
অসম তথা আন আন প্ৰান্তত শ্ৰীৱিজয়া বিমান দুৰ্ঘটনা সম্পৰ্কত বহুটো পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শনিবাৰে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা উৰণৰ কেইমুহুৰ্তমান পিছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত ৬২গৰাকী লোকৰ প্ৰানহানি হয়। পোষ্টসমুহত ভুক্তভোগী তথা আন ক্ষয়ক্ষতিৰ ফটো সংলগ্ন কৰা হৈছে।

Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো আছামিছে এই সম্পৰ্কত এক সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰে আৰু তথ্য লাভ কৰে যে শেহতীয় দুৰ্ঘটনাটোৰ ফটোৰ সৈতে পুৰণি কিছুমান ফটোও শ্বেয়াৰ কৰি থকা হৈছে।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চৰ সহায়ত ফটোকেইখন পৰীক্ষা কৰিলো আৰু আমি তথ্য লাভ কৰিলো যে সেয়া ২০১৮চনৰ অক্টোবৰত ইণ্ডোনেছিয়াত হোৱা লায়ন বিমান দুৰ্ঘটনাৰ ফটো । সেই দুৰ্ঘটনাটোৰ পিছত বিভিন্ন বাতৰি প্ৰকাশ কৰা হৈছিল আৰু তাত সেই ফটো লগোৱা হৈছিল।
সেই বাতৰিসমুহৰ লিংক এয়া :
Original Link- BBC Travel | Archived Link
Original Link- India.com | Archived Link
Original Link- The New York Times | Archived Link

Screenshot New York Times Article
ইয়াৰ পিছত আমি এজন উদ্ধাৰকৰ্মীয়ে এটা গুলপীয়া ৰঙৰ এটা হুদী ধৰি থকা এখন ফটো ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱাত পালো যে সেইটো শেহতীয়া দুৰ্ঘটনাৰ বতৰিত সংলগ্ন ফটো। প্ৰকৃততে উজ্বল গুলপীয়া হুদীটোৱে উদ্ধাৰকাৰী দলটোক দুৰ্ঘটনাস্থলীটো চিনাক্ত কৰাত সহায় কৰিছিল বুলিও বাতৰিত উল্লেখ কৰা হৈছিল। পোষ্টবোৰত আনকি গুলপীয়া হুদী পিন্ধা এগৰাকী কন্যা শিশুৰ ফটোও দেখা গৈছে যিটো ফটো তেওঁ বিমানত উঠাৰ কেইটামান মুহুৰ্ত পূৰ্বে তোলা হৈছিল।.
Original Link- The Smart Local | Archived Link
Original Link- Twitter | Archived Link
ফলাফল
শেহতীয়া পোষ্টবোৰত শ্বেয়াৰ কৰা ফটোবোৰ আচলতে শেহতীয়াভাৱে ইণ্ডোনেছিয়াত হোৱা বিমান দুৰ্ঘটনা আৰু ২০১৮চনত হোৱা এক দুৰ্ঘটনাৰ সংমিশ্ৰিত ফটোহে। পুৰণি ফটোবোৰ নতুন ফটোৰ লগত প্ৰচাৰ কৰা হৈছে যিটোৱে ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক বিভ্ৰান্ত কৰিব পাৰে।

Title:ইণ্ডোনেছিয়াৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ ফটোৰ সৈতে অনুৰূপ পুৰণি ফটো ভূলকৈ প্ৰচাৰ কৰা হৈছে
Fact Check By: Manjori BorkotokyResult: False