২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

False Political

অলপতে এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইট এটা আমাৰ দৃষ্টিগোচৰ হ’ল। টুইটটোত লিখা আছিল এইদৰে “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখনেই দলং আছিল। এই নদীয়ে উত্তৰ-পূৱক দুভাগত বিভক্ত কৰিছে। যদি শত্ৰুৱে সেই একমাত্ৰ দলঙখন কাটি পেলায়, মিলিটেৰীয়ে কি কৰিব? মানুহৰ সমস্যাবোৰ কল্পনা কৰক। আজি তাত ছখন দলং আছে। সপ্তমখন নিৰ্মাণ হৈ আছে। 

লিবাৰেলসকল: ধন্যবাদ নেহৰু।”

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। আমি ২০২২ চনৰ নৱেম্বৰ মাহৰ ১৬ তাৰিখে “প্ৰতিদিন টাইম”ৰ ৱেবছাইটত প্ৰকাশিত “List of Bridges Over Brahmaputra” শীৰ্ষক এটা প্ৰতিবেদন পালোঁ। তাত উল্লেখ থকা অনুসৰি বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ ছখন দলং আছে।

১. শৰাইঘাট দলং

২. নতুন শৰাইঘাট দলং

৩. কলীয়া ভোমোৰা সেতু

৪. নৰনাৰায়ণ সেতু 

৫. বগীবিল দলং

৬. ভূপেন হাজৰিকা সেতু (ঢলা-শদিয়া দলং)

প্ৰতিবেদন অনুসৰি শৰাইঘাট দলং মুকলি কৰা হৈছিল ১৯৬৩ চনত, কলীয়া ভোমোৰা সেতু মুকলি কৰা হৈছিল ১৯৮৭ চনত, নৰনাৰায়ণ সেতু মুকলি কৰা হৈছিল ১৯৯৮ চনত, ভূপেন হাজৰিকা সেতু মুকলি কৰা হৈছিল ২০১৭ চনত আৰু বগীবিল দলং মুকলি কৰা হৈছিল ২০১৮ চনত। গতিকে এই প্ৰতিবেদনৰ পৰা আমি জানিব পাৰোঁ যে ২০১৪ চনৰ আগেয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নহয় বৰং তিনিখন দলং আছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এই সম্পৰ্কে আৰু নিশ্চিত হ’বলৈ আমি পুনৰ বিভিন্ন কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি “The Sentinel” ত ২০২২ চনৰ নৱেম্বৰ মাহৰ ২ তাৰিখে প্ৰকাশ পোৱা এটা প্ৰতিবেদন পালোঁ য’ত লিখা আছিল যে পুৰণি কলীয়া ভোমোৰা সেতুৰ সমান্তৰালকৈ দুটা লেনৰ নতুন দলঙখন সাময়িকভাৱে মুকলি কৰা হ’ব আৰু পুৰণি দলঙখন মেৰামতিৰ বাবে বন্ধ ৰখা হ’ব।  সেই প্ৰতিবেদনতে উল্লেখ কৰা হৈছিল যে পুৰণি কলীয়া ভোমোৰা সেতুখন মুকলি কৰা হৈছিল ১৯৮৭ চনত।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি “Model project on Construction of Naranarayan Setu over river Brahmaputra at Jogighopa” শীৰ্ষক এটা পিডিএফ পালোঁ ইণ্টাৰনেট আৰ্কাইভত। তাত উল্লেখ আছিল যে নৰনাৰায়ণ সেতু ১৯৯৮ চনৰ ১৫ এপ্ৰিলত অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এইবাৰ আমি কীৱ’ৰ্ড চাৰ্চ কৰি ২০১০ চনৰ ১৫ চেপ্তেম্বৰত “The Assam Tribune”ত শৰাইঘাট দলঙৰ ৫০ বছৰ পূৰ্ণ হোৱা বুলি প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ। তাত লিখা আছিল যে ১৯৬৩ চনৰ জুন মাহৰ ৭ তাৰিখে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আনুষ্ঠানিকভাৱে শৰাইঘাট দলং উদ্বোধন কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। 

তদুপৰি আমি “গুৱাহাটী লাইভ” নামৰ এটা ৱেবছাইটত “লিষ্ট অব ব্ৰীজেছ ইন আসাম” শীৰ্ষক এটা প্ৰবন্ধ পালোঁ য’ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা আটাইবোৰ দলঙৰ দৈৰ্ঘ্য, অৱস্থিতি, উদ্বোধন কৰা দিন সম্পৰ্কে লিখা আছিল। 

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নহয় বৰং তিনিখন দলং আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *