
ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ মৃত্যু হোৱা বুলি বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই পটভূমিত গুলপীয়া ৰঙৰ চাৰ্ট পৰিহিতা এগৰাকী কম বয়সীয়া ছোৱালীৰ ফটোত মালা আঁৰি দিয়া এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ ফটো।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ। সেই পোষ্টটোত একেখন ফটোৰেই পূৰ্ণাংগ ৰূপ আপলোড কৰা হৈছিল। ফটোখনৰ তলৰফালে হিন্দী ভাষাত লিখা আছে, “স্বৰ্গীয় কুমাৰী অংশু বাঘেল, পূণ্যতিথি: ২৪.০৫.২০২৬”।

কিন্তু শ্ৰী গংগানগৰৰ ঘটনাটো সংঘটিত হৈছিল জুন মাহৰ ১৮ ৰ পৰা ২৩ তাৰিখৰ সময়খিনিত। গতিকে ফটোখনত থকা মৃত ছোৱালীজনী শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকী নহয় বুলি আমি নিশ্চিত হ’লোঁ।
এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া গংগানগৰ পুলিচৰ অফিচিয়েল এক্স হেণ্ডলত কৰা এটা টুইট পালোঁ। পুলিচৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকী কুশলে তেওঁৰ পৰিয়ালৰ সৈতে আছে। তেওঁৰ মৃত্যু হোৱা বুলি উৰাবাতৰি নিবিয়পাবলৈ গংগানগৰ পুলিচৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।
এই সম্পৰ্কে গংগানগৰ পুলিচৰ অফিচিয়েল এক্স হেণ্ডলত কৰা আন এটা টুইট তলত চাব পাৰিব।
ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি নাবালিকাগৰাকীৰ নহয় আৰু নাবালিকাগৰাকী কুশলে আছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ফটোখনত থকা ছোৱালীজনী ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকী নহয়। তদুপৰি পীড়িতাগৰাকীৰ মৃত্যু হোৱা নাই। তেওঁ নিজৰ পৰিয়ালৰ সৈতে কুশলে আছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


