FACT CHECK: চিৰিয়াৰ পুৰণি ভিডিঅ’ এটা শেহতীয়াভাৱে আফগানিস্থানত তালিবানে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

False International

যোৱা দেওবাৰে ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে তালিবানে আফগান ৰাজধানী কাবুলত বলপূৰ্বক প্ৰৱেশ কৰি ৰাষ্ট্ৰপতি আশ্ৰাফ গনিক পলায়ন কৰিবলৈ বাধ্য কৰায়। 

কাবুলৰ এই অৱস্থাৰ পিছত, ছোচিয়েল মিডিয়াত আমনিদায়ক উপাদানৰ পয়োভৰ দেখাপোৱা গৈছে। তেনেকুৱা কিছুমান ভিডিঅক পুৰণি ভিডিঅ বুলি ফেক্ট ক্ৰেছেণ্ডোৱে সত্যতা নিৰূপন কৰি থৈছে। 

তেনেকুৱা এটা ভিডিঅ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যত দেখা গৈছে এগৰাকী বোৰ্খা পিন্ধা মহিলাক ৰাজপথত গুলীয়াই হত্যা কৰা হৈছে আৰু ভিডিঅটোত দিয়া কেপছনত লিখা হৈছে আফগানিস্থানৰ ৰাজপথত মহিলাগৰাকীৰ কোনো পুৰুষ সংগী  নথকাৰ বাবে তেওঁক এনেকৈ হত্যা কৰা হৈছিল।

এই তথ্যৰ সত্যতা নিৰূপনৰ বাবে আমি আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770ত কেইবাটাও অনুৰোধ লাভ কৰিছিলো। Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে এই দাবীটো মিছা। সেই ভিডিঅটো আচলতে ২০১৫চনৰ। এগৰাকী মহিলাক পৰপুৰুষ গমনৰ অভিযোগত ইডলিব চহৰত আল কাইডাৰ চিৰিয়াৰ সংগঠন অল নুছৰতে  হত্যা কৰিছিল । 

সত্যতা নিৰূপন পদ্ধতি

আমি প্ৰথমে ইন ভিড ৱি টুলত ভিডিঅটো কেইটামান কী-ফ্ৰেমত ভাগ কৰি ললো আৰু নেইৰালেণ্ড ফোৰাম নামৰ ৱেবচাইটটোৱে ২০১৫চনৰ ১৮জানুৱাৰীৰ প্ৰকাশ কৰা এটা পেজ লিংক লাভ কৰিলো।  পেজটোত এটা লিংক আছিল যত এটা ৰক্তাক্ত ফটোৰে  থাম্বনেইল দিয়া এটা ভিডিঅ আছিল। তাত কেপছন লিখা হৈছিল, “ জাভাত আল নুছৰাই ব্যভিচাৰৰ অপৰাধত এগৰাকী মহিলাক মুৰত গুলীয়াই হত্যা কৰাৰ ভয়ংকৰ দৃশ্য”।

Screenshot, Nairaland Forum

ইয়াৰ পিছত প্ৰাসংগিক শব্দ কিছুমান লৈ আমি গুগল ছাৰ্চ কৰিলো আৰু একাধিক সংবাদ মাধ্যমৰ বাতৰি লাভ কৰিলো এই ঘটনাটোৰ ওপৰত। ২০১৫চনৰ ১৫জানুৱাৰীত ডেইলী মেইলে প্ৰকাশ কৰিছিল এটা বাতৰি, যিটোৰ শিৰোনাম আছিল “ আইচিচকো আতংকিত কৰি তুলিব পৰা হত্যাকাণ্ডঃ ব্যভিচাৰত লিপ্ত থকাৰ অভিযোগত এগৰাকী মহিলাক ছিৰিয়াত আল কাইডাই কৰিলে গুলীয়াই হত্যা। কিন্তু শত্ৰু ইছলামিষ্টেও কৈছে এনেকৈ এগৰাকী মহিলাক হত্যা কৰা অনুচিত।” Daily Mail

বাতৰিটোৰ মতে দৃশ্যটো ইডলিব চহৰৰ উত্তৰ পশ্চিমত থকা মাৰাত আল নুমানত জাভাত আল নুচৰা যোদ্ধাৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছিল আমি একেধৰণৰ এটা বাতৰি ভাইচ নিউজত ২০১৫চনৰ ১৫ জানুৱাৰীত এই শিৰোনামেৰে প্ৰকাশ কৰা দেখা পালো।

Vice News.

 “ব্যভিচাৰত লিপ্ত থকাৰ অপৰাধত ছিৰিয়াৰ সন্ত্ৰাসবাদীয়ে এগৰাকী মহিলাক ৰাজহুৱাভাৱে হত্যা কৰে।” বাতৰিটোত ভাইৰেল ভিডিঅটোৰ এটা স্ক্ৰিণশ্বট প্ৰকাশ কৰা হৈছিল আৰু উল্লেখ কৰা হৈছিল যে সন্দেহজনক নুচৰা ফ্ৰন্টে মহিলাগৰাকীক নিজৰ সন্তানক সাক্ষাত কৰিবলৈ অনুৰোধ কৰাৰ পিছতো তেওঁ প্ৰত্যাখ্যান কৰাৰ বাবে এইদৰে হত্যা কৰা হৈছিল। 

ফলাফল

ওপৰোক্ত সত্যতা নিৰূপনৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে বোৰ্খা পৰিহিত হত্যাৰ সমুখীন হোৱা মহিলাগৰাকীৰ ভিডিঅ’টো শেহতীয়া নহয়, সেয়া ২০১৫চনৰ জানুৱাৰীৰে। দাবীৰ বিপৰীতে ভিডিঅ’টো আফগানিস্থানৰ নহয়, বৰং ছিৰিয়াৰ হে।

Avatar

Title:চিৰিয়াৰ পুৰণি ভিডিঅ’ এটা শেহতীয়াভাৱে আফগানিস্থানত তালিবানে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *