ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

False Social

শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে।

আমাৰ হোৱাটচ‌এপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। 

আমি “Ministry of Railways”এ ২০২২ চনৰ জুলাই মাহৰ ৯ তাৰিখে টুইটাৰত পোষ্ট কৰা টুইট এটা পালোঁ। তাত দুখন ফটো সংলগ্ন কৰা হৈছিল আৰু উল্লেখ কৰা হৈছিল যে অসমত হোৱা বানপানীৰ ফলত বিধ্বস্ত ৰে’ল ষ্টেচন পুনৰ্নিৰ্মাণ কৰা হৈছে।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি ANI ৰ ২০২২ চনৰ মে’মাহৰ ১৬ তাৰিখৰ নিউজ ৰিপ’ৰ্ট এটা পালোঁ। তাত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

“The Telegraph”ত ২০২২ চনৰ মে’ মাহৰ ১৯ তাৰিখে প্ৰকাশ পোৱা নিউজ ৰিপ’ৰ্টতো একেখন ফটো দেখা গ’ল। তাত উল্লেখ কৰা হৈছিল যে ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো হ’ল বানপানীত বিধ্বস্ত অসমৰ নিউ হাফলং ৰে’লৱে ষ্টেচন।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এই বিষয়ে আৰু বাতৰি ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে Zee news ত প্ৰকাশ পোৱা ফটো পাকিস্তানত হোৱা বানপানীৰ নহয় বৰং অসমৰ নিউ হাফলং ৰে’লৱে ষ্টেচনৰ হয় আৰু লগতে পুৰণিও।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *