
শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত এটা দাবী উত্থাপন কৰি পোষ্ট কৰা হৈছে যে অসমৰ ঐতিহাসিক, প্ৰসিদ্ধ ইৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’খন আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হৈছে।


একেই দাবীৰে অন্য পোষ্ট ইয়াতো চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই দাবীটো পৰীক্ষা কৰিবলৈ গুগলত বিভিন্ন প্ৰাসংগিক কী-ৱৰ্ড দি সেই তথ্য বিচাৰি চালোঁ । কিন্তু এই দাবী নিশ্চিত কৰিব পৰা কোনো সংবাদ মাধ্যমৰ প্ৰামাণিক বা বিশ্বাসযোগ্য প্ৰতিবেদন পোৱা নাছিলোঁ।
কিন্তু আমি ফেচবুকত অসমৰ প্ৰসিদ্ধ সাংবাদিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক মনোজ কুমাৰ গোস্বামীৰ এটা পোষ্ট পালোঁ। তাত তেখেতে এই দাবী সত্য নহয় বুলি উল্লেখ কৰিছে।

ইয়াৰ পাছত আমি এই প্ৰতিবেদন লিখি থকা দিনটোৰ অৰ্থাত আজিৰ (২৬/০৫/২০২৬)ৰ দ্য আছাম ট্ৰিবিউনখনৰ প্ৰথম পৃষ্ঠাটো পালোঁ। তাত তেওঁলোকে উল্লেখ কৰিছে যে অসমৰ শতিকা পুৰণি বাতৰি কাকতখন বিক্ৰী কৰি দিয়া হোৱা নাই। তাত ইয়াকো উল্লেখ কৰা হৈছে যে যিয়ে এইধৰণ মিছা খবৰ বিয়পাইছে, তেওঁলোকৰ বিৰুদ্ধে আইনী কাৰ্যকলাপ কৰা হ’ব।

আমি দ্য আছাম ট্ৰিবিউনৰ অফিচিয়েল ফেচবুক পেজতো এই কথা উল্লেখ কৰি পোষ্ট দিয়া দেখিলোঁ। সেই পোষ্টটোত এই খবৰ বিয়পাই দিয়া একাধিক ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট আপলোড কৰা আমি দেখিলোঁ। তাত আমি সত্যতা নিৰূপণ কৰি থকা পোষ্টৰো উল্লেখ আছে।

তদুপৰি দ্য আছাম ট্ৰিবিউনৰ এক্স হেণ্ডেলটোতো আমি বাতৰি কাকতখন বিক্ৰী কৰি কৰা হোৱা নাই বুলি উল্লেখ কৰি টুইট কৰা আমি দেখিলোঁ।

এই ফেচবুক পোষ্ট আৰু টুইট ২৫/০৫/২০২৬ত কৰা হৈছিল।
ইয়াৰ পৰাই প্ৰমাণ হয় যে অসমৰ ৮৮ বছৰ পুৰণি প্ৰসিদ্ধ ইংৰাজী দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউন আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া বুলি কৰা দাবীটো মিছা। কাকতখন বিক্ৰী কৰা হোৱা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


