
শেহতীয়াকৈ মহাকাশচাৰী সুনীতা উইলিয়ামছ দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোছ জনতা পাৰ্টিৰ বৰ্তমান চলি থকা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈছে বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এটা ২০২৬ চনৰ ২৩ জানুৱাৰীৰ এটা ফেচবুক পোষ্টত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।

পোষ্টটোত Calicut, KLF ইত্যাদি হেশ্বটেগ ব্যৱহাৰ কৰা হৈছিল।
তদুপৰি ভাইৰেল ভিডিঅ’টোত সুনীতা উইলিয়ামছে ডিঙিত আঁৰি লোৱা পৰিচয় পত্ৰত আমি “KLF” বুলি লিখা থকা লক্ষ্য কৰিলোঁ।

ইয়াকে সমল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। আমি জানিব পাৰিলোঁ যে “KLF”ৰ সম্পূৰ্ণ ৰূপ হৈছে “Kerala Literature Festival”।
আমি “দ্য হিন্দু”ৰ অফিচিয়েল ইউটিউব চেনেলত ২০২৬ চনৰ ২২ জানুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি মহাকাশচাৰী সুনীতা উইলিয়ামছ কেৰেলা লিটাৰেচাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ২০২৬ জানুৱাৰী মাহৰ ২২ তাৰিখে কোৰিকোড (Kozhikode)ত উপস্থিত হৈছিল।
আন প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ক’কৰোছ জনতা পাৰ্টিৰ বৰ্তমান চলি থকা প্ৰতিবাদৰ সৈতে সম্পৰ্কিত নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। সুনীতা উইলিয়ামছ ক’কৰোছ জনতা পাৰ্টিৰ বৰ্তমান চলি থকা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যন্তৰ মন্তৰত উপস্থিত হোৱা নাই। ভাইৰেল ভিডিঅ’টো ২০২৬ চনৰ জানুৱাৰী মাহত কেৰালাত অনুষ্ঠিত “কেৰেলা লিটাৰেচাৰ ফেষ্টিভেল”ৰ সময়ৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


