

শেহতীয়াকৈ এক বিশেষ বাতৰি বা বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বাৰ্তা অনুসৰি এইবাৰ ইউজিচি নেট পৰীক্ষাত ভুল উত্তৰ দিয়াৰ বাবে নম্বৰ হ্ৰাস কৰা হব । হিন্দী পেপাৰৰ এক কাটিং যেন লগা ফটোখন হোৱাটচ এপ্পৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে । ইউজিচি নেটত এইবাৰ নিগেটিভ মার্কিং থাকিব বুলি উক্ত ফটোখন হোৱাটচ এপ্পত বহুল ভাৱে শ্বেয়াৰ হৈছে ।

সঁচাকৈ এইবাৰ ইউজিচি নেট পৰীক্ষাত নিগেটিভ মার্কিং থাকিব নেকি? সত্য কি? জানো আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে এই বিষয়ে এনডিটিভিয়ে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ কৰিছে য’ত স্পষ্ট কৰা হৈছে যে এইবাৰ ইউজিচি নেট পৰীক্ষাত কোনো নিগেটিভ মার্কিং নাথাকে ।

ইয়াৰ পাছত আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু ‘পিআইবি ফেক্টচেক‘ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰা দেখিলোঁ য’ত স্পষ্ট কৰা হৈছে যে ২০২০ৰ ইউজিচি নেট পৰীক্ষাত কোনো নিগেটিভ মার্কিং নাথাকে আৰু নিগেটিভ মার্কিং থাকিব বুলি প্ৰচাৰ হোৱা বাৰ্তা বা বাতৰিবোৰ ভুৱা হয় ।

ফলাফল
এইবাৰ ইউজিচি নেট পৰীক্ষাত কোনো নিগেটিভ মার্কিং নাথাকে আৰু নিগেটিভ মার্কিং থাকিব বুলি প্ৰচাৰ হোৱা বাৰ্তা বা বাতৰিবোৰ ভুৱা হয় ।

Title:FACT CHECK: এইবাৰ ইউজিচি নেট পৰীক্ষাত নিগেটিভ মার্কিং থাকিব নেকি?
Fact Check By: Manjori BorkotokyResult: False