অসম চৰকাৰে বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই বাবে ৰাইজৰ দান বৰঙণি বিচৰা নাই!

False Political
flood 1.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যখনত বানত ৮৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২৬খন জিলাৰ ২৭ লাখ মানুহে দুৰ্ভোগ ভুগিব লগীয়া হৈছে । এনে সময়তে এখন বিশেষ ফটো সম্বলিত কিছু ফেচবুক পোষ্ট অসমত আপলোড আৰু শ্বেয়াৰ হোৱা দেখা গ’ল । উক্ত ফটো/পোষ্টাৰ বা ফেচবুক পোষ্টবোৰত দাবী কৰা হৈছে যে অসম চৰকাৰৰ হাতত বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই আৰু সেইবাবে ৰাইজৰ পৰা দান-বৰঙনি বিচাৰিছে । ভাইৰেল ফটোখনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন ছবি দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক একাউন্টৰ সমূহ তথ্য দিয়া আছে । ফটোখনত লগতে, ‘টকা নাই’ আৰু ‘বানাক্ৰান্তক সাহায্য দিব লাগিব ৰাইজেই’ বুলি লিখা আছে । ফটোখনৰ ওপৰত ‘জনতাৰ চৰকাৰ’ আৰু ‘মাই গৰ্ভমেণ্ট’ বুলি চৰকাৰী পোষ্টাৰ বোৰত যি লিখা থাকে, সেইয়া লিখা আছে । 

লাচিত ৰাজবংশী নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ১৯ জুলাই, ২০২০ তাৰিখে এই সম্বন্ধে এক ফেচবুক পোষ্ট আপলোড কৰা দেখা গ’ল । তেওঁ উক্ত ভাইৰেল ফটোখন আপলোড কৰি লগতে লিখিছে, “খা বাপ্পেকে …চৰকাৰৰ হাতত টকা নাই বানাক্ৰান্তক সাহায্য দিব লাগিব ৰাইজেই  …যিয়ে যিমান পাৰে দান দিয়ক, পাৰিলে মোকো অলপ দিয়ক  !” 

এনে ধৰণৰ আন ফেচবুক পোষ্টও দেখা গৈছে ।

flood 2.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

সঁচাকৈ বানাক্ৰান্তক সাহায্য দিবলৈ অসম চৰকাৰৰ হাতত টকা নাই বাবে চৰকাৰে ৰাইজৰ দান বৰঙণি বিচাৰিছে নেকি? উক্ত ভাইৰেল ফটো বা পোষ্টাৰখন কিমানদূৰ সত্য? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি ফেচবুক আৰু টুইটাৰত এই সম্পৰ্কে অসম চৰকাৰৰ অফিচিয়েল একাউন্ট বা হেণ্ডেলৰ বা কোনো স্পষ্টীকৰণ দিয়া হৈছে নেকি, সেইয়া বিচাৰিলোঁ । আমি দেখিলোঁ যে ফেচবুকত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয় বিভাগৰ পৰা এই বিষয়ে ইতিমধ্যে এক স্পষ্টীকৰণ দিয়া হৈছে । তেওঁলোকে উক্ত ভাইৰেল ফটো/পোষ্টাৰখন ভুৱা বুলি স্পষ্ট কৰিছে । 

flood 3.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

এই বিষয়ে আমি টুইটাৰত পিআইবি অসমৰ অফিচিয়েল হেণ্ডেলৰ পৰাও অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয় বিভাগৰ এই বিষয়ে কৰা এক টুইট ৰিটুইট কৰা দেখা গৈছে । টুইটটোত ভাইৰেল ফটো/পোষ্টাৰখন ভুৱা বুলি স্পষ্ট কৰা হৈছে । 

flood 4.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

ফলাফল

উক্ত ভাইৰেল ফটো/পোষ্টাৰখন ভুৱা । অসম চৰকাৰে বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই বাবে ৰাইজৰ দান বৰঙণি বিচৰা নাই । এই ভুৱা পোষ্টাৰখন ভাইৰেল কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:অসম চৰকাৰে বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই বাবে ৰাইজৰ দান বৰঙণি বিচৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *