
বহুকেইটা মৃত চৰাইৰ ফটো বিভিন্ন প্ৰোফাইলৰ পৰা আপলোড কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে, য’ত লিখা হৈছে যে সেই চৰাইসমুহ ৫জি ৰেডিয়েছনৰ বিৰূপ প্ৰভাৱৰ ফলত মৃত্যুমুখত পৰিছে। ফটোত দেখা গৈছে যে এডল মানুহে মাটিত প্ৰানহীন হৈ পৰি থকা কেইটামান চৰাইক পৰ্যবেক্ষন কৰি আছে।

তেনেকুৱা পোষ্ট কেইটামান হ’ল:
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই দাবী মিছা। আহক জানো।
সত্যতা নিৰূপন পদ্ধতি
আমি প্ৰথমে গুগলত ভাইৰেল হোৱা সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু কিছুমান ৫/৭বছৰ পুৰণি লিংক পালো,য’ত চৰাইবোৰে বিভিন্ন অন্য কাৰণত মৃত্যুমুখত পৰা বুলি উল্লেখ আছিল।
২০১৯চনতে এটা ৱেবচাইটৰ লিংক পালো য’ত ফটোখন এই দাবীৰে শ্বেয়াৰ কৰা হৈছে চৰাইবোৰ ভাৰতৰ শেহতীয়া এক ঘূৰ্ণীবতাহত মৃত্যুমুখত পৰিছে। পোষ্টটোত ২০১৯চনত ভাৰতত হোৱা ঘূৰ্ণীবতাহৰ খবৰৰ এটা পেপাৰ কাটিঙো সংলগ্ন কৰা হৈছে।

Original Link- MIO Marburg | Archived Link
আমি ২০১৬চনৰ এটা ব্লগপোষ্ট পালো য’ত উল্লেখ কৰা হৈছে যে ফটোখন বাংলাদেশৰ কুষ্টিয়াত ধুমুহাৰ অন্তত তোলা হৈছিল।

Original Link- Protidin Khobor | Archived Link
আমি ছোচিয়েল মিডিয়াৰ পুৰণি পোষ্ট কিছুমানো পালো য’ত দাবী কৰা হৈছে যে চৰাইবোৰ তামিলনাডুত গ্ৰীষ্মৰ প্ৰকোপত মৃত্যুমুখত পৰিছে। Original Link- Facebook | Archived Link
ইয়াৰ পিছত,আমি দুটা ফেক্টচেক পালো। এটা তেলেগুত,যিটোৰ তাৰিখটো উল্লেখ নাই আৰু আনটো ইংৰাজীত,যিটো ২০১৬চনত প্ৰকাশ হৈছিল। য’ত উল্লেখ কৰা হৈছে এই ফটোখন তেতিয়া ভাইৰেল হৈ পৰিছিল এই দাবীৰে যে চৰাইসমুহ মহাৰাষ্ট্ৰৰ লাটুৰত গ্ৰীষ্মৰ প্ৰকোপত মৰিছে। এই ফেক্টচেকত উল্লেখ কৰা হৈছে যে এই ফটোখন সাত বছৰ আগতে অৰ্থাৎ ২০০৯ত বিহাৰত তোলা হৈছিল,যেতিয়া তাত উচ্চমাত্ৰাত পেষ্টিচাইড থকা বীজ ভক্ষণৰ ফলত চৰাইবোৰৰ মৃত্যু ঘটিছিল।
ইয়াৰ পিছত আমি ৫জিৰ কোনো ক্ষতিকাৰক প্ৰভাৱ চৰাইৰ ওপৰত পৰে নেকি,সেই সম্পৰ্কত কোনো লিখা মেলা পাওঁ নেকি তাকে ইন্টাৰনেটত চালো। আমি এটা লেখা পালো, য’ত উল্লেখ কৰা হৈছে যে ই চৰাইক ক্ষতি নকৰে। ” গৱেষকসকলে অনুমান কৰিছিল যে চেল ফ্ৰিকুৱেন্সীয়ে পৰিভ্ৰমী চৰাইক ক্ষতি কৰিব পাৰে কিন্তু ই নেতিবাচক। ই সিমান ক্ষতিকাৰক নহয়। এতিয়ালৈ ৫জিয়ে চৰাইৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলোৱা কোনো কথা পোৱা হোৱা নাই।” এছডিএক্স চেন্ট্ৰেল নামৰ এটা ৱেবচাইটত লিখা হৈছে।

Original Link – Sdx Central
ফলাফল
ভাইৰেল হোৱা ফটো 5Gৰ ক্ষতিকাৰক ৰেডিয়েছনত মৃত্যু ঘটা চৰাইৰ নহয়। ফটোখন বিহাৰত ২০০৯চনত ক্ষতিকাৰণ বীজ ভক্ষণৰ ফলত মৃত্যু ঘটা বহুসংখ্যক চৰাইৰ হে

Title:এই চৰাইবোৰ 5G ৰেডিয়েছনৰ ফলত মৃত্যুমুখত পৰা নাই!
Fact Check By: Manjori BorkotokyResult: False