৰা দেখা পালোঁ। তাতে ৰিপ কুমাৰ শইকীয়া নামৰ এজন লোকে নিজৰ পুত্ৰ জয়াদিত্য শইকীয়াৰ নামত লাভ কৰা বোৰ্ডিপাছখন আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হ’ল।

নাছাৰ সেই ব্যৱস্থাৰ জৰিয়তে সেইগৰাকী ব্যক্তিয়েও নিজৰ সন্তানৰ নাম মঙললৈ প্ৰেৰণ কৰিবলৈ লাভ কৰা বোৰ্ডিং পাছখন দেখুৱায়।
এই সকলো তথ্য লাভ কৰাৰ অন্তত আমি স্বয়ং আদিল হুচেইনৰ সৈতে ফোনযোগে যোগাযোগ কৰিলোঁ। তেখেতৰ পৰা এই বিষয়ে জানিব খোজাত তেখেতে উল্লেখ কৰে যে ইংলণ্ডস্থিত তেখেতৰ এগৰাকী বন্ধুৱে তেখেতৰ লগতে, তেখেতৰ পত্নী আৰু পুত্ৰৰ নামো নাছাৰ সেই মঙল অভিযানৰ বাবে পঞ্জীয়ন কৰাই দিছে। এয়া যিকোনো লোকৰ বাবেই সম্ভৱ। তেখেতে কয়, “মই শাৰীৰিভাৱে মঙল গ্ৰহলৈ নাযাওঁ, বা যাব পৰা ব্যৱস্থা হোৱা নাই। এয়া নাছাৰ নাম প্ৰেৰণৰ এক বিশেষ ব্যৱস্থা হে। এই ব্যৱস্থাৰ জৰিয়তে যিকোনো লোকেই নিজৰ নাম পঞ্জীয়ন কৰি মঙললৈ প্ৰেৰণ কৰিব পাৰে। মোৰ এগৰাকী ইংলণ্ডস্থিত বিজ্ঞানী বন্ধু অংগৰাজ দুৱাৰাই মোৰ নামৰ লগতে মোৰ পত্নী আৰু পুত্ৰৰ নামো পঞ্জীয়ন কৰাই দিছে।”
এই সকলো তথ্য তথা স্বয়ং আদিল হুচেইনৰ মন্তব্যত স্পষ্ট যে তেখেত শাৰীৰিকভাৱে মঙল গ্ৰহলৈ যাত্ৰা নকৰে। এয়া সম্ভৱ নহয়। এতিয়াও সম্ভৱ হৈ উঠা নাই। এয়া নাছাৰ তৰফৰ পৰা পৃথিৱীবাসীৰ বাবে এক বিশেষ ব্যৱস্থাহে, যিটো ব্যৱস্থাৰে আপুনিও নিজৰ নাম পঞ্জীয়ন কৰি সেই বোৰ্ডিং পাছখন লাভ কৰি পাৰে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে Ritstime নামৰ অসমৰ সংবাদ প্ৰতিস্থানে দাবী কৰা ধৰণে অসমৰ সন্তান, অভিনেতা আদিল হুচেইনে মঙল গ্ৰহলৈ যাত্ৰা নকৰে। এয়া অসম্ভৱ। নাছাৰ তৰফৰ পৰা পৃথিৱীবাসীৰ বাবে প্ৰৱৰ্তন কৰা এক বিশেষ সুবিধাৰ অংশস্বৰূপে আদিল হুচেইন, তেখেতৰ পত্নী আৰু পুত্ৰৰ নাম পঞ্জীয়ন কৰা হৈছে। সেই অনুসৰি ২০২৬ৰ জুলাইত ধাৰ্য কৰা দিনত মঙল অভিযানত অইন কোটি কোটি মানুহৰ লগতে আদিল হুচেইনৰো নামটোও আঙুলিৰ নখৰ আকাৰৰ চিপ এটাত খোদিত হৈ ইলেকট্ৰন ৰশ্মিৰ প্লেকাৰ্ডৰ জৰিয়তে মঙল গ্ৰহলৈ যাব। গতিকে Ritstimeৰ এই দাবী বিভ্ৰান্তিমূলক।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মঙল গ্ৰহলৈ সঁচাকৈয়ে যাব নেকি অসম সন্তান আদিল হুচেইন?
Fact Check By: Pranjal SharmaResult: Misleading
