
যোৱা ১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ “জুবিন ক্ষেত্ৰত” শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে বোকাত লুতুৰি-পুতুৰি হৈ নাম পৰিবেশন কৰিছে। দাবী কৰা হৈছে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই “জুবিন ক্ষেত্ৰ”ত এই নাম পৰিবেশন কৰা হৈছিল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰত এই ভিডিঅ’টো এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল যে সেয়া জন্মাষ্টমী উপলক্ষে ৰজাপুখুৰীত অনুষ্ঠিত এক অনুষ্ঠানৰ দৃশ্য।
জুবিন গাৰ্গৰ মৃত্যু হৈছিল ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত। যিহেতু ভিডিঅ’টো ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰত আপলোড কৰা হৈছিল, গতিকে সেয়া জুবিন গাৰ্গৰ মৃত্যুৰ আগৰেই অনুষ্ঠান বুলি আমি নিশ্চিত হ’লোঁ।
ইউটিউব চেনেলটোত উপলব্ধ তথ্যৰ সহায় লৈ আমি এই চেনেলটোৰ গৰাকীৰ ফেচবুক প্ৰ’ফাইলতো এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।

অধিক জানিবলৈ আমি এই ফেচবুক ব্যৱহাৰকাৰীগৰাকীৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আমাক জনায় যে সেয়া দক্ষিণ কামৰূপৰ ৰজাবাৰীত এই বছৰৰ জন্মাষ্টমী উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ দৃশ্য। বহু বছৰৰ পৰা এই অনুষ্ঠান চলি আহিছে। ভাইৰেল ভিডিঅ’টো তেৱেঁই ৰেকৰ্ড কৰিছিল।
উল্লেখযোগ্য যে অসমত এই বছৰ জন্মাষ্টমী পালন কৰা হৈছিল যোৱা ১৪ ছেপ্টেম্বৰত।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো জুবিন গাৰ্গৰ মৃত্যুৰ আগৰেই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টো জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সোণাপুৰৰ “জুবিন ক্ষেত্ৰ”ত অনুষ্ঠিত অনুষ্ঠানৰ নহয়। এই ভিডিঅ’টো দক্ষিণ কামৰূপৰ ৰজাবাৰীত জন্মাষ্টমী উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “জুবিন ক্ষেত্ৰ”ত অনুষ্ঠিত অনুষ্ঠানৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False


