
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে চোনি টিভিৰ বিখ্যাত অনুষ্ঠান কৌন বনেগা কৰোড়পতিৰ এটা খণ্ডত অংশগ্ৰহণকাৰীক অনুষ্ঠানটোৰ আঁত ধৰোতা অমিতাভ বচ্চনে ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰি চাৰিটা সাম্ভাব্য উত্তৰৰ সুবিধা দিছিল আৰু অংশগ্ৰহণকাৰীয়ে শুদ্ধ উত্তৰ হিচাপে অপছন (বি)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি পুৰষ্কাৰ লাভ কৰিছিল।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সন্ধান কৰি চালোঁ যে ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি কোনোধৰণৰ আনুষ্ঠানিক নথি অথবা তথ্য আছে নেকি। আমাৰ সন্ধানত তেনেকুৱা কোনো তথ্য লাভ কৰা নহ’ল। আমি লাভ কৰা তথ্য মতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েহে নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীক দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি বিভিন্ন সময়ত অভিহিত কৰাৰ বাহিৰে অন্য কোনো স্বীকৃত অনুষ্ঠানিক তথ্য এই সন্দৰ্ভত নাই।
ইয়াৰ পাছত আমি ভাইৰেল ভিডিঅ’টোত চোনি টিভিৰ অনুষ্ঠান কৌন বনেগা কৰোড়পতিৰ যিটো খণ্ডৰ দৃশ্য দেখুওৱা হৈছে, সেই খণ্ডটোৰ সন্ধান কৰিলোঁ। অনুষ্ঠানটোৰ সেই দৃশ্যৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি কৌন বনেগা কৰোড়পতিৰ আনুষ্ঠানিক ইউটিউৱ চেনেলত (KBC India) দুবছৰ পূৰ্বৰ অৰ্থাৎ ২০২৩ চনৰ কৌন বনেগা কৰোড়পতিৰ ১৫সংখ্যক সংস্কৰণৰ ১৯ সংখ্যক সেই খণ্ডটোৰ সন্ধান আমি পালোঁ। ভাইৰেল ভিডিঅ’টোত দেখা গৈছিল যে অনুষ্ঠানটোৰ আঁত ধৰোতা অমিতাভ বচ্চনে অংশগ্ৰহণকাৰী অৰ্চনা উপাধ্যায়ক ২০হেজাৰ টকা পুৰষ্কাৰৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰথম প্ৰশ্ন হিচাপে সুধিছিল যে দেশৰ আটাইতকৈ ভ্ৰাষ্টাচাৰী মুখ্যমন্ত্ৰী কোন। তাত চাৰিটা সাম্ভাব্য উত্তৰ দিয়া হৈছিল আৰু তাৰে এটা উত্তৰ হিচাপে অংশগ্ৰহণকাৰী অৰ্চনাই অপছন (বি) হিমন্ত বিশ্ব শৰ্মা বুলি কৈছিল। সেয়া শুদ্ধ উত্তৰ বুলি উল্লেখ কৰিছিল অমিতাভ বচ্চনে। কিন্তু আমি লাভ কৰা ১৯ সংখ্যক সেই খণ্ডটোত দ্বিতীয় পৰ্যায়ৰ সেই প্ৰশ্নটোৰ সন্ধান কৰিলোঁ। তেতিয়া দেখিলোঁ যে প্ৰকৃততে দ্বিতীয় পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো আছিল “যকৃতৰ সংক্ৰমণৰ কাৰণে এনেকুৱা কি ৰোগ হয় যাৰ এ, বি আৰু চি প্ৰকাৰ থাকে” আৰু অৰ্চনাই শুদ্ধ উত্তৰ দিছিল অপছন (বি) হেপাটাইটিছ বুলি। এইখিনি আপোনালোকে দেখা পাব আমি তলত সংলগ্ন কৰা ১ ঘণ্টা ১ মিনিট ২০ চেকেণ্ড দৈৰ্ঘ্যৰ সেই মূল খণ্ডটোৰ ৭ মিনিট ১৩চেকেণ্ডৰ পৰা ৮ মিনিট ১৩ চেকেণ্ডৰ ভিতৰত ।

কেৱল ইমানেই নহয়। সেই গোটেই খণ্ডটো আমি চালোঁ। দেখিলোঁ যে অংশগ্ৰহণকাৰী অৰ্চনাই ১২নম্বৰ প্ৰশ্নলৈকে অংশগ্ৰহণ কৰি শেষত ১২লাখ ৫০ হেজাৰ টকা জয়লাভ কৰি অনুষ্ঠান ত্যাগ কৰিছিল। অৰ্চনাই সমুখিন হোৱা শেষৰটো প্ৰশ্ন আছিল ২৫লাখ টকা পুৰষ্কাৰৰ বাবে। প্ৰশ্নটো আছিল ১৯৫৬ চনত কোনখন ৰাজ্যত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ বাবে তদানীন্তন ৰেলমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে পদত্যাগ কৰিছিল? খণ্ডটোৰ ৩৭ মিনিটত হটচিট ত্যাগ কৰিছিল অৰ্চনাই। তেওঁ অংশগ্ৰহণ কৰা সময়চোৱাত কোনো এটা প্ৰশ্নতেই দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন বুলি কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰা আমি নেদেখিলোঁ।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টো সম্পাদিত। প্ৰকৃততে কৌন বনেগা কৰোড়পতিৰ ১৫সংখ্যক সংস্কৰণত ২০২৩ চনৰ ১৯ সংখ্যক সেই খণ্ডটোত আচলতে এই প্ৰশ্নটো সোধাই হোৱা নাছিল। দাবীটো অসত্য।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো অসত্য। প্ৰকৃততে কৌন বনেগা কৰোড়পতিৰ ২০২৩ চনৰ ১৯ সংখ্যক সেই খণ্ডটোত আচলতে এই প্ৰশ্নটো সোধাই হোৱা নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:কৌন বনেগা কৰোড়পতিত হিমন্ত বিশ্ব শৰ্মাক দেশৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী আখ্যা দিয়া বুলি কৰা দাবীটো অসত্য।
Fact Check By: Pranjal SharmaResult: Altered


