
শেহতীয়াকৈ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে দুগৰাকী ব্যক্তিক আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰা বুলি দাবী কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া canning news নামৰ এটা ফেচবুক পেজত ২০২৩ চনৰ ৯ জুলাইত এই ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ আপলোড হোৱা দেখিলোঁ।

বাংলা ভাষাৰ কেপশ্বন অনুসৰি সেয়া ভোটগ্ৰহণৰ দিনা কানিঙৰ বাসন্তী চহৰৰ ঘটনা।
২০২৩ চনত পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি News 18 Bangla ইউটিউব চেনেলত ২০২৩ চনৰ ৮ জুলাইৰ এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল দৃশ্যাংশ আমি দেখিবলৈ পালোঁ। প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত বাসন্তী অঞ্চলৰ দৃশ্য সেয়া।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ২০২৬ চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয় বৰং ২০২৩ চনৰ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


