এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!

False Political

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, অসমৰ এক বিশেষ ভিডিঅ’ বহিৰাজ্যত ভাইৰেল হৈ পৰিছে ।  

অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ অফিচ লণ্ড ভণ্ড কৰা বুলি এটা ভিডিঅ’ চাকিৰ নামৰ এটা ফেচবুক একাউন্টৰ পৰা যোৱা ১৩ ডিচেম্বৰ, ২০১৯ তাৰিখে পুৱা ৮:১৫ বজাত আপলোড কৰিছিল । ভিডিঅ’টোত কিছু প্ৰতিবাদকাৰীক এটা কোঠাৰ ভিতৰত চকী আৰু আন আঁচ-বাব ভাঙি ধ্বংস কৰা দেখা গৈছে আৰু নানা শ্লোগান দিয়া দেখা গৈছে । 

সঁচাকৈ এইটো অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ কাৰ্য্যলয় লণ্ড-ভণ্ড কৰা ভিডিঅ’ নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি লক্ষ্য কৰিলোঁ যে ভাইৰেল ভিডিঅ’টোত এক নিউজ চেনেলৰ ল’গ’ দেখা গৈছে । গতিকে আমি উক্ত নিউজ চেনেলটোৰ লগত যোগাযোগ কৰিলোঁ আৰু তেওঁলোকে আমাক জনালে যে এইটো আৰএছএছ’ৰ কাৰ্য্যলয় আক্ৰমণ কৰা ভিডিঅ’ নহয় বৰঞ্চ এটা ৰাজনৈতিক দলৰ উজনি অসমৰ এক কাৰ্য্যলয় হয় । 

18.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

ইয়াৰ পাছতেই আমি ভিডিঅ’টোৰ অডিঅ’ ভালদৰে শুনিলোঁ আৰু ভিডিঅ’টোত “এজিপি গ’ বেক” শ্লোগান শুনা পালোঁ । এজিপি মানে অসম গণ পৰিষদ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ সহযোগী দল । বিজেপিৰ লগতে এজিপি বা অগপ’য়েও অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ ৰোষৰ সন্মুখীন হব লগাত পৰিছে । 

আমি কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি উক্ত ভিডিঅ’টোৰ প্রকৃত নিউজ ক্লিপটো বিচাৰিলোঁ । অলপ বিচাৰ খোচাৰ কৰি আমি উক্ত ভিডিঅ’টো নিউজ চেনেলটোৰ ফেচবুক পে’জত বিচাৰি পালোঁ য’ত নিউজটোৰ শিৰোনামা দিয়া হৈছে “ডিব্ৰুগড়ত অগপ কাৰ্য্যলয় ভাঙি লণ্ডভণ্ড কৰিলে CABবিৰোধী প্ৰতিবাদকাৰীয়ে” বুলি । ইয়াৰ পৰা আমি নিশ্চিত হলোঁ যে উক্ত ভিডিঅ’টো আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ নহয় বৰঞ্চ অসমৰ আঞ্চলিক ৰাজনৈতিক দল অগপ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ হয় । 

ইয়াৰ উপৰিয়ো আমি এই বিষয়ে অসমৰ বাতৰি কাকত জনমভূমি’ত প্রকাশ পোৱা আন এটা বাতৰি বিচাৰি পালোঁ য’ত সবিস্তাৰে অসমৰ ডিব্ৰুগড় জিলাত অগপ’ৰ কাৰ্য্যলয় ভঙাৰ বিষয়ে লিখা হৈছে । 

18 janambhumi.png

বাতৰিটো পঢ়ক ইয়াত । 

ফলাফল

উক্ত ভিডিঅ’টো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ নহয় বৰঞ্চ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে অসমৰ আঞ্চলিক ৰাজনৈতিক দল অগপ’ৰ কাৰ্য্যলয় লণ্ডভণ্ড কৰা ভিডিঅ’ হয় । 

Avatar

Title:এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *