
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি সেয়া পশ্চিম বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অবৈধ বাংলাদেশীক শীঘ্ৰেই ৰাজ্যখন এৰি যাবলৈ সকিয়নী দিয়াৰ পাছত ৰাজ্যখনত থকা লাখ লাখ বাংলাদেশীয়ে এইদৰে পলায়ন কৰিবলৈ যোৱা দৃশ্য বুলি দাবী কৰা হৈছে- লিখিছে- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সকীয়নী দিয়াৰ পাছতেই বাংলাদেশী এনেদৰে ভাগিবলৈ আৰম্ভ কৰিছে ।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এক্সত যোৱা ২৬ মে’ ২০২৬ত Hooghly Ijtema 2026, West Bengal বুলি লিখি এই ভিডিঅ’টো পোষ্ট কৰা দেখিলোঁ।

ইয়াৰে আঁত ধৰি আমি আৰু অধিক সন্ধান কৰিলোঁ। তেতিয়া আমি ইনষ্টাগ্ৰামত যোৱা ৫ জানুৱাৰী ২০২৬ত ali_bhai_jaan_18 নামৰ হেণ্ডেলটোত Puinan Istema বুলি কেপছন লিখি এই একেটা ভিডিঅ’ আপলোড কৰা আমি দেখিলোঁ। ভিডিঅ’টোত Text Overlay কৰি লিখা হৈছে Hooghly Bishwa Istema 2026. Highway Block 15 Km । আমি সেই ব্যৱহাৰকাৰীগৰাকীৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়াতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক জনায় সেই দৃশ্য তেওঁ সংগ্ৰহ কৰি কৰিছিল। সেয়া হুগলী বিশ্ব ইষ্টেমাৰ দৃশ্য।

আমি সেই ঠাইখিনিৰ Geolocation কৰি চালোঁ। তেতিয়া আমি যিখিনি ঠাইত সেই ভিৰটোৰ দৃশ্যগ্ৰহণ কৰা হৈছিল, সেইখিনি ঠাইৰ গুগল মেপত সন্ধান লাভ কৰিলোঁ।

তদুপৰি আমি সংবাদ প্ৰতিষ্ঠান CBV News ফেচবুকতো সেই ইষ্টেমাৰ বাতৰি লাভ কৰিলোঁ। তদুপৰি সংবাদ প্ৰতিষ্ঠান News18 আৰু The Statesman তো সেই ইষ্টেমাৰ বাতৰি লাভ কৰিলোঁ।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এয়া আচলতে ২০২৬ৰ জানুবাৰী মাহত বংগৰ হুগলীত হোৱা বিশ্ব ইষ্টেমাত অংশ লোৱা লক্ষ লক্ষ ইছলামধৰ্মী লোকে ৰাষ্ট্ৰীয় ঘইপথত ভিৰ কৰা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


