
যোৱা ২৩ নৱেম্বৰত ইথিওপিয়াত ১২০০০ বছৰৰ পাছত হেইলি গুব্বি (Hayli Gubbi) নামৰ এক আগ্নেয়গিৰিৰ উদ্গিৰণ হয়। ইয়াৰ পাছতে এই আগ্নেয়গিৰি উদ্গিৰণৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ভিডিঅ’টোত হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ বাতৰি পৰিৱেশন কৰা হৈছিল। এই বাতৰিত হেইলি গুব্বি আগ্নেয়গিৰিৰ দৃশ্য বুলি দুটা দৃশ্যাংশ ব্যৱহাৰ কৰা হৈছে। এটা দৃশ্যাংশত আগ্নেয়গিৰিৰ লাভা নিৰ্গত হোৱা দেখা গৈছে। আমি প্ৰথমে এই দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ।

তেতিয়া আমি ২০২৫ চনৰ ১৯ অক্টোবৰত “এছিয়ানেট নিউজ” (Asianet News) ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত সংলগ্ন ফটোখন ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশৰ সৈতে একেই।

প্ৰতিবেদন অনুসৰি সেয়া হাৱাইৰ “কিলোৱেয়া” (Kilauea) নামৰ আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য। প্ৰতিবেদন অনুসৰি হাৱাইৰ এই আগ্নেয়গিৰিটোৰ ২০২৪ চনৰ ডিচেম্বৰ মাহৰ পৰা সেই প্ৰতিবেদন লিখা সময়লৈকে ৩৫ বাৰ উদ্গিৰণ হৈছে।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
বিবিচিৰ ৱেবছাইটতো একেটা ভিডিঅ’ সংলগ্ন এক প্ৰতিবেদন আমি পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেয়া হাৱাইৰ কিলোৱেয়া আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য।

ভাইৰেল ভিডিঅ’টোৰ দ্বিতীয় দৃশ্যাংশত বৃহৎ পৰিমাণৰ ধোঁৱা আকাশলৈ কুণ্ডলী পকাই উৰি যোৱা দেখা গৈছে।

এই ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া শেহতীয়াকৈ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ ফলত সৃষ্টি হোৱা ধোঁৱাৰ দৃশ্য।
গতিকে ভাইৰেল ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশ য’ত আগ্নেয়গিৰিৰ লাভা নিৰ্গত হোৱা দেখা গৈছে, সেয়া হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য নহয় বুলি আমি নিশ্চিত হ’লোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো আংশিকভাৱে মিছা। ভাইৰেল ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশ য’ত আগ্নেয়গিৰিৰ লাভা নিৰ্গত হোৱা দেখা গৈছে, সেয়া হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য নহয় বৰং হাৱাইৰ কিলোৱেয়া আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:হাৱাইৰ কিলোৱেয়া আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য শেহতীয়াকৈ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult:Partly False


